ETV Bharat / entertainment

Fukrey 3 OTT Release: অ’টিটি প্লেটফৰ্মত মুক্তি Fukrey 3, জানক কোনটো প্লেটফৰ্মত উপলব্ধ হৈছে

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:55 PM IST

Fukrey 3 out on OTT Now, know details
অ’টিটি প্লেটফৰ্মত মুক্তি Fukrey 3

ছবিগৃহত ঢৌৰ সৃষ্টি কৰাৰ পিচত এতিয়া OTT প্লেটফৰ্মত ঢৌ তুলিবলৈ সাজু হৈছে Fukrey 3 য়ে । দীপাৱলী উপলক্ষে ‘ফুক্ৰে ৩’ অ’টিটিত ষ্ট্ৰীমিং কৰা হৈছে । জানি লওক কোনটো OTT প্লেটফৰ্মত চাব পাৰিব ৷

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: চলিত বৰ্ষৰ 28 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাইছিল ‘Fukrey 3’ । ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছিল যথেষ্ট ইতিবাচক সঁহাৰি । যিসকলে ছবিখন চাবলৈ ছবিগৃহলৈ যাব নোৱাৰিলে, এতিয়া ঘৰতে বহি আৰামত চাব পাৰিব ‘Fukrey 3’ । হয়, ছবিগৃহত আলোড়নৰ সৃষ্টি কৰাৰ পিচত এতিয়া ছবিখনে অ’টিটিত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে ।

কোনটো OTT প্লেটফৰ্মত ষ্ট্ৰীমিং হৈছে 'Fukrey 3' ?

দীপাৱলী উপলক্ষে 'ফুক্ৰে 3' অ’টিটিত ষ্ট্ৰীমিং কৰা হৈছে । আপুনি ছবিখন আমাজন প্ৰাইম ভিডিঅ’ত উপভোগ কৰিব পাৰিব । কিন্তু এতিয়া আপুনি ছবিখন উপভোগ কৰিবলৈ ভৰিব লাগিব ধন । কাৰণ ছবিখন কেৱল ভাড়াৰ ভিত্তিতহে মুক্তি দিয়া হৈছে । কিন্তু নিৰাশ হ’ব নালাগে অতি সোনকালে এই ছবিখন প্ৰাইম ভিডিঅ’ত বিনামূলীয়াকৈ চাব পাৰিব ।

ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল

এই ছবিখনৰ পূৰ্বৰ দুখন পাৰ্টৰ দৰেই ফুক্ৰে 3 ছবিখনেও বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । পুলকিত সম্ৰাটৰ এই ছবিখনে বক্স অফিচত 127 কোটি টকাৰ ব্যৱসায় কৰিছে । মুঠতে ছবিখনে আপোনাক মনোৰঞ্জন দিব । বৰুণ শৰ্মা অৰ্থাৎ চুচাই ছবিখনত উৎকৃষ্ট অভিনয় কৰিছে । এইবাৰো তেওঁ নিজৰ অনন্য শৈলীৰে অনুৰাগীক মনোৰঞ্জন দিয়া দেখা গৈছে । আনহাতে পুলকিত সম্ৰাটে হানিৰ চৰিত্ৰত আগৰ দৰেই উৎকৃষ্ট অভিনয় কৰিছে । ইফালে পংকজ ত্ৰিপাঠীয়ে পণ্ডিতজীৰ চৰিত্ৰত যেন ছবিখনত প্ৰাণ ঢালি দিছে । ভোলী পঞ্জাবন অৰ্থাৎ ৰিচা চাড্ডাইও ছবিখনত ভাল অভিনয় কৰিছে । ছবিখন পৰিচালনা কৰিছে মৃগদ্বীপ সিঙে ।

লগতে পঢ়ক: Ramoji Film City: পুষ্পা ২-ছালাৰৰ শ্বুটিঙেৰে উদ্ভাসিত ৰামোজী ফিল্ম চিটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.