ETV Bharat / entertainment

Ramoji Film City: পুষ্পা ২-ছালাৰৰ শ্বুটিঙেৰে উদ্ভাসিত ৰামোজী ফিল্ম চিটী

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:38 PM IST

‘পুষ্পা ২’ আৰু ‘ছালাৰ’ ছবিৰ শ্বুটিঙৰ বাবে এক উগুল-থুগুল পৰিবেশে বিৰাজ কৰিছে বিশ্বৰ আটাইতকৈ ডাঙৰ ফ্লিম চিটী ৰামোজী ফিল্ম চিটীত । কেইবা সপ্তাহ ধৰি চলি থকা এই শ্বুটিঙত আছিল দৰ্শনীয় একচন আৰু গীতৰ শ্বুটিং ।

Ramoji Film City buzzing with shooting of 'Pushpa 2', 'Salaar' films
পুষ্পা ২-ছালাৰৰ শ্বুটিঙেৰে উদ্ভাসিত ৰামোজী ফিল্ম চিটী

চিটাৰা ডেস্ক, 9 নৱেম্বৰ: চলচ্চিত্ৰ জগতৰ আটাইতকৈ প্ৰত্যাশিত আৰু বিগ বাজেটৰ ছবি পুষ্পা-২ আৰু ছালাৰক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত আৰু আগন্তুক ছবিখনৰ আপডেটসমূহৰ ওপৰত চকু ৰাখিছে ৷ একে সময়তে বিগ বাজেটৰ ছবি নিৰ্মাণৰ লগে লগে তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অৱস্থিত বিখ্যাত ৰামোজী ফিল্ম চিটীয়ে এই ছবিসমূহৰ শ্বুটিংৰ বাবে এক উৎসাহপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছে ৷ এফালে আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দান্নাই অভিনীত ছবি ‘পুষ্পা’ৰ ৰিমেক ‘পুষ্পা ২’ৰ শ্বুটিঙত ব্যস্ত ৷ আনহাতে, প্ৰভাসে অভিনীত ছবি ‘ছালাৰ’ৰ নিৰ্মাতাসকলো ব্যস্ত শ্বুটিঙত ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, পুষ্পা ২: দ্য ৰুল ছবিখনৰ নিৰ্মাতাসকল বৰ্তমান ছবিখনত মেলাৰ বেকগ্ৰাউণ্ডৰ ওপৰত ভিত্তি কৰি এটি গীতৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিছে ৷ জানিব পৰা মতে, প্ৰায় এক হাজাৰ নৃত্যশিল্পী এই আটাইতকৈ প্ৰত্যাশিত গীতটোৰ অংশ ল’ব ৷ বিখ্যাত নৃত্য পৰিচালক গণেশ আচাৰ্যই ‘পুষ্পা ২’ গীতটিৰ নৃত্য পৰিচালনা কৰিছে ৷ সূত্ৰই জনোৱা মতে, গীতসমূহৰ উপৰিও ছবিখনৰ এটা যুঁজৰ দৃশ্য আৰু কিছুমান মুখ্য দৃশ্যও এমাহৰ সূচীত ৰামোজী ফিল্ম চিটীৰ ভিতৰত শ্বুটিং কৰা হ’ব ৷

সুকুমাৰৰ পৰিচালক ‘পুষ্পা-২ দ্য ৰুল’ ছবিখন ২০২১ চনৰ হিট ছবি ‘পুষ্পা’ৰ ছিকুৱেল ৷ নবীন আৰ্নেনি আৰু ৱাই. মিথ্ৰী মুভি মেকাৰছৰ বেনাৰত ৰবি শংকৰে যৌথভাৱে প্ৰযোজনা কৰিছে ছবিখন ৷ ছবিখনৰ সংগীত ৰচনা কৰিছে দেৱশ্ৰী প্ৰসাদে ৷ একে সময়তে হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীতো চলি আছে প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘ছালাৰ’ৰ শ্বুটিং ৷ ছবিখনৰ পৰিচালনা কৰিছে প্ৰশান্ত নীলে ৷ সূত্ৰ অনুসৰি প্ৰযোজকসকলে এটা বিশেষ গীতৰ শ্বুটিং কৰি আছে, য’ত ছিমৰাট কৌৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ গীতটোৰ কোৰিঅ’গ্ৰাফীত মাষ্টাৰ ৰাজু সুন্দৰম ৷ হোম্বলে ফিল্মছৰ প্ৰযোজনা ছবিখনত প্ৰভাসৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰুতি হাছানে ৷ এই ছবিখন ২২ ডিচেম্বৰত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: Koffee With Karan 8: কাৰ্তিক আৰিয়ানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কি ক’লে ছাৰা আলী খানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.