ETV Bharat / entertainment

ডাংকিয়ে ভংগ কৰিব নোৱাৰিলে পাঠান-জৱানৰ উপাৰ্জন, প্ৰথম দিনা উপাৰ্জন কৰিলে মাত্ৰ ইমান

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:25 AM IST

Dunki BO collection day 1: Shah Rukh Khan starrer fails to break opening day records set by his previous hits Pathaan and Jawan
ডাংকি বক্স অফিচ সংগ্ৰহ

Dunki Box Office Collection Day 1: মুকলিৰ দিনটোত ডাংকিয়ে বক্স অফিচত মিশ্ৰিত ফলাফল দেখুৱাইছে । কিন্তু শ্বাহৰুখ খানৰ এই ছবিখনে অভিনেতাগৰাকীৰ পূৰ্বৰ ছবি পাঠান-জৱানৰ মুকলি দিনৰ উপাৰ্জনৰ অভিলেখ ভংগ কৰিব পৰা নাই। গতিকে জানো আহক ডাংকিয়ে প্ৰথম দিনা কিমান উপাৰ্জন কৰিছে ৷

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: বৃহস্পতিবাৰে শ্বাহৰুখ খানৰ বছৰৰ তৃতীয়খন ছবি ‘ডাংকি’ ছবিগৃহত মুক্তি লাভ কৰিছে । ৰাজকুমাৰ হিৰানীৰ ছবিখনৰ প্ৰথমটো দৰ্শনী পুৱা ৫:৫৫ বজাত মুম্বাইৰ আইকনিক একক পৰ্দাৰ ছবিগৃহ গেইটি গেলেক্সিত হৈছিল ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল গেইটি গেলেক্সিত ডাংকি ছবিখন উদযাপন কৰা অনুৰাগীৰ ফটো আৰু ভিডিঅ’ ৷ অৱশ্যে পুৱাৰে পৰা ছবিখন যিদৰে আৰম্ভ হৈছিল, কিন্তু দিনৰ ভাগত ছবিগৃহসমূহত বহুগুণে কমি যায় দৰ্শকৰ ভিৰ ৷ গতিকে জানো আহক প্ৰথম দিনাই ছবিখনে বক্স অফিচত কিমান কোটি টকা উপাৰ্জন কৰিছে ।

‘ডাংকি’ৰ প্ৰথম দিনৰ উপাৰ্জন

শ্বাহৰুখ খান অভিনীত ছবি ‘ডাংকি’ ছবিগৃহত মুক্তি লাভ কৰিছে । মুক্তিৰ পূৰ্বেই ছবিখনক লৈ দৰ্শকৰ মাজত ব্যাপক উন্মাদনা দেখা পোৱা গৈছিল ৷ পুৱাৰ ভাগত ছবিখনৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ ছবিগৃহসমূহত ভিৰ কৰিছিল বৃহৎ সংখ্যক দৰ্শকে ৷ কিন্তু সপ্তাহৰ দিন হোৱাৰ বাবেই ছবিখনে ছবিগৃহত বিশেষ স্থান নাপালে । অৱশ্যে এতিয়া ‘ডাংকি’ মুক্তিৰ প্ৰথম দিনটোৰ উপাৰ্জনৰ তথ্য পোহৰলৈ আহিছে ।

‘ডাংকি’এ প্ৰথম দিনাই ৩০ কোটি টকা উপাৰ্জন কৰিছে । ছবিখনৰ প্ৰথম দিনৰ উপাৰ্জনৰ সংখ্যা শ্বাহৰুখ খানৰ পূৰ্বৰ ছবি পাঠান আৰু জৱানতকৈ কম । সদ্য মুক্তি পোৱা ছবি এনিমেলৰ মুকলি দিনৰ উপাৰ্জনৰ সংখ্যও ‘ডাংকি’তকৈ বেছি আছিল । এইসমূহ ছবিৰ প্ৰথম দিনৰ উপাৰ্জন আছিল এনেধৰণৰ . . .

  • মুক্তিৰ প্ৰথম দিনাই জৱানে উপাৰ্জন কৰিছিল ৭৫ কোটি টকা।
  • মুক্তিৰ প্ৰথম দিনাই পাঠানে উপাৰ্জন কৰিছিল ৫৭ কোটি টকা।
  • প্ৰথম দিনাই এনিমেলৰ সংগ্ৰহ আছিল ৬৩.৮ কোটি টকা।
  • ৪৩ কোটি টকাৰে মুকলি হৈছিল টাইগাৰ ৩ ।
  • মুকলি দিনত ডাংকিৰ উপাৰ্জন হৈছেগৈ ৩০ কোটি টকা ।

ছালাৰ আৰু ডাংকিৰ মাজত হ’ব কঠোৰ প্ৰতিযোগিতা

প্ৰভাস অভিনীত ছালাৰ ছবিখন আজি ছবিগৃহত মুক্তি লাভ কৰিছে । ডাংকিৰ মুকলি দিনৰ উপাৰ্জন (৩০ কোটি) তকৈ অগ্ৰিম বুকিঙত (৪৫.৩৪ কোটি) অধিক উপাৰ্জন কৰিছে ছালাৰে । এনে পৰিস্থিতিত প্ৰভাসৰ ছবিখনে প্ৰথম দিনাই বাম্পাৰ টকা উপাৰ্জন কৰাৰ আশা কৰা হৈছে ৷ এতিয়া এই দুখন ছবিৰ ভিতৰত কোনখন ছবিয়ে বক্স অফিচত আদিপত্য বিস্তাৰ কৰিব সেয়া সময়ত হ’ব লক্ষণীয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: মিচেল ষ্টাৰ্কক লৈ অনুৰাগীয়ে শ্বাহৰুখ খানক সুধিলে আমোদজনক প্ৰশ্ন, উত্তৰত কিং খানে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.