ETV Bharat / entertainment

Dream Girl 2 Box Office Collection: বক্স অফিচত অব্যাহত ড্ৰিম গাৰ্ল ২ৰ উপাৰ্জন, ১৩ দিনত বক্স অফিচত কিমান উপাৰ্জন কৰিছে জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:57 PM IST

dream-girl-2-day-box-office-collection-ayushmann-khurrana-solid-hold-on-wednesday
ড্ৰিম গাৰ্ল ২ৰ উপাৰ্জন

পৰিচালক ৰাজ শাণ্ডিল্যৰ ছবি ড্ৰিম গাৰ্ল ২ য়ে বক্স অফিচত অব্যাহত ৰাখিছে উপাৰ্জন ৷ ১৩ দিনত বক্স অফিচত কিমান উপাৰ্জন কৰিছে জানি লওক এই প্ৰতিবেদনত ৷

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: ৪ বছৰৰ পিচত পুনৰ উভতি আহিল ‘ড্ৰিম গাৰ্ল’ৰ ছিকুৱেল ৷ ছবিগৃহত ‘ড্ৰিম গাৰ্ল ২’ মুকলি হৈয়ে ধুমুহাৰ সৃষ্টি কৰিছে। প্ৰতিদিনে আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ অভিনীত ছবিখনৰ উপাৰ্জন বৃদ্ধি পাইছে ৷

ইফালে ‘ড্ৰিম গাৰ্ল ২’ৰ ত্ৰয়োদশ দিনৰ বক্স অফিচ সংকলন পৰিসংখ্যা চৰ্চালৈ আহিছে ৷ যিটোৰ পৰা ক’বলৈ যথেষ্ট যে অতি সোনকালে পৰিচালক ৰাজ শাণ্ডিল্যৰ এই কমেডী ছবিখনে ১০০ কোটি টকা সংগ্ৰহ কৰিব ।

বক্স অফিচত অব্যাহত আছে ড্ৰিম গাৰ্ল ২'ৰ ভাল উপাৰ্জন

মুক্তিৰ ১৩ দিনৰ পাচতো আয়ুষ্মান খুৰানাৰ ‘ড্ৰিম গাৰ্ল ২’ ৰ বক্স অফিচত ভাল উপাৰ্জন অব্যাহত আছে । প্ৰতিদিনে ‘ড্ৰিম গাৰ্ল ২’ৰ সংগ্ৰহৰ অংকই সকলোকে আপ্লুত কৰিছে । স্পষ্টকৈ ক’বলৈ গ’লে আয়ুষ্মানৰ ‘ড্ৰিম গাৰ্ল ২’ ছবিখনে ছানী দেওলৰ অভিনীত ছবি ‘গদৰ ২’ৰ সন্মুখত হাৰি যোৱা নাই ৷ কাৰণ ছবিখনত নিজৰ উৎকৃষ্ট অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিছে আয়ুষ্মানে ।

ইফালে ২৫ আগষ্টত চিনেমাগৃহত মুক্তি পোৱা ‘ড্ৰিম গাৰ্ল ২’ৰ ত্ৰয়োদশ দিনৰ বক্স অফিচ সংগ্ৰহৰ পৰিসংখ্যা চৰ্চালৈ আহিছে ৷ চেকনিল্কৰ প্ৰাৰম্ভিক তথ্য অনুসৰি ছবিখনে প্ৰায় ২.৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে বুধবাৰে । যাৰ বাবে 'ড্ৰিম গাৰ্ল ২'ৰ মুঠ উপাৰ্জন বৃদ্ধি পাইছে ।

‘ড্ৰিম গাৰ্ল ২’ৰ মুঠ উপাৰ্জন কিমান ?

যদি বুধবাৰৰ উপাৰ্জনৰ পৰিসংখ্যা যোগ কৰা হয়, তেন্তে ‘ড্ৰিম গাৰ্ল ২’ বক্স অফিচত ১০০ কোটিৰ সংগ্ৰহৰ দিশে আগবাঢ়িছে । ‘ড্ৰিম গাৰ্ল ২’ৰ মুঠ সংগ্ৰহ ৯৪ কোটিতকৈও অধিক হৈছে ।

এনে পৰিপ্ৰেক্ষিতত আয়ুষ্মান খুৰানাৰ এই ছবিখন ১০০ কোটিৰ যাদুকৰী পৰিসংখ্যাৰ পৰা কেইখোজমান দূৰত আছে ৷ যিখন ছবি আগন্তুক সপ্তাহৰ শেষৰ ফালে নিশ্চিতভাৱে সম্পূৰ্ণ হোৱা দেখা যাব । উল্লেখ্যে যে ‘আনেক, ডাক্তৰ জী এণ্ড এণ একচন হিৰো’ৰ পিচত আয়ুষ্মান খুৰানাৰ প্ৰথমখন হিট ছবি হিচাপে পৰিগণিত হৈছে ড্ৰিম গাৰ্ল ২ ।

লগতে পঢ়ক: Jawan box office collection day 1: ভাৰতত 75 কোটি টকাৰে যাত্ৰাৰম্ভ কৰা প্ৰথম হিন্দী ছবি হিচাপে পৰিগণিত জৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.