ETV Bharat / entertainment

Jawan box office collection day 1: ভাৰতত 75 কোটি টকাৰে যাত্ৰাৰম্ভ কৰা প্ৰথম হিন্দী ছবি হিচাপে পৰিগণিত জৱান

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 11:25 AM IST

শ্বাহৰুখ খানৰ ছবি জৱানে মুকলিৰ দিনা ৭০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । প্ৰাথমিক অনুমান অনুসৰি এই ছবিখনে এছ আৰ কেৰ পাঠানকো বক্স অফিচত পিচ পেলাব পাৰে ৷

Jawan box office collection day 1: With Rs 75 cr in India, Shah Rukh Khan starrer to take biggest Hindi opening ever
শ্বাহৰুখ খানৰ জৱানৰ প্ৰথম দিনাৰ সংগ্ৰহ

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: বছৰটোৰ আৰম্ভণিতে বৃহৎ ব্লকবাষ্টাৰ ছবি পাঠানৰ জৰিয়তে চাৰি বছৰ পিচত পুনৰ ছবিগৃহলৈ কামবেক কৰিছিল ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ৷ পাঠান ছবিখনে প্ৰথম দিনাই ১০৬ কোটি টকাৰে খাতা খুলিছিল বক্স অফিচত ৷ এতিয়া আজি মুক্তি লাভ কৰিছে কিং খানৰ অভিনীত ছবি ‘জৱান’ ৷ জৱান হৈছে বছৰটোত কিং খানৰ দ্বিতীয়খন ছবি ৷ এইখিনিতেই উল্লেখ কৰিব লাগিব যে জৱান হৈছে কিং খানৰ কেৰিয়াৰৰ আটাইতকৈ বিগ বাজেটৰ ছবি ৷ ৩০০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে জৱান মুক্তিৰ পূৰ্বেই ভাৰতত ৬৫ কোটি টকাৰে বক্স অফিচত খাতা খুলিব বুলি অনুমান কৰা হৈছিল ৷ কিন্তু কিং খানৰ এই ছবিখনে ভংগ কৰিছে আনুমানিক সংখ্যা ৷ হয়, ছবিখনে বক্স অফিচৰ ভৱিষ্যদ্বাণীক অতিক্ৰম কৰিছে ।

ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ প্ৰাৰম্ভিক হিচাপ অনুসৰি ভাৰতত জৱানে ৭৫ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে এছ আৰ কেৰ এতিয়ালৈকে হোৱা সৰ্ববৃহৎ হিন্দী অ’পেনাৰৰ ছবি হিচাপে পৰিগণিত হ’ব আৰু পাঠানৰ অভিলেখো ভংগ কৰিব পাৰে ছবিখনে ৷ Sacnilk ৰ মতে, পাঠানৰ মুকলি দিনৰ পূৰ্বৰ পৰিসংখ্যা আছিল ৫৭ কোটি টকা । কিন্তু ঘৰুৱা বক্স অফিচত ৭৫ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগতে জৱানে বিশ্বজুৰি ১০০ কোটি টকাৰ অধিক উপাৰ্জনৰ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে জৱানৰ ১ম দিনৰ সামগ্ৰিক সংগ্ৰহ এতিয়াও ওলোৱা হোৱা নাই ।

  • Looks Like, #Jawan 4 days weekend advance is more than #Pathaan 5 days weekend.💥💥#Pathaan was 68.18 Cr Gross; Now #Jawan is estimated 70+ Cr Gross;

    Exact data in the morning!!✅

    All Time Highest For Bollywood!!✅

    — Sacnilk Entertainment (@SacnilkEntmt) September 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছবিখনৰ মুকলি দিনটোৰ বাবে ১৪ লাখৰো অধিক টিকট বিক্ৰী হোৱাৰ বাবে জৱানে অভূতপূৰ্ব এডভান্স বুকিং লাভ কৰিছিল । ছবিখনক লৈ দেশজোৰা উন্মাদনা স্পষ্টকৈ দেখা পোৱা গৈছে ৷ কাৰণ জয়পুৰ, মুম্বাই আৰু কলকাতাত ছবিখনৰ পুৱাৰ ভাগত শ্ব’ আছিল ।

উল্লেখ্য যে, পাঠানৰ সৈতে এছ আৰ কেয়ে হিন্দী চলচ্চিত্ৰ জগতত নিজৰ শীৰ্ষ স্থান পুনৰ দখল কৰিছে ৷ এতিয়া জৱানৰ জৰিয়তে এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ব কিং খানে ৷

লগতে পঢ়ক: Jawan Release: জৱান চোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তেতিয়াহ’লে জানি লওক জৱানৰ বিষয়ে এইসমূহ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.