ETV Bharat / entertainment

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ ৰাজনীতিবিদ-চেলিব্ৰিটিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 3:55 PM IST

DMDK chief Vijayakanth passes away, PM Modi to kamal haasan many south celebs pay tribute
বিজয়কান্তৰ দেহাৱসান

Vijayakanth Death: অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ দেহাৱসান । এই খবৰত সম্প্ৰতি শোকৰ ছাঁ পৰিছে দক্ষিণ চলচ্চিত্ৰ উদ্যোগত । বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলো চেলিব্ৰিটিয়ে ।

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়কান্তৰ দেহাৱসান ৷ চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীৰ মৃত্যুৰ পিচতে আজি পুৱা চিনেমা আৰু ৰাজনৈতিক জগতত পৰিছে শোকৰ ছাঁ । মৃত্যুৰ সময়ত ডিএমডিকে দলৰ মুৰব্বীগৰাকীৰ বয়স আছিল ৭১ বছৰ ৷ বহু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিজয়কান্তৰ শৰীৰত ক’ৰনাৰ উপস্থিতি ধৰা পৰিছিল, যাৰ বাবে তেওঁক ভেন্টিলেশ্যনৰ চাপৰ্টত ৰখা হৈছিল ৷ অৱশ্যে চিকিৎসালয়ৰ বিবৃতিত কোৱা হৈছে যে তেওঁৰ নিউমোনিয়া হৈছিল ৷

ইফালে বিজয়কান্তৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে তামিল চিনেমা উদ্যোগ, তেওঁৰ দল ডিএমডিকেৰ সদস্য আৰু তেওঁৰ অনুৰাগীক । বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অভিনেতা কমল হাছান, ঐশ্বৰ্য লক্ষ্মীকে ধৰি বহু দক্ষিণৰ চেলিব্ৰিটিয়ে ।

শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে

  • Extremely saddened by the passing away of Thiru Vijayakanth Ji. A legend of the Tamil film world, his charismatic performances captured the hearts of millions. As a political leader, he was deeply committed to public service, leaving a lasting impact on Tamil Nadu’s political… pic.twitter.com/di0ZUfUVWo

    — Narendra Modi (@narendramodi) December 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা বিজয়কান্তৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘‘তামিল চিনেমাৰ কিংবদন্তি থিৰু বিজয়কান্ত জীৰ মৃত্যুৰ খবৰত দুখ পালো, তেওঁৰ কাম এতিয়াও লাখ লাখ লোকৰ হৃদয়ত আছে, এজন ৰাজনীতিবিদ হিচাপে তেওঁ জনসেৱাৰ প্ৰতি দায়বদ্ধ আছিল ৷ তামিলনাডুৰ ৰাজনীতিৰ ওপৰত তেখেতে গভীৰ প্ৰভাৱ পেলাইছে, তেখেতৰ বিদায়ে দুখীত কৰিছে ৷ তেখেত আছিল ঘনিষ্ঠ বন্ধু, তেখেতক বহুবাৰ লগ পাইছিলো, এই দুখৰ সময়ত পৰিয়াললৈ মোৰ সমবেদনা, ওম শান্তি ।’’

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কমল হাছানৰ

কমল হাছানে বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ কমল হাছানে নিজৰ এক্স একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে,‘‘মোৰ মৰমৰ ভাতৃ, নেচনেশ্যল এছ’চিয়েচন অৱ ইণ্ডিয়ান চিনেমাৰ সভাপতি, তামিল চিনেমাৰ এজন আইকনিক অভিনেতা আৰু কেপ্টেইন বিজয়কান্ত হিচাপে সকলোৰে প্ৰিয় আৰু প্ৰশংসিত, তেওঁৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক । তেওঁ নিজৰ প্ৰতিটো কামতে মানৱতা গ্ৰহণ কৰি নিজৰ জীৱনটো আগবঢ়াই নিছিল, তেওঁৰ ৰাজনৈতিক স্থানে নতুন আস্থাৰ সৃষ্টি কৰিছে । তেওঁ দৰিদ্ৰ লোকসকলক দীৰ্ঘম্যাদী সহায় আগবঢ়াইছিল । কোনো ভয় নোহোৱাকৈ সাহস কৰাটোৱেই আছিল তেওঁৰ পৰিচয় । চিনেমা, ৰাজনীতি, বিপ্লৱী শিল্পী বিজয়কান্ত সকলোৰে স্মৃতিত থাকিব ৷"

জুনিয়ৰ এন টি আৰেও বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

  • Saddened to learn about Vijayakanth Garu's passing. A true powerhouse in both cinema and politics. May his soul find eternal peace. My thoughts are with his family and friends.

    — Jr NTR (@tarak9999) December 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জুনিয়ৰ এনটিআৰেও বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, ‘‘বিজয়কান্ত গাৰুৰ মৃত্যুৰ কথা জানি দুখ লাগিল । চিনেমা আৰু ৰাজনীতি উভয়তে এক প্ৰকৃত শক্তিশালী ব্যক্তি আছিল তেওঁ । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।"

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ চিয়ান বিক্ৰমৰ

  • Saddened to hear the passing of one of the most loving and caring beings ever. We will miss you Captain!! #RIP

    — Vikram (@chiyaan) December 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পন্নিয়ান চেলেভেনৰ অভিনেতা চিয়ান বিক্ৰমেও । প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ লিখিছে, “আটাইতকৈ মৰমিয়াল আৰু যত্নশীল বিজয়কান্তৰ মৃত্যুৰ খবৰ পাই দুখ পাইছো । আমি আপোনাক মিছ কৰিম কেপ্টেইন ৷’’

কান্দি কান্দি বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিলে অভিনেতা বিশালে

বিশাল নৱবৰ্ষৰ উদযাপনৰ বাবে আমেৰিকালৈ গৈছিল আৰু তাতেই তেওঁ ছুপাৰষ্টাৰ বিজয়কান্তৰ মৃত্যুৰ খবৰ লাভ কৰে । বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট এক্স আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত বিজয়ে কান্দি কান্দি কৈছে, শুনিছোঁ কেপ্টেইন বিজয়কান্তৰ মৃত্যু হৈছে, ভাই মোক ক্ষমা কৰিব, এই সময়চোৱাত মই আপোনাৰ ভৰিৰ ওচৰত থাকিব লাগিছিল ৷ ’’

ইয়াৰ লগতে আন দক্ষিণৰ বহু চেলিব্ৰিটিয়ে বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

বিজয়কান্ত আছিল এজন অতি জনপ্ৰিয় অভিনেতা

ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতেই বিজয়কান্তই নিজকে এজন জনপ্ৰিয় অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল । অনেষ্ট ৰাজ, থ্যাগম আৰু তামিজ চেলভানৰ দৰে বহু জনপ্ৰিয় ছবিত অভিনয় কৰি তেওঁ কলিউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰিগণিত হৈছিল । তেওঁ নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত ১৫৪ খনতকৈও অধিক ছবিত অভিনয় কৰিছে ৷

ৰাজনীতিতো অতি সফল আছিল বিজয়কান্ত

২০০৫ চনৰ ছেপ্টেম্বৰ মাহত বিজয়কান্তে নিজাকৈ ৰাজনৈতিক দল দেশিয়া মুৰ্পক্কু দ্ৰাবিড় কড়গম (DMDK) পাৰ্টি গঠন কৰে । ২০০৬ চনত বিধানসভাৰ নিৰ্বাচনত অংশ লৈ তেওঁ এখন আসন লাভ কৰে । ২০১১ চনৰ নিৰ্বাচনত তেওঁৰ দলটোৱে এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজয়কান্ত পৰৱৰ্তী পাঁচ বছৰ বিৰোধী দলৰ নেতা হৈ পৰে ।

লগতে পঢ়ক: ক’ভিডেই কাল হ’ল অভিনেতা বিজয়কান্তৰ বাবে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.