ETV Bharat / entertainment

2018 চনৰ অৱজ্ঞা গোচৰত বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ পদক্ষেপ

author img

By

Published : Sep 20, 2022, 6:25 PM IST

Delhi High Court
বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ পদক্ষেপ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ অসুবিধা বাঢ়িছে (The Kashmir Files director Vivek Agnihotri)। তেওঁৰ বিৰুদ্ধে একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ২০১৮ চনৰ অৱমাননা গোচৰত আদালতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ: সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী, বিজ্ঞানী আনন্দ ৰংগনাথন, আলোচনী তথা নিউজ প’ৰ্টেল স্বৰাজ্যৰ বিৰুদ্ধে একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰে । 2018 চনৰ অৱমাননা গোচৰত তেওঁলোকৰ হৈ কোনো আদালতত হাজিৰ হোৱা নাছিল । শুনানিৰ সময়ত ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ অমিত শৰ্মাৰ বিচাৰপীঠে জনোৱা মতে, জাননী জাৰি কৰাৰ পিছতো তিনিওজনৰে কোনোৱেই আদালতত হাজিৰ হোৱা নাছিল । পৰৱৰ্তী শুনানিৰ বাবে 2023 চনৰ 16 মাৰ্চ তাৰিখ নিৰ্ধাৰণ কৰিছে আদালতে (dhc takes action against Vivek Agnihotri)।

জনাওঁ যে এই বিষয়টো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰলিধৰৰ বিৰুদ্ধে তেওঁৰ মন্তব্যৰ সৈতে জড়িত ৷ 2018 চনত, তেওঁ ভীম কোৰেগাঁও গোচৰত অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ গৃহবন্দী আদেশ আৰু ট্ৰেঞ্জিট ৰিমাণ্ড বাতিল কৰিছিল । গোচৰ অনুসৰি আৰ এছ এছৰ মতাদৰ্শবাদী এছ. ন্যায়াধীশ মুৰলিধৰৰ পক্ষপাতিত্বৰ অভিযোগত গুৰুমূৰ্তিয়ে কৰা টুইটৰ পিছতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে এই suo motu অৱমাননা কাৰ্য্যবিধি ।

তেওঁৰ নিজৰ টুইটত তেওঁ এটা ব্লগৰ লিংক ৰিটুইট কৰে, য’ত লিখা আছে, ‘গৌতম নৱলাখাৰ সৈতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুৰলিধৰৰ সম্পৰ্ক কিয় প্ৰকাশ কৰা নহ’ল ? তদানীন্তন মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেননলৈ অধিবক্তা ৰাজশেখৰ ৰাওৱে এখন পত্ৰ লিখাৰ পাছতে আদালতে এই টুইট আৰু লেখাৰ প্ৰতি লক্ষ্য ৰাখিছিল ।

টুইট আৰু প্ৰবন্ধবোৰত অভিযোগ কৰা হৈছিল যে এইয়া গুৰুমূৰ্তিৰ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক আক্ৰমণ কৰাৰ ইচ্ছাকৃত প্ৰয়াস আছিল । পিছত ক্ষমা বিচাৰি গুৰুমূৰ্তিক গোচৰটোৰ পৰা বাদ দিয়া হৈছিল, কিন্তু অগ্নিহোত্ৰী আৰু ৰংগ নাথনকে ধৰি আনসকল এতিয়াও ইয়াৰ সৈতে জড়িত হৈ আছে । ইয়াৰ আগতেও, বিবেক অগ্নিহোত্ৰীক তেওঁৰ টুইটৰ ওপৰত অৱমাননাৰ জাননী প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক : কাশ্মীৰৰ শিল নিক্ষেপৰ ঘটনাত আঘাত প্ৰাপ্ত হোৱাৰ কথা অস্বীকাৰ কৰিছে ইমৰাণ হাছমীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.