কাশ্মীৰৰ শিল নিক্ষেপৰ ঘটনাত আঘাত প্ৰাপ্ত হোৱাৰ কথা অস্বীকাৰ কৰিছে ইমৰাণ হাছমীয়ে

author img

By

Published : Sep 20, 2022, 2:18 PM IST

Emrran Hashmi

শিলগুটি নিক্ষেপ কৰা কাণ্ডৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমৰাণে মঙলবাৰে টুইট কৰে যে পেহেলগামত গ্ৰাউণ্ড জিৰ’ৰ শ্বুটিং কৰি থকাৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাছিল (Emrran Hashmi kashmir) । লগতে অভিনেতা গৰাকীয়ে কয় যে, কাশ্মীৰী ৰাইজে তেওঁলোকক উষ্ম আদৰণি জনাইছে আৰু তেওঁ শ্ৰীনগৰ আৰু পেহেলগামত গ্ৰাউণ্ড জিৰ’ৰ শ্বুটিং কৰি ভাল পাইছিল ।

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ পেহেলগাম বজাৰত অভিনেতা ইমৰাণ হাছমীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ বাতৰি সোমবাৰে ভাইৰেল হৈ পৰে । বৰ্তমান জম্মু-কাশ্মীৰত নিজৰ আগন্তুক ছবি গ্ৰাউণ্ড জিৰ’ৰ শ্বুটিং কৰি থকা ইমৰাণে শিলগুটি নিক্ষেপৰ কাণ্ডত আঘাতপ্ৰাপ্ত হোৱা বুলি অস্বীকাৰ কৰিছে ।

ভাইৰেল বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমৰাণে মঙলবাৰে টুইটাৰযোগে শিল নিক্ষেপৰ ঘটনাত আহত হোৱাৰ কথা নুই কৰে (Emrran Hashmi kashmir) । অভিনেতাজনে এইটোও উল্লেখ কৰে যে কাশ্মীৰী লোকসকলে তেওঁলোকক আদৰণি জনাই আৰু তেওঁ শ্ৰীনগৰ আৰু পেহেলগামত গ্ৰাউণ্ড জিৰ’ৰ দৃশ্যগ্ৰহণ উপভোগ কৰিছিল (Emrran Hashmi latest news) ।

"কাশ্মীৰৰ লোকসকল অতি উষ্ম আৰু আদৰণীয়, শ্ৰীনগৰ আৰু পাহালগামত দৃশ্যগ্ৰহণ কৰাটো এক পৰম আনন্দৰ বিষয় । শিল গুলী চালনাৰ ঘটনাত মই আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ টো অশুদ্ধ," ভাইৰেল হোৱা শিল নিক্ষেপৰ ঘটনা সন্দৰ্ভত ইমৰাণে টুইট কৰে এনেদৰে (Emrran Hashmi twitter) ।

পূৰ্বৰ বাতৰি অনুসৰি 28 আগষ্টত শ্ৰীনগৰত উপস্থিত হয় ইমৰাণ হাছমী । ইনষ্টাগ্ৰামত অভিনেতাজনে এখন ছবি শ্বেয়াৰ কৰি কেপছন দিয়ে, "প্ৰথমবাৰৰ বাবে স্বৰ্গ চহৰ শ্ৰীনগৰত !! Countdown to Zero ... Lights camera ACTION" ৷

  • The people of Kashmir have been very warm and welcoming, it has been an absolute joy shooting in Srinagar and Pahalgam. The news of me being injured in a stone pelting incident is inaccurate .

    — Emraan Hashmi (@emraanhashmi) September 20, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, অনন্তনাগ আৰক্ষীয়ে সোমবাৰে পেহেলগামত চলচ্চিত্ৰ কৰ্মীসকলৰ ওপৰত শিল নিক্ষেপ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে । অনন্তনাগ আৰক্ষীয়ে এটা নিউজৱায়াৰক কৈছিল যে 18 ছেপ্টেম্বৰত পেহেলগামত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত ব্যক্তিজনে ক্ৰু সদস্যসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল ৷ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ ছবিখনৰ শ্বুটিং শেষ হ’বলৈ লোৱাৰ সময়তে এই ঘটনা সংঘতিত হয় ৷

অনন্তনাগ আৰক্ষীয়ে জানিবলৈ দিয়ে যে, "18 ছেপ্টেম্বৰত পেহেলগামত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত, সন্ধিয়া 7.15 বজাত শ্বুটিং সমাপ্ত হোৱাৰ সময়ত, এজন দুৰ্বৃত্তই ক্ৰু সদস্যসকলৰ ওপৰত শিল নিক্ষেপ কৰিছিল । পেহেলগাম আৰক্ষী থানাত এফআইআৰ নম্বৰ 77/2022 পঞ্জীয়ন কৰা হৈছিল । দুৰ্বৃত্তজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছিল" ।

লগতে পঢ়ক : Doctor G trailer: আয়ুষ্মান খুৰানাৰ ডক্টৰ জি ট্ৰেইলাৰে হহুৱাইছে দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.