ETV Bharat / entertainment

Deepika Padukone: দীপিকা পাডুকনে শ্বাহৰুখ খানক চুমা খোৱাৰ ফটো শ্বেয়াৰ কৰা পিছতে স্বামী ৰণবীৰ সিঙে কৰিলে এই মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:31 PM IST

জৱান ছবি সন্দৰ্ভত আজিকালি অভিনেত্ৰী দীপিকা পাডুকন খুবেই চৰ্চাত আছে । যিসকলে জৱান ইতিমধ্যে ছবিঘৰত উপভোগ কৰিছে তেওঁলোকে হয়তো দীপিকাৰ কেমিঅ’ ৰ’লত কৰা অভিনয়ে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে । ইফালে দীপিকা পাডুকনে জৱান তাৰকা শ্বাহৰুখ খানৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছে । ইয়াৰ পিছত অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা ৰণবীৰ সিঙৰ এই মন্তব্য অতি ভাইৰেল হৈ পৰিছে ।

Etv Bharat
দীপিকা পাডুকনে শ্বাহৰুখ খানক চুমা খোৱাৰ ফটো শ্বেয়াৰ কৰা পিছতে স্বামী ৰণবীৰ সিঙে কৰিলে এই মন্তব্য

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ: শেহতীয়াকৈ মুক্তি লাভ কৰা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ত অভিনেত্ৰী দীপিকা পাডুকনৰ কেমিঅ’ ৰ’ল দেখা গৈছিল । এই চিনেমাখনত দীপিকাৰ এই উজ্জ্বল অভিনয়ে ইতিমধ্যে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে বৰ্তমান তেওঁ খুবেই চৰ্চাত আছে ।

শুকুৰবাৰে গভীৰ নিশা ‘জৱান’ ছবিখনৰ সফলতাৰ পাৰ্টিতো শোভা বৰ্ধন কৰিলে দীপিকাই । ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত শ্বাহৰুখক চুমা খাই থকা অৱস্থাত শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । কিন্তু এই ফটোখনত দীপিকা পাডুকনৰ স্বামী ৰণবীৰ সিঙে কৰা এক ধেমেলীয়া মন্তব্য বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

দীপিকা পাডুকনৰ ফটোত এই মন্তব্য কৰিলে ৰণবীৰ সিঙে

মুম্বাইত অনুষ্ঠিত ‘জৱান’ৰ সফলতা পাৰ্টিত ছবিখনৰ বাকী তাৰকা অভিনেতাসকলৰ সৈতে দীপিকা পাডুকনে অংশগ্ৰহণ কৰে । এই সময়ছোৱাত দীপিকাই ষ্টাইলিছ বগা শাৰীত নিজৰ মনোমোহা ষ্টাইলেৰে সকলোৰে হৃদয় জয় কৰিছিল । অভিনেত্ৰীগৰাকীয়ে অফিচিয়েল ইনষ্টাগ্ৰামতো নিজৰ সৌন্দৰ্যতা প্ৰদৰ্শন কৰাৰ লগতে এই অনুষ্ঠানৰ পিছত কিছু ছবিও তেওঁ শ্বেয়াৰ কৰে ।

এই ছবিসমূহত দেখা গৈছে যে দীপিকা পাডুকনে নিজৰ আকৰ্ষণীয় ৰূপ আৰু সৌন্দৰ্যতাৰে ছ’চিয়েল মিডিয়াত সকলোকে হৃদয় জিনিবলৈ সক্ষম হৈছে । এই পোষ্টটোৰ স্লাইডত যদি আপুনি আগবাঢ়ি যায় তেন্তে আপুনি দেখিব যে শেষৰখন ছবিত দীপিকাই নিজৰ প্ৰিয় সহ অভিনেতা শ্বাহৰুখ খানক চুমা খাই থকা দেখা গৈছে ।

Deepika Padukone
দীপিকা পাডুকনে শ্বাহৰুখ খানক চুমা খোৱাৰ ফটো শ্বেয়াৰ

ইফালে দীপিকাৰ এই শেহতীয়া ছবি সন্দৰ্ভত স্বামী তথা ছুপাৰষ্টাৰ ৰণবীৰ সিঙৰ মন্তব্যই এতিয়া শিৰোনাম দখল কৰিছে । কমেণ্টটোত ৰণবীৰে 'জৱান'ৰ 'চলেয়া' গীতটোৰ দুটা শাৰী লিখি কৈছে - "ইছ্ক ম্যে দিল বনা হ্যে, ইছক ম্যে দিল ফানা,হ্যে। " এই ধেমেলীয়া ষ্টাইলত কৰা মন্তব্য দ্বাৰা ৰণবীৰ সিঙে তেওঁ অৰ্ধাংগিনী দীপিকাৰ প্ৰতি থকা নিজৰ প্ৰেম প্ৰকাশ কৰিছে ।

দীপিকা পাডুকনৰ ৱৰ্কফ্ৰন্ট

‘পাঠান’ আৰু ‘জৱান’ৰ অপৰিসীম সফলতাৰ পাছত আগন্তুক সময়ত দীপিকা পাডুকনক বহু ডাঙৰ ডাঙৰ ছবিত দেখিবলৈ পোৱা যাব । দীপিকাৰ আগন্তুক ছবিৰ তালিকাত আছে হৃতিক ৰোচন দ্বাৰা অভিনীত ছবি ‘ফাইটাৰ’ আৰু প্ৰভাসৰ ‘কল্কি ২৮৯৮ অৰ্থাৎ প্ৰজেক্ট কে’ দেখা যাব ।

লগতে পঢ়ক: Jawan Collection Day 9: মুক্তিৰ নৱম দিনত বিশ্বব্যাপী কিমান উপাৰ্জন কৰিলে জৱানে ? জানি লওক সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.