ETV Bharat / entertainment

Jawan Collection Day 9: মুক্তিৰ নৱম দিনত বিশ্বব্যাপী কিমান উপাৰ্জন কৰিলে জৱানে ? জানি লওক সবিশেষ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:24 AM IST

Jawan Box Office Collection Day 9 : shah rukh khan film sets stage for stellar second weekend
জৱানৰ নৱম দিনৰ সংগ্ৰহ

৮ দিনত ৬৬০ কোটি টকা উপাৰ্জন কৰা জৱানে এতিয়া ৭০০ কোটি টকাৰ পৰিসংখ্যা অতি শীঘ্ৰেই অতিক্ৰম কৰিব পাৰে ।

চিটাৰা ডেস্ক, ১৫ ছেপ্টেম্বৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছে বলীউডৰ কিং খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’ ৷ মুক্তিৰ লগে লগে ছবিগৃহত ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছে ছবিখন ৷ শ্বাহৰুখ খানৰ এই ছবিখনে কেৱল যুৱক-যুৱতীসকলক মনোৰঞ্জন দিয়াই নহয়, নৱপ্ৰজন্মক এটা ডাঙৰ বাৰ্তাও প্ৰদান কৰিছে । ছবিখনত শ্বাহৰুখ খানে ৰাইজক ভোটদানৰ মূল্য়ৰ বিষয়ে বুজাই কৈছে যে, এইবাৰ কোনজন প্ৰতিনিধিক আমি ভোট দিব লাগে । ভোটাধিকাৰ সন্দৰ্ভত ছবিখনত দিয়া দীঘলীয়া ভাষণত শ্বাহৰুখ খানে দেশবাসীক এক প্ৰকাৰে সজাগ কৰাৰ কাম কৰিছে । একচনৰ সমান্তৰালকৈ এয়াও এক অন্যতম কাৰণ যে ছবিখনে ৰাইজৰ পৰা যথেষ্ট মৰম লাভ কৰিছে ।

মুক্তিৰ পিচতে ছবিখনে বক্স অফিচত ভংগ কৰিছে ইটোৰ পিচত সিটো অভিলেখ ৷ যোৱা ৭ ছেপ্টেম্বৰত মুক্তি পোৱা জৱানে ৮ দিনত ৬৬০ কোটি টকাৰ ব্যৱসায় কৰি এতিয়া দ্বিতীয় উইকেণ্ডত সহজেই ৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰে ছবিখনে । আজি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ দিনটোত ছবিখনে কিমান সংগ্ৰহ কৰিব পাৰে জানো আহক ।

জৱানৰ নৱম দিনৰ উপাৰ্জন

উল্লেখ্য যে, শ্বাহৰুখ খানৰ ছবিখনৰ ঘৰুৱা সংকলন প্ৰায় ৪০০ কোটি টকা হৈছেগৈ আৰু আজি নৱম দিনৰ উপাৰ্জনৰ লগে লগে ছবিখনৰ সংগ্ৰহে ৪০০ কোটি অতিক্ৰম কৰিব । দ্বিতীয় উইকেণ্ডত ছবিখনে অতি সহজেই ৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰে । ৭ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ জনপ্ৰিয়তা এতিয়ালৈকে অব্যাহত আছিল । সেকনিল্কৰ মতে, শ্বাহৰুখ খানৰ ছবি জৱানে নৱম দিনত ২০ কোটি টকাৰো অধিক ব্যৱসায় কৰিব পাৰে ৷ যদি এই অনুমান সঁচা হয়, তেন্তে ছবিখনৰ সংগ্ৰহ ৪০৮ কোটি টকালৈ বৃদ্ধি পাব । বৰ্তমান এই ছবিখনে ঘৰুৱা বক্স অফিচত লাভ কৰিছে ৩৮৬ কোটি টকা ।

ভাৰতত জৱানৰ উপাৰ্জন

প্ৰথম দিন – ৭৫ কোটি টক

দ্বিতীয় দিন- ৫৩ কোটি টকা

তৃতীয় দিন – ৭৭.৮৩ কোটি টকা

চতুৰ্থ দিন -৮০.১ কোটি টকা

পঞ্চম দিন- ৩০.৫ কোটি টকা

ষষ্ট দিন – ২৭.৫০ কোটি টকা

সপ্তম দিন – ২১.৬২ কোটি টকা

অষ্টম দিন – ১৯.৩৬ কোটি

নৱম দিন – ২০ কোটিতকৈ অধিক (আনুমানিক)

মুঠ – ৩৮৬.৩৮

বিশ্বব্যাপী জৱানৰ উপাৰ্জনৰ

প্ৰথম দিন: ১২৯.৬০ কোটি টকা

দ্বিতীয় দিন : ১১০.৮৭ কোটি টকা

তৃতীয় দিন : ১৪৪.২২ কোটি টকা

চতুৰ্থ দিন : ১৩৬.১০ কোটি টকা

পঞ্চম দিন : ৫৪.১০ কোটি টকা

ষষ্ঠ দিন: ৫৩.১৫ কোটি

বিশ্বজুৰি মুঠ – ৬৬০.০৩ কোটি টকা ৷

লগতে পঢ়ক: Shah Rukh Khan: নাৰী শক্তিক লৈ শ্বাহৰুখ খানৰ টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.