ETV Bharat / entertainment

CarryMinati on Ajay Devgn: অজয় দেৱগণৰ চকুৰ কপিৰাইট ল'ব বিচাৰে কেৰী মিনতিয়ে

author img

By

Published : May 4, 2022, 9:03 PM IST

Ajay Devgn
অজয় দেৱগণৰ চকুৰ কপিৰাইট ল'ব বিচাৰে এইজন যুৱকে!

প্ৰখ্যাত ইউটিউবাৰ কেৰী মিনতিয়ে ৰানৱে-৩৪ চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা আৰু চলচ্চিত্ৰখনৰ নিৰ্মাতা অজয় দেৱগণক প্ৰশংসা কৰিছে (CarryMinati on Ajay Devgn) । ইয়াৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

চিটাৰা ডেস্ক, 4 মে’: প্ৰখ্যাত ইউটিউবাৰ কেৰী মিনতিক শেহতীয়াকৈ মুক্তি প্ৰাপ্ত থ্ৰিলাৰ-ড্ৰামা 'ৰানৱে-৩৪' ত দেখা গৈছে (CarryMinati bollywood movie name) । ছবিখনৰ মুখ্য অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা অজয় দেৱগণক এই ছবিখনৰ বাবে দৰ্শকে যথেষ্ট প্ৰশংসা কৰিছে (CarryMinati on Ajay Devgn) ।

কেৰী মিনতিয়ে শ্বেয়াৰ কৰিছে যে, "মই ৰানৱে-34 ৰ অংশ হ’বলৈ পাই সুখী অনুভৱ কৰিছো ৷ অনুৰাগী সকলৰ মৰমৰ বাবে মই বহুত কৃতজ্ঞ ৷ এই কেমিঅ' চৰিত্ৰটোৱে মোক মোৰ ব্যক্তিত্বৰ এটা নতুন দিশ আৱিষ্কাৰ কৰাত সহায় কৰিছে, মই অজয় দেৱগণৰ সৈতে কাম কৰি সুখী হৈছো । মই তেওঁক কৈছো যে মোক আপোনাৰ চকুৰ কপিৰাইট লাগে’’ ।

কেৰীয়ে লগতে কয় "যদি তেওঁৰ উৎকৃষ্ট পৰিচালনা, দক্ষতা, শুদ্ধ আৰু বিচক্ষণ কৰাৰ সামৰ্থ্য নাথাকিলহেঁতেন, মই ছবিখনত এই চমু চৰিত্ৰটো পালন কৰিবলৈ সক্ষম নহ'লোহেঁতেন" । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয়, ৰকুল প্ৰীত সিং আৰু অমিতাভ বচ্চনে (Runway 34 cast) ।

কেৰী মিনতিৰ প্ৰকৃত নাম অজয় নগৰ আৰু তেওঁ ইউটিউবাৰ হিচাপে বিখ্যাত । কেৰীয়ে নিজৰ ভিডিঅ'ত অলাগতীয়াল কন্টেট লৈ ভিডিঅ' নিৰ্মাণ কৰা সকলক সমালোচনা কৰে । কেৱল সেয়াই নহয়, কেৰীয়ে এই লোকসকলৰ বাবে অশালীন ভাষাও ব্যৱহাৰ কৰে ।

কেৰীয়ে বিশ্বাস কৰে যে সামাজিক মাধ্যমত সমাজৰ বাবে উপকাৰী সমল লৈহে ভিডিঅ’ আপলোড কৰা উচিত ।

লগতে পঢ়ক: চাওক কিয়াৰা আদৱানীৰ গ্লেমাৰাছ ফটোশ্বুটৰ একাংশ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.