ETV Bharat / entertainment

Paresh Rawal latest news: বাংলা সম্প্ৰদায়ৰ ওপৰত কৰা মন্তব্যৰ গোচৰত পৰেশ ৰাৱালক কলকাতা উচ্চ ন্যায়ালয়ে দিলে সকাহ

author img

By

Published : Feb 6, 2023, 9:45 PM IST

কলকাতা উচ্চ ন্যায়ালয়ৰ পৰা বৃহৎ সকাহ পালে বলীউডৰ প্ৰবীণ অভিনেতা পৰেশ ৰাৱালে (Paresh Rawal latest news)। বাঙালী সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগত ৰুজু হোৱা এফআইআৰ বাতিল কৰিছে আদালতে ।

Paresh Rawal
পৰেশ ৰাৱালক কলিকতা উচ্চ ন্যায়ালয়ে দিলে সকাহ

চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী: বলীউডৰ প্ৰবীণ অভিনেতা পৰেশ ৰাৱাল সন্দৰ্ভত ডাঙৰ খবৰ (Paresh Rawal news) ৷ বিতৰ্কত সোমাই পৰা অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা পৰেশ ৰাৱালে কলকাতা উচ্চ ন্যায়ালয়ৰ পৰা সকাহ পাইছে । বিগত বছৰৰ 29 নৱেম্বৰত গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাঙালী সম্প্ৰদায়ৰ ওপৰত কৰা মন্তব্যৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছিল তেওঁ ৷ কলকাতা আৰক্ষীয়ে চমন জাৰি কৰিছিল অভিনেতাজনক ৷ বঙালী সম্প্ৰদায় সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে কলকাতা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল । এতিয়া আদালতে শুনানিৰ সময়ত তেওঁক ডাঙৰ সকাহ দিছে আৰু তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰিছে ।

আপোনালোকক জনাওঁ যে কলকাতা আৰক্ষীয়ে বলীউডৰ অভিনেতা পৰেশ ৰাৱালক শেহতীয়াকৈ বঙালীক লৈ কৰা মন্তব্যৰ বাবে চমন জাৰি কৰিছিল । এজন জ্যেষ্ঠ বিষয়াই এই তথ্য দিছিল । তেওঁ জনোৱা মতে, গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এক মন্তব্যৰ সন্দৰ্ভত 60 বছৰীয়া অভিনেতা গৰাকীক 12 ডিচেম্বৰত তালতলা থানালৈ জেৰাৰ বাবে মাতি অনা হৈছিল (Paresh Rawal on Bengali community ) । বাঙালীয়ে মাছ খোৱা সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে কলকাতা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয় ।

এই সন্দৰ্ভত, অ’ মাই গড অভিনেতাজনে নিজ মন্তব্যৰ বিষয়ে স্পষ্ট কৰি দিছিল যে তেওঁৰ মন্তব্য বিকৃত কৰা হৈছে । তেওঁ তালতলা আৰক্ষী থানাৰ জাননীক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল, য'ত তেওঁ কৈছিল যে গুজৰাটীত দিয়া তেওঁৰ ভাষণৰ ভুল ব্যাখ্যা কৰা হৈছিল আৰু ৰাজনৈতিক পাক দি প্ৰতিশোধৰ ভাৱনাৰে ভুলকৈ অনুবাদ কৰা হৈছিল, যাৰ পিছত উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো খাৰিজ কৰিছে ।

‘বঙালীৰ বাবে মাছ ৰান্ধক’...এই মন্তব্যৰ পিছত পৰেশ ৰাৱালৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে চিপিআই(এম)ৰ নেতা আৰু দলৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে । পৰেশ ৰাৱালৰ শেহতীয়া এই বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ বহু খেলিমেলি সৃষ্টি কৰিছিল । মানুহৰ খং উঠাৰ পিছত পৰেশ ৰাৱালে ছ’চিয়েল মিডিয়াত ক্ষমা খুজিছিল, ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে থানাতো গোচৰ ৰুজু হৈছিল ।

লগতে পঢ়ক : SRK news: এক্সন ষ্টাৰ হিচাপে শ্বাহৰুখৰ আৰম্ভণিহে মাথোন এয়া: সিদ্ধাৰ্থ আনন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.