ETV Bharat / entertainment

CBFC Corruption Case: অভিনেতা বিশালৰ পৰা চেন্সৰ ব’ৰ্ডে উৎকোচ লোৱাৰ অভিযোগত অশোক পণ্ডিতৰ প্ৰতিক্ৰিয়া, চিবিআইৰ তদন্তৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:06 PM IST

Ashoke Pandit reacts to Vishal's allegations against CBFC, Demanding CBI enquiry
চিবিএফচি দুৰ্নীতিৰ গোচৰ

বৃহস্পতিবাৰে তামিল অভিনেতা বিশালে চিবিএফচিয়ে তেওঁৰ ছবি ‘মাৰ্ক এণ্টনি’ৰ বাবে চেন্সৰৰ প্ৰমাণ পত্ৰ দিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত এতিয়া প্ৰাক্তন চেন্সৰ ব’ৰ্ডৰ সদস্য অশোক পণ্ডিতে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: সম্প্ৰতি চৰ্চাত দক্ষিণৰ ছবিৰ ছুপাৰষ্টাৰ বিশাল ৷ দৰাচলতে শেহতীয়াকৈ মুক্তি লাভ কৰিছে বিশালৰ অভিনীত ছবি ‘মাৰ্ক এণ্টনি’ ৷ কিন্তু এই ছবিখন চেন্সৰ ব’ৰ্ডৰ পৰা গৃহীত কৰিবলৈ উৎকোচ দিবলগীয়া হোৱা বুলি অভিনেতাজনে শেহতীয়াকৈ প্ৰকাশ কৰিছে ৷ অভিনেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰাৰ পিচতে চিবিএফচি (Central Board of Film Certification) আৰু চলচ্চিত্ৰ জগতত চাঞ্চল্যৰ সৃষ্টি হৈছে । অভিনেতাগৰাকীয়ে এই বিষয়ত কঠোৰ ব্যৱস্থা ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আবেদন জনাইছিল । এতিয়া এই বিষয়ত আহিছে প্ৰাক্তন চেন্সৰ ব’ৰ্ডৰ সদস্য অশোক পণ্ডিতৰ প্ৰতিক্ৰিয়া ।

চিবিআইৰ তদন্তৰ অনুৰোধ

এক সাক্ষাৎকাৰত অশোক পণ্ডিতে এই সন্দৰ্ভত কয়, ‘‘আই এফ টি ডি এৰ হৈ আমি চেন্সৰ ব’ৰ্ডৰ অধ্যক্ষ তথা জনপ্ৰিয় সাহিত্যিক প্ৰসুন যোশীলৈ এখন পত্ৰ লিখিছো, এই বিষয়ত চি বি আইৰ তদন্তৰ দাবী জনাইছো । যিসকল লোকে অভিনেতাজনৰ পৰা উৎকোচ লৈছে তেওঁলোক চেন্সৰ ব’ৰ্ডৰ নহয়, সেয়েহে যিয়েই ধন লৈছে ইয়াৰ তদন্ত হোৱা উচিত।’’

কি আছিল বিশালৰ অভিযোগ ?

বিশালে ২৮ ছেপ্টেম্বৰত নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউন্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । এই ভিডিঅ'টোত তেওঁ কৈছিল, ‘‘ৰূপালী পৰ্দাত দুৰ্নীতি দেখুওৱাটো ঠিকেই আছে, কিন্তু বাস্তৱ জীৱনত ই হজম নহয়, বিশেষকৈ চৰকাৰী কাৰ্যালয়ত, তাতোকৈ বেয়া কথাটো হ'ল চেন্সৰ ব'ৰ্ড (চিবিএফচি)ত দুৰ্নীতি হৈ আছে ৷ মোৰ ছবি মাৰ্ক এণ্টনীৰ হিন্দী সংস্কৰণৰ বাবে ৬.৫ লাখ টকা, প্ৰদৰ্শনৰ বাবে ৩ লাখ আৰু চাৰ্টিফিকেটৰ বাবে ৩.৫ লাখ টকা দিব লগা হৈছিল ৷ এইবাৰ প্ৰথমবাৰৰ বাবে চেন্সৰ ব’ৰ্ডত দুৰ্নীতিৰ সন্মুখীন হ’লোঁ, ছবিখন মুক্তি পোৱাৰ পথত আছিল আৰু আমাৰ হাতত আন কোনো বিকল্প নাছিল, কাৰণ ছবিখনত বহুত টকা বিনিয়োগ কৰা হৈছে ।’’

প্ৰধানমন্ত্ৰী মোদী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ আবেদন

একে সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেকো এই বিষয়ত সচেতন হ’বলৈ আহ্বান জনাইছিল অভিনেতাগৰাকীয়ে । অভিনেতাজনে লগতে কৈছিল, ‘‘এই বিষয়টো মই মহাৰাষ্ট্ৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ দৃষ্টিগোচৰ কৰিছো, এই কামটো মোৰ বাবেই নহয়, ভৱিষ্যতে প্ৰযোজকসকলৰ বাবেও এক আৰামদায়ক হ’ব, মোৰ কষ্টোপাৰ্জিত ধন দুৰ্নীতিৰ ফলত হেৰাই গৈছে । হয়, সকলো প্ৰমাণ দাখিল কৰা হৈছে, আশাকৰোঁ সদায়ৰ দৰেই সত্যই প্ৰাধান্য পাব ।’’ উল্লেখ্য যে, অভিনেতাজনে এই গোচৰৰ সৈতে জড়িত সকলো বেংক লেনদেনৰ সবিশেষ প্ৰমাণ হিচাপে শ্বেয়াৰ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Rakhi Sawant Biopic: নিজৰ বায়’পিক নিৰ্মাণ কৰিবলৈ এই গৰাকী পৰিচালকক অনুৰোধ জনালে ৰাখী সাৱন্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.