ETV Bharat / entertainment

Animal Song: শিশু দিৱসত মুক্তি ৰণবীৰ কাপুৰৰ এনিমেলৰ নতুন গীত পাপা মেৰী জান

author img

By ANI

Published : Nov 14, 2023, 12:30 PM IST

ৰণবীৰ কাপুৰৰ অভিনীত ছবি এনিমেলৰ তৃতীয়টো গীত মুক্তি ৷ য’ত পিতা-পুত্ৰৰ সম্পৰ্ক সুন্দৰকৈ দেখুওৱা হৈছে ৷ ইয়াত চাওক গীতটো ৷

Animal: New song 'Papa Meri Jaan' shows Anil-Ranbir's father-son relationship
এনিমেলৰ নতুন গীত পাপা মেৰী জান মুকলি

চিটাৰা ডেস্ক, 14 নৱেম্বৰ: বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ তেওঁৰ আগন্তুক ছবি ‘এনিমেল’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনত অভিনেতাজনে গেংষ্টাৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে । কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তিৰ পিচতে অনুৰাগীয়ে এনিমেল ছবিখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ ইফালে নিৰ্মাতাসকলে এনিমেলৰ আন এটা নতুন গীত মুকলি কৰিছে ৷ গীতটিৰ নাম ‘পাপা মেৰী জান’ । ইয়াৰ পূৰ্বে ছবিখনৰ দুটা ৰোমান্টিক গীত মুকলি কৰিছিল ৷ কিন্তু ছবিখনৰ এই নতুন গীতটো ৰোমান্টিক নহয় অথচ আৱেগিক গীত হে । এই গীতটিত অনিল কাপুৰ আৰু ৰণবীৰ কাপুৰৰ পিতৃ-পুত্ৰৰ বন্ধন দেখুওৱা হৈছে। ৰণবীৰ কাপুৰে নিজৰ অভিনয়ৰে গীতটিত প্ৰাণ ঢালিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ।

এনিমেলৰ নতুন গীত পাপা মেৰী জান এটি আবেগিক গীত । পিতৃ-পুত্ৰৰ চৰিত্ৰত দেখা গৈছে অনিল কাপুৰ আৰু ৰণবীৰ কাপুৰক । দুয়োৰে মাজত আবেগিক কেমেষ্ট্ৰী সুন্দৰভাৱে দেখুওৱা হৈছে । ছবিখনৰ দুৰ্বল দিশটো গীতটোত দেখুওৱা হৈছে । ইফালে অভিনেত্ৰী ৰশ্মিকা মন্দন্নাৰ আভাসো কিছুমান দৃশ্যত দেখা গৈছে । আজি শিশু দিৱস উপলক্ষে এই গীতটোৰ হিন্দী, তেলুগু, তামিল, মালয়ালম আৰু কানাড়া সংস্কৰণো মুকলি কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এনিমেলত ৰণবীৰ কাপুৰে পিতৃৰ মৰমৰ বাবে হাহাকাৰ কৰা পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখনৰ এইটো হৈছে তৃতীয়টো গীত, যিটো মুক্তিৰ লগে লগে দৰ্শকে পছন্দ কৰিছে । আটাইতকৈ বিশেষ কথাটো হ’ল গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী সোনু নিগমে । তেওঁৰ সুৰীয়া কণ্ঠই এই গীতটিত প্ৰাণ ঢালি দিয়ে ।

উল্লেখ্য যে, অনুৰাগীসকল অতিশয় উৎসাহিত এনিমেল ছবিখনক লৈ, ইয়াৰ কাৰণ হৈছে ৰণবীৰ কাপুৰ । ছবিখনত ৰণবীৰ এজন ছিৰিয়েল কিলাৰ তথা মাফিয়াৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত অনিল কাপুৰ, ৰশ্মিকা মন্দন্না আৰু ববি দেওলে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ত্ৰুপ্তী ডিমৰীকো দেখা যাব ছবিখনত । এই ছবিখনত সংগীত দিছে ভূষণ কুমাৰ আৰু কৃষ্ণ কুমাৰৰ টি ছিৰিজে । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ক্ৰাইম ছবিখন চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি পাব ।

লগতে পঢ়ক: Shehnaaz Gill: মুখ লুকুৱাই কাৰ সৈতে বদ্ৰীনাথ ধাম দৰ্শন কৰিলে শ্বেহনাজে, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.