ETV Bharat / entertainment

Naatu Naatu wins Oscars: আৰু অৱশেষত Naatu Naatu ৰ ষ্টেপত প্ৰাণ খুলি নাচিছে ভাৰতে

author img

By

Published : Mar 13, 2023, 10:03 AM IST

Oscar
অস্কাৰ ২০২৩ ত ইতিহাস সৃষ্টি কৰিলে নাটু নাটুৱে

এতিয়া সম্পূৰ্ণ ভলিউমত নাটু নাটু অন কৰাৰ সময় যিহেতু আৰ আৰ আৰৰ এই জনপ্ৰিয় গীতটোৱে অস্কাৰ ২০২৩ ত ইতিহাস সৃষ্টি কৰিছে । সমগ্ৰ বিশ্বতে থকা ভাৰতীয়সকলৰ বাবে আনন্দৰ কোনো সীমা নাইকিয়া হৈ পৰিছে কিয়নো নাটু নাটুৱে লেডী গাগা, ৰিহানা আৰু ডায়েন ৱাৰেনৰ দৰে শিল্পীক পিছ পেলাই শ্ৰেষ্ঠ মূল গীতৰ ট্ৰফী লৈ ঘৰমুৱা হৈছে (naatu naatu wins oscars) ।

চিটাৰা ডেস্ক, 13 মাৰ্চ : গোল্ডেন গ্ল’ব জয় কৰাৰ পিছত আৰ আৰ আৰৰ গীত নাতু নাটুৱে ২০২৩ চনৰ অস্কাৰত ইতিহাসৰ সৃষ্টি কৰে । গায়ক ৰাহুল ছিপলিগঞ্জ আৰু কালা ভৈৰৱৰ উচ্চ-শক্তিপ্ৰদৰ্শন আৰু এম এম কীৰাভানীৰ উজ্জ্বল ৰচনা, এছ এছ ৰাজামৌলীৰ এই বহুল চৰ্চিত ছবি আৰ আৰ আৰৰ নাটু নাটুয়ে এতিয়ালৈকে ভাৰতৰ দুটা দশক পুৰণি ৩ টাকৈ অভিলেখ ভংগ কৰিছে । নাটু নাটু অস্কাৰত শ্ৰেষ্ঠ মূল গীত শিতানত জয় লাভ কৰা প্ৰথমটো ভাৰতীয় গান (naatu wins best original song at oscars) ।

ভাৰতীয় চিনেমা গীত আৰু নৃত্যৰ ক্ৰমৰ বাবে পৰিচিত । প্ৰতি বছৰে শ শ গীতে মুক্তি লাভ কৰে আৰু এটা সময়ৰ পিছত ট্ৰেকৰ পৰা আঁতৰি যায় ৷ খুব কমেইহে এনেকুৱা গান থাকে যিয়ে শ্ৰোতাৰ মাজত দীঘলীয়া সময় উপভোগ কৰে । কিন্তু নাটু নাটুৰ দৰে কেতিয়াও কোনো গান নাছিল । গীতটোৱে অস্কাৰ বিজয়ৰ সৈতে ভাৰতক বিশ্বৰ মানচিত্ৰত স্থান দিছিল ।

আৰ আৰ আৰৰ নাটু নাটুৱে টেল ইট লাইক এ ৱমেন, ৰিহানাৰ লিফ্ট মি আপ ফ্ৰম ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ, দিছ ইজ লাইফ, ফ্ৰম এভৰিথিং, এভৰিৱেৰ অল এট ৱানচ আৰু লেডী গাগাৰ হোল্ড মাই হেণ্ড ফ্ৰম দ্য টপ গান: মেভেৰিক চলচ্চিত্ৰখন সমূহক পাছ পেলাই অস্কাৰ লাভ কৰে (Naatu Naatu oscars 2023) ।

অস্কাৰৰ পূৰ্বে সকলোতে উত্তেজনাৰ সৃষ্টি হৈছিল কাৰণ সমগ্ৰ বিশ্বৰ লাখ লাখ ভাৰতীয়ই নাটু নাটুৰ বাবে এই বঁটা লাভৰ বাবে আশা কৰি আছিল । আৰ আৰ আৰৰ নাটু নাটুকে ধৰি সাতটা গীতেৰে গঠিত এটা আকৰ্ষণীয় এলবাম আছে যদিও এই শক্তিশালী নৃত্য নম্বৰটোৱেই সমগ্ৰ বিশ্বতে সকলোকে নাচিবলৈ বাধ্য কৰিছিল (rrr song wins oscars 2023) । জাপানৰ স্কুলীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি বিটিএছৰ জংকুক, ভাৰতত থকা দক্ষিণ কোৰিয়াৰ দূতাবাসৰ কৰ্মচাৰীৰ পৰা প্ৰসিদ্ধ ব্যৱসায়ী আনন্দ মহিন্দ্ৰালৈকে সকলোৱে নাটু নাটু গীতটোত নৃত্য কৰিছিল ।

কীৰাৱানীৰ আশ্চৰ্যজনক স্পন্দন এফালে, নাটু নাটুৰ অভূতপূৰ্ব গ্ৰহণযোগ্যতা আৰু বিশ্বব্যাপী জনপ্ৰিয়তাৰ এটা কাৰণ হৈছে প্ৰেম ৰক্ষিতৰ উন্মাদ নৃত্য পৰিচালনা । তেওঁ চাৰি মিনিট আৰু ৩৫ ছেকেণ্ড দীঘলীয়া ট্ৰেকটো দৰ্শকে চাব পৰা কৰ তুলিবলৈ কোনো ধৰণৰ কৃপণালি নকৰিলে । তেলেগু চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰিগণিত চলচ্চিত্ৰখনৰ আগশাৰীৰ পুৰুষ ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰৰ মাজৰ নিখুঁত সমন্বয়ে ইতিমধ্যে চাৰ্জ কৰা গীতটোক উন্নীত কৰি তুলিছিল ।

লগতে পঢ়ক : The Elephant Whisperers এ ৰচিলে ইতিহাস, অস্কাৰ ২০২৩ ত আজুৰিলে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.