ETV Bharat / entertainment

Aaradhya Bachchan: কিয় ন্যায়ালয়ৰ কাষ চাপিছে আৰাধ্যা বচ্চন ? ২০ এপ্ৰিলত হ’ব শুনানি

author img

By

Published : Apr 20, 2023, 12:24 PM IST

অমিতাভ বচ্চনৰ নাতিনীয়েক আৰাধ্যা বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত ইউটিউব টেবলয়ড বলীউড টাইমছৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে (Aaradhya bachchan moves delhi HC)। বলীউড টাইমছৰ বিৰুদ্ধে আৰাধ্যাৰ স্বাস্থ্য আৰু জীৱনৰ কথিত ভুৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগ ।

Amitabh Bachchans granddaughter moves Delhi HC against Youtube channels over fake reporting
দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতিনীয়েক আৰাধ্যা বচ্চন

চিটাৰা ডেস্ক, 20 এপ্ৰিল: ইউটিউব টেবলয়ড বলীউড টাইমছৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতিনীয়েক আৰাধ্যা বচ্চন (Fake news about aaradhyas health)। আৰাধ্যা বচ্চনৰ স্বাস্থ্য সম্পৰ্কীয় ভুৱা তথ্য বিয়পাই থকা ইউটিউব টেবলয়ডৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে আৰাধ্যাই (Amitabh Bachchans granddaughter Aaradhya) ।

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ ১১ বছৰীয়া কন্যা আৰাধ্যা যিহেতু নাবালিকা সেয়াহে এনেধৰণৰ বাতৰি প্ৰকাশৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ অনুৰোধ জনাইছে । জানিব পৰা মতে, ২০ এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব ৷ ন্যায়াধীশ চি হৰিশংকৰৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি (Aaradhya bachchan moves delhi HC)।

আৰাধ্যাই দাখিল কৰা আবেদন অনুসৰি বিগ বিৰ নাতিনীয়েকৰ বিষয়ে “সকলো ভিডিঅ’ ডি-লিষ্ট আৰু নিষ্ক্ৰিয়” কৰিবলৈ দহটা সংস্থাক আহ্বান জনোৱা হৈছে । এই গোচৰত এতিয়া গুগল এল এল চি আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (অভিযোগ কোষ)ক পক্ষ হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে বচ্চন পৰিয়ালে, এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই (Big Bs grand daughter)।

শেহতীয়াকৈ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ বিখ্যাত মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰাধ্যা আৰু ঐশ্বৰ্য ৰায় বচ্চন (Youtube tabloid reports fake news about aaradhya) । ঐশ্বৰ্যই অনুষ্ঠানত সম্পূৰ্ণ ক’লা ৰঙৰ কাপোৰ পৰিধান কৰা দেখা গৈছিল, আনহাতে আৰাধ্যাই পৰম্পৰাগত বগা সাজ-পোছাক পৰিধান কৰিছিল । আৰাধ্যা বৰ্তমান মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে বচ্চন পৰিয়ালৰ সৈতে জড়িত হোৱাৰ নিজস্ব অসুবিধা আছে। বিভিন্ন কাৰণত সঘনাই আৰাধ্যা বচ্চনক টাৰ্গেট কৰি আহিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে (Aishwarya and Abhisheks daughter) ।

ছ’চিয়েল মিডিয়াত আৰাধ্যাই যি সমালোচনা লাভ কৰিছে তাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিষেক বচ্চনে কয়, "এয়া সম্পূৰ্ণ অগ্ৰহণযোগ্য আৰু মই সহ্য নকৰো । যিহেতু মই সুপৰিচিত, সেয়া ঠিকেই আছে; অৱশ্যে মোৰ ছোৱালীজনী অফ-লিমিট । মোৰ ছোৱালীজনীৰ ওপৰত মন্তব্যৰ অনুমতি নাই । পৰ্দাৰ আঁৰত লুকাই ট্ৰল কৰাতকৈ কিবা ক’বলগীয়া থাকিলে মোৰ লগত কথা পাতিব আহক।’

লগতে পঢ়ক: Parineeti Chopra: ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ খবৰত মৌনতা ভংগ কৰিলে পৰিণীতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.