ETV Bharat / entertainment

Gigi Hadid in Mumbai : মুম্বাই ভ্ৰমণকালত নাৰিকলৰ পানীৰ সোৱাদ ল’লে গিগী হাদিদে

author img

By

Published : Apr 3, 2023, 3:52 PM IST

American model Gigi Hadid shared her first Mumbai journey photos see pics
মুম্বাই যাত্ৰাৰ ফটো শ্বেয়াৰ গিগী হাদিদৰ

নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ গ্ৰেণ্ড মুকলি অনুষ্ঠানলৈ অহা আমেৰিকাৰ ছুপাৰ মডেল গিগী হাদিদে ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰথম মুম্বাই যাত্ৰাৰ কিছু আভাস শ্বেয়াৰ কৰিছে (Gigi Hadid in Mumbai)। গিগিৰ পোষ্টটো চাওঁ আহক...

চিটাৰা ডেস্ক, 3 এপ্ৰিল: শনিবাৰে সামৰণি পৰিল নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ দুদিনীয়া কাৰ্যসূচী । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তাৰকাৰে ভৰা এই সমাৱেশে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা ৷ এই অনুষ্ঠানটোত বলীউডৰ চেলিব্ৰিটিসকলে গোলাপী কাৰ্পেটত নিজৰ গ্লেমাৰ লুক প্ৰদৰ্শন কৰাৰ বিপৰীতে জেণ্ডায়া, টম হলণ্ড, গিগি হাদিদৰ দৰে হলিউডৰ চেলিব্ৰিটিসকলে ভাৰতীয় সাজত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে (Gigi Hadid in Mumbai) । শেহতীয়াকৈ গিগীয়ে সামাজিক মাধ্যমত মুম্বাইত কটোৱা সময়খিনিৰ কিছু ছবি পোষ্ট কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে (American model Gigi Hadid) ।

আমেৰিকাৰ ছুপাৰ মডেল গিগি হাদিদে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত মুম্বাই ভ্ৰমণৰ বহু ছবি শ্বেয়াৰ কৰিছে । এই ছবিবোৰ শ্বেয়াৰ কৰি গিগীয়ে ইয়াৰ কেপচনত এটা আৱেগিক টোকাও লিখিছে । পোষ্টটোৰ কেপচনত আমেৰিকাৰ ছুপাৰ মডেলগৰাকীয়ে লিখিছে, ‘এনএমএচিচিৰ মুকলি সপ্তাহৰ শেষৰ ফালে মোক মুম্বাইত আতিথ্য দিয়াৰ বাবে আম্বানী পৰিয়ালক আন্তৰিক ধন্যবাদ । ভাৰতৰ সৃষ্টিশীলতা আৰু ঐতিহ্যক উদযাপন আৰু বিকাশৰ বাবে এক সুন্দৰ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰত মোৰ পৰিয়ালৰ দৃষ্টিভংগী বাস্তৱায়িত হোৱাটো এটা গৌৰৱৰ কথা আছিল (Gigi Hadid latest photos)।

লগতে গিগীয়ে লিখিছে, "দ্য গ্ৰেট ইণ্ডিয়ান মিউজিকেল' আৰু 'ইণ্ডিয়া ইন ফেশ্বন'ৰ মুকলি নিশা চাই বহু কথাই শিকিলোঁ । মই জানো যে নৃত্যৰ পৰা ডিজাইনলৈকে, সংগীতৰ পৰা শিল্পলৈকে এই ঠাইখনে আগন্তুক প্ৰজন্মৰ আবেগক অন্বেষণ কৰিব। সুযোগ পালে ইয়ালৈ আহক আৰু ইয়াৰ প্ৰডাকচন চাওক । মই অতিশয় পৰামৰ্শ দিওঁ । ভাৰতলৈ অবিস্মৰণীয় প্ৰথম ভ্ৰমণ। বহুত প্ৰেম ।'

গিগীয়ে কেমেৰাত বন্দী কৰিলে মুম্বাইৰ ছবি

প্ৰথম ছবিখনত গিগীয়ে বন্ধুবৰ্গৰ সৈতে গেটৱে অৱ ইণ্ডিয়াৰ ওচৰত প’জ দিয়া দেখা গৈছে (Nita Mukesh Ambani Cultural Cente) । একে সময়তে গিগীয়ে নীতা আম্বানীৰ সৈতে হাত মিলাই থকা আন এখন ছবি শ্বেয়াৰ কৰিছে । পৰৱৰ্তী ছবিবোৰত মডেলগৰাকীয়ে এনএমএচিচিৰ কিছু আভাস দেখুৱাইছে । শেষৰ ছবিখনত গিগীয়ে নাৰিকলৰ পানীৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত গিগীয়ে হাতত নাৰিকল ধৰি আছে ।

গিগীৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আশাকৰোঁ আপুনি ভাৰতলৈ ঘূৰি আহিব আন কোনো অনুষ্ঠানৰ বাবে । ভাৰতত গিগীক দেখি ভাল লাগিল । আপোনাৰ প্ৰতি অধিক মৰম ।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘শীঘ্ৰে উভতি আহক । আমি সকলোৱে আপোনাক ভাল পাওঁ ।"

লগতে পঢ়ক: NMACC Gala: মঞ্চত ঝুমে জো পাঠান গীতত একেলগে নৃত্য পৰিৱেশন শ্বাহৰুখ ৰণবীৰ বৰুণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.