ETV Bharat / entertainment

Rashmika Mandanna: ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ কথিত প্ৰেমিক বিজয়ৰ প্ৰতিক্ৰিয়া, অভিনেত্ৰীগৰাকীয়ে বিজয়ৰ মন্তব্যত লিখিছে- একমত

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:28 PM IST

Agreed completely: Rashmika Mandanna responds to rumoured beau Vijay Deverakonda's suggestion to Centre on deepfake viral video
ৰশ্মিকাৰ উৰাবাতৰিৰ প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাইছে অভিনেত্ৰীগৰাকীয়ে

ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ৰ ঘটনাক লৈ বিজয় দেৱেৰাকোণ্ডাই শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । অভিনেত্ৰীগৰাকীয়ে বিজয়ৰ পোষ্টক লৈ এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: দক্ষিণ উদ্যোগৰ পৰা বলীউডলৈকে ৰশ্মিকা মন্দান্নাই নিজৰ উৎকৃষ্ট অভিনয়েৰে এক বিশেষ পৰিচয় গঢ়ি তুলিছে । কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকী তেওঁৰ এটা ডিপফেক ভিডিঅ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ৰশ্মিকাৰ ডিপফেক ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত এক প্ৰকাৰে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল ৷ ইফালে ভিডিঅ’টোক লৈ বহু জনপ্ৰিয় চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । অমিতাভ বচ্চন, কীৰ্তি সুৰেশ, মৃণাল ঠাকুৰ, ঈশান খট্টৰ, নাগা চৈতন্যকে ধৰি বহু লোকে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল ।

শেহতীয়াকৈ ৰশ্মিকাৰ কথিত প্ৰেমিক তথা অভিনেতা বিজয় দেৱেৰাকোণ্ডাইও এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । বিজয়ে কৈছিল, ‘‘ৰশ্মিকাৰ লগত যি হ’ল সেয়া কাৰো লগত হ’ব নালাগে ।’’ এতিয়া ৰশ্মিকাইও বিজয়ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাইছে ।

কথিত প্ৰেমিক বিজয়ৰ পোষ্টত ৰশ্মিকাৰ প্ৰতিক্ৰিয়া

বিজয় দেৱেৰাকোণ্ডাই তেওঁৰ ইনষ্টা ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত ‘ৰশ্মিকাৰ ভাইৰেল ভিডিঅ’ৰ পিচত ডিপফেকৰ ওপৰত চৰকাৰে ব্যৱস্থা লৈছিল । ইয়াৰ লগতে তেওঁ কেপচনত লিখিছিল, "ভৱিষ্যতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ । কাৰো লগত এনেকুৱা হ’ব নালাগে । ইয়াৰ সমান্তৰালকৈ এটা চাইবাৰ উইং শীঘ্ৰে গঠন কৰি এনে ঘটনা তৎকালীনভাৱে বন্ধ কৰি অপৰাধীক শাস্তি প্ৰদান কৰিব লাগে ।" ইফালে, ৰশ্মিকাই কথিত প্ৰেমিক বিজয়ৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী পুনৰ পোষ্ট কৰি লিখিছে, “সম্পূৰ্ণ একমত”।

ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ৰ ঘটনা কি ?

আচলতে শেহতীয়াকৈ ৰশ্মিকা মন্দান্নাৰ এটা FAKE ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত বেলেগ এগৰাকীৰ শৰীৰত ৰশ্মিকাৰ মুখ লগাই দিয়া হৈছিল, য’ত মহিলাগৰাকীয়ে ৰিভিলিং আউটফিট পিন্ধি লিফ্টত উঠা দেখা গৈছিল । এই ভিডিঅ’টো লগে লগে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত । অৱশ্যে একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আগবাঢ়ি আহি এই ভিডিঅ’টো ডিপ ফেক বুলি স্পষ্ট কৰিছিল । ইফালে ছুপাৰষ্টাৰ অমিতাভ বচ্চনেও ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইনী ব্যৱস্থাৰ দাবী জনায় ।

লগতে পঢ়ক: Rashmika Mandanna Video: ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কথিত প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.