ETV Bharat / entertainment

Akashdeep Deka: জন্মদিনত কন্যা নমামীলৈ বিশেষ উপহাৰ আকাশদ্বীপ ডেকাৰ

author img

By

Published : Aug 4, 2023, 11:21 AM IST

Updated : Aug 4, 2023, 11:57 AM IST

Actor Akashdeep Deka's emotional post about his daughter Namami
কন্যাক লৈ সামাজিক মাধ্যমত আবেগিক পোষ্ট আকাশদ্বীপ ডেকাৰ

কন্যাক লৈ সামাজিক মাধ্যমত আবেগিক পোষ্ট আকাশদ্বীপ ডেকাৰ । কন্যা ওপজা দিনৰ দিনাই আকাশদ্বীপ ডেকাই আৰম্ভ কৰিলে "নমামী প্ৰডাকচন"।

চিটাৰা ডেস্ক, 4 আগষ্ট: বৃহস্পতিবাৰে আছিল অভিনেতা আকাশদ্বীপ ডেকাৰ আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ একমাত্ৰ কন্যা নমামীৰ ওপজা দিন । নমামীৰ ওপজা দিন উপলক্ষে পিতৃ আকাশদ্বীপে আৰম্ভ কৰিলে কন্যাৰ নামেৰে "নমামীৰ প্ৰডাকচন"। য’ত বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বাবে ছিৰিয়েল, তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ, ৰাইজে উপভোগ কৰিব পাৰিব । সামাজিক মাধ্যম যোগে অনুৰাগীক আকাশদ্বীপ ডেকাই জনালে এই কথা ।

  • " class="align-text-top noRightClick twitterSection" data="">

কন্যাৰ জন্মদিন উপলক্ষে আকাশদ্বীপ ডেকাই সামাজিক মাধ্যমত আবেগেৰে ভৰা এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰে ৷ পোষ্টটোত অভিনেতাগৰাকীয়ে লিখিছে, ‘‘কন্যা সন্তান দেউতাকৰ অতি মৰমৰ আৰু কন্যাৰো দেউতাক বহুত বেছি মৰমৰ । নমামীক মই মোৰ মৰম বিলাক হিয়া ভৰাই উপচাই দিবৰ বাবে যিমান পাৰোঁ যত্ন কৰি আহিছো । তাইয়ে মোৰ সকলো । সময়ে হাজাৰ বাধা দিলেও, হাজাৰ ধুমুহা আনিলেও, মোৰ মৰমৰ পৰা নমামীক বঞ্চিত হ’ব দিয়া নাই, লাগিলে মোৰ বাবে সেয়া হাৰেই হওক বা জিতেই হওক ।’’

লগতে আকাশদ্বীপে উল্লেখ কৰে, ‘‘নমামী মোৰ নহয়, নমামী আমাৰ আৰু আপোনালোকৰ । প্ৰাৰ্থনা কৰিব জীৱনত তাই যাতে মহীয়সী হওক, সাহসী হওক, শক্তিশালী হওক, সু-স্বাস্থ্যৰে দীৰ্ঘায়ু হওক । জীৱনত প্ৰেৰণা বিলাকেই জীয়াই থকাৰ উৎস । প্ৰেৰণা বুলিবলৈ মোৰ আই আৰু নমামী । আজি এই ওপজা দিনত, মই নমামীৰ নামটো লগত সংগতি ৰাখি এটি "নমামী প্ৰডাকচন" আজিৰ পৰা আৰম্ভ কৰিলোঁ । য’ত আপোনালোকে বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বাবে ছিৰিয়েল, তথ্যচিত্ৰ আৰু চলচিত্ৰ, উপভোগ কৰিব পাৰিব ৷ আপোনালোকে নমামিক আৰু নমামী প্ৰডাকচনক মৰম আৰু আশীৰ্বাদ কৰিব ।"

কন্যাৰ জন্মদিন এনেদৰেই কন্যাক লৈ আবেগিক হৈ পৰা দেখা গ’ল অভিনেতা আকাশদ্বীপ ডেকা । লগতে কন্যাৰ লগত কটোৱা কিছু মুহূৰ্তৰ ছবিও সামাজিক মাধ্যমত প্ৰকাশ কৰিলে অভিনেতা গৰাকীয়ে ।

লগতে পঢ়ক: Audio song Mone Bisare released: মুছলপুৰ প্ৰেছ ক্লাৱত কণ্ঠশিল্পী অংকুৰজ্যোতিৰ “মনে বিচাৰে’’ শীৰ্ষক গীত মুকলি

Last Updated :Aug 4, 2023, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.