ETV Bharat / entertainment

Ram Charan: ভাল ছবি এখনত কোনো ভাষা নাথাকে বুলি আমেৰিকাত কয় ৰাম চৰণে

author img

By

Published : Mar 9, 2023, 1:29 PM IST

A good cinema doesnt have a language, says Ram Charan during RRR promotions in US
আৰ আৰ আৰ আৰু নাটু নাটুৰ সফলতাত উৎফুল্লিত অভিনেতা ৰাম চৰণ

আৰ আৰ আৰ আৰু নাটু নাটুৰ সফলতাত উৎফুল্লিত ছবিখনত অভিনয় কৰা ছুপাৰষ্টাৰ অভিনেতা ৰাম চৰণে । সম্প্ৰতি অভিনেতাগৰাকীয়ে নিজৰ শেষৰখন ছবিৰ প্ৰচাৰৰ বাবে আমেৰিকাত আছে। আমেৰিকাত দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেতাগৰাকীয়ে নাটু নাটু গীতটিৰ বিষয়ে কয় বহুকেইটা কথা ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 9 মাৰ্চ: শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভৰ প্ৰাকক্ষণত ভাৰতীয় ছুপাৰষ্টাৰ ৰাম চৰণ ব্যস্ত আমেৰিকাত নিজৰ ছবি আৰ আৰ আৰৰ প্ৰচাৰত (Ram Charan in US) । অভিনেতাগৰাকীয়ে শেহতীয়াকৈ দুটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ প্ৰথমে এণ্টাৰটেইনমেণ্ট টুনাইট টক শ্ব’ত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে (Indian superstar Ram Charan) ৷

টক শ্ব’ত ছুপাৰষ্টাৰগৰাকীয়ে আৰ আৰ আৰৰ বিশ্বব্যাপী আধিপত্যৰ বিষয়ে কয় আৰু আন এটা প’ডকাষ্ট কালচাৰ পপ অনুষ্ঠানটো অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে । আৰ আৰ আৰ চিনেমাৰ নাটু নাটু গীতটি ২০২৩ বৰ্ষৰ অস্কাৰৰ বাবে মনোনীত হৈছে ৷ এই গীতটি লেডী গাগা আৰু ৰিহানাৰ গীতৰ বিৰুদ্ধে যুঁজ দিব অস্কাৰত ।

আৰ আৰ আৰ ছবিখনে বিশ্বব্যাপী নিজৰ আদিপত্য বিস্তাৰ কৰাৰ কথা উল্লেখ কৰি টক শ্ব’ত ৰাম চৰণে কয়, "নাটু নাটু এতিয়া কেৱল আমাৰ গীত নহয়, ই এক ৰাজহুৱা গীতত পৰিণত হৈছে । বিভিন্ন বয়সৰ লোকে আৰু বিভিন্ন সংস্কৃতিৰ মানুহে এই গীতটি সম্পূৰ্ণ হৃদয়েৰে আকোৱালি লৈছে । মানুহে গীতৰ কথা বুজি নাপালেও গীতটিত ইমান মৰম দিলে তাৰ বাবে কৃতজ্ঞ (RRR fame Ram Charan)।"

ছুপাৰষ্টাৰগৰাকীৰ এই সাক্ষাৎকাৰৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত অতি তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ পিচতে টুইটাৰত ছুপাৰষ্টাৰগৰাকীৰ অনুৰাগীসকলে বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷ এজনে লিখিছে, “গ্ল’বেল ষ্টাৰ ৰামচৰণ।” "গ্ৰেট ইন্টাৰভিউ" ।

ষ্টিভ মেছনৰ সৈতে আন এটা প’ডকাষ্টত অভিনেতাগৰাকীয়ে ৰেড কাৰ্পেটত খোজ কাঢ়ি যোৱাৰ অতি বাস্তৱ অভিজ্ঞতাৰ বিষয়ে কয় । তেওঁ কয় যে অস্কাৰৰ উপস্থিত থাকিব অস্কাৰৰ এগৰাকী অনুৰাগী হিচাপে । ইফালে, ৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত অস্কাৰ অনুষ্ঠানত কণ্ঠশিল্পী ৰাহুল ছিপলিগঞ্জ আৰু কালা ভৈৰৱই কণ্ঠদান কৰিব এছ এছ ৰাজামৌলিৰ আৰ আৰ আৰৰ অস্কাৰৰ বাবে মনোনীত গীত ‘নাটু নাটু’ ত (Ram Charan in US for Oscars 2023) ।

এম.এম. কীৰাভানীয়ে, ৰচনা কৰিছিল গীতটিৰ সংগীত আনহাতে গীতৰ কথা ৰচনা কৰিছিল চন্দ্ৰবোছে (Naatu Naatu)। গীতটি অস্কাৰৰ বাবে মনোনীত হোৱাৰ পূৰ্বে কেইবাটাও বঁটা লাভ কৰিছিল নাটু নাটু গীতটিয়ে । এই বৰ্ষৰ জানুৱাৰী মাহত ‘শ্ৰেষ্ঠ মৌলিক গীত’ৰ বাবে গোল্ডেন গ্ল’ব লাভ কৰাৰ লগতে পাঁচ দিনৰ পাছত ২৮ সংখ্যক সমালোচক চয়ছ বঁটাত আৰু দুটা বঁটা লাভ কৰে এই গীতটিয়ে (RRR for Oscars 2023) ।

লগতে পঢ়ক: RRR movie release in USA: আমেৰিকাৰ বিখ্যাত ছবিগৃহত RRR চাবলৈ দৰ্শকৰ হেতা-ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.