ETV Bharat / entertainment

74th Republic Day:গণৰাজ্য দিৱসত আপোনাৰ মাজত দেশপ্ৰেম জগাই তুলিব পৰা কেইখনমান ছবিৰ কথা জানক

author img

By

Published : Jan 26, 2023, 11:42 AM IST

বলীউডে সদায়েই ভাৰতৰ শ্বহীদ সকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই দেশৰ নাগৰিক সকলৰ আগত তেওঁলোকৰ কাহিনী উপস্থাপন কৰি আহিছে ৷ আজি দেশে 74 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে ৷ যিসকলে আজিৰ দিনটোত ঘৰতে বহি দেশভক্তিৰ অনুভৱ ল’ব বিচাৰিছে তেওঁলোকলৈ কেইখনমান বিশেষ ছবিৰ কথা আগবঢ়ালো-

74th Republic Day
দেশপ্ৰেম মূলক ছবি

চিটাৰা ডেস্ক, 26 জানুৱাৰী : ভাৰতে বৃহস্পতিবাৰে 74 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে ৷ 1950 চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল । বহু চলচ্চিত্ৰ নিৰ্মাতাই আমাৰ দেশৰ সৌন্দৰ্য্য আৰু বীৰ জোৱানসকলৰ সাহস প্ৰদৰ্শন কৰি ছবি নিৰ্মাণ কৰি আহিছে, য’ত তেওঁলোকে দেশৰ স্বাধীনতা আৰু দেশপ্ৰেমৰ কাৰণে কৰা সংগ্ৰাম খুব সুন্দৰকৈ ছবিপ্ৰেমী দৰ্শকৰ আগত দাঙি ধৰে । যদি আপুনি আজিৰ দিনটো ঘৰতে থাকি উপভোগ কৰিবলৈ পৰিকল্পনা কৰিছে, তেন্তে জাতীয়তাবাদ শিপাই থকা আৰু দেশভক্তি জাগ্ৰত কৰিব পৰা কিছুমান চিনেমা চোৱাতকৈ উত্তম উপায় অইন একোৱেই নাই ।

গণৰাজ্য দিৱসৰ বিশেষ দিনটোত বলীউডত নিৰ্মাণ হোৱা কেইখনমান দেশপ্ৰেম মূলক ছবিৰ বিষয়ে আপোনালোকলৈ আগবঢ়ালো-

'Swades'

চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত শ্বাহৰুখ খানে তেওঁৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল । নাছাৰ এজন বিজ্ঞানী কেনেকৈ পুনৰ তেওঁৰ মাতৃভূমিৰ প্ৰেমত তাকে লৈ ছবিখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছিল । তেওঁ ভাৰতলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁৰ শৈশৱৰ গৃহচহৰ খনৰ বিকাশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰে । ছবিখনৰ এটা গান 'ইয়ে জো দেশ হে তেৰা' ই হৃদয়ত দেশপ্ৰেমৰ পৰম অনুভূতিৰে জগাই তোলে । আপুনি নেটফ্লিক্সত এই চিনেমাখন উপভোগ কৰিব পাৰিব ।

'Rang De Basanti'

প্ৰায় 17 বছৰ আগতে মুক্তি পোৱা আমীৰ খান, আৰ মাধৱন, কুনাল কাপুৰ, সোহা আলী খান আৰু সিদ্ধাৰ্থ বাৰ্মা অভিনীত এই ছবিখন সেই সময়ত উপভোগ কৰা প্ৰতিজনৰে আজিও এখন অন্যতম প্ৰিয় ছবি ৷ ছবিখন ঘনিষ্ঠ বন্ধুৰ এটা দলৰ যাত্ৰাক লৈ চলি থাকে ৷ দেশ সুৰক্ষাৰ দায়িত্বত থকা সকলক প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত এই ছবিখনে আলোকপাত কৰিছিল । চন্দ্ৰ শেখৰ আজাদ আৰু ভগত সিঙৰ দৰে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা ছবিখন বক্স অফিচত এক গুৰুত্বপূৰ্ণ হিট হিচাপে জনাজাত হৈছিল ।

'Airlift'

অক্ষয় কুমাৰ আৰু নিম্ৰত কৌৰ অভিনীত ছবিখনে কুৱেইট চহৰত আবদ্ধ হৈ থকা এজন সফল ব্যৱসায়ীৰ কাহিনী প্ৰদৰ্শন কৰিছিল যেতিয়া ইৰাকে তাত আক্ৰমণ কৰিছিল আৰু যাৰ ফলত হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক যুদ্ধক্ষেত্ৰত আবদ্ধ হৈ পৰিছিল । সঁচা ঘটনাৰ আধাৰত অনুপ্ৰাণিত চিনেমাখনৰ কাহিনীভাগত ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি কৰ্তৃপক্ষৰ সহায়ত ঘৰলৈ অনাৰ পূৰ্বে কি কি অৱস্থাৰ মাজেৰে পাৰ হৈছিল তাৰ এক প্ৰকৃত ছবি চিত্ৰিত কৰা হৈছিল ।

'Raazi'

হৰিন্দৰ সিং চিক্কাৰ উপন্যাস 'কলিং চেহমত'ৰ পৰা অভিযোজিত, মেঘনা গুলজাৰ পৰিচালিত এই ছবিখনত চেহমত খান নামৰে এগৰাকী যুৱতীৰ অনুপ্ৰেৰণামূলক কাহিনী দেখুওৱা হৈছে, যিয়ে পাকিস্তানী সেনা বিষয়া ইকবাল চৈয়দক বিয়া কৰায় আৰু ভাৰতীয় গুপ্তচৰ হিচাপে পাকিস্তানলৈ গুচি যায় । পাকিস্তানৰ পৰা গুৰুত্বপূৰ্ণ তথ্য বিচাৰি তেওঁ দেশক সহায় কৰিবলৈ দৃঢ়তাৰে কৰি যোৱা যুঁজ এই চলচ্চিত্ৰখনত উজ্জ্বলকৈ প্ৰদৰ্শন কৰা হৈছে ।

'Uri: The Surgical Strike'

বিকী কৌশল আৰু য়ামি গৌতমে অভিনয় কৰা এই ছবিখন নিঃসন্দেহে গণৰাজ্য দিৱসত চাব পৰা অন্যতম শ্ৰেষ্ঠ ছবি । ছবিখন সঁচা পৰিঘটনাৰ ওপৰত আধাৰিত আৰু পুলৱামা আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদীৰ ওপৰত চলোৱা আক্ৰমণৰ কাহিনী দেখুওৱা হৈছে । জনসাধাৰণৰ মাজত এই চিনেমাখন অসীম জনপ্ৰিয় হৈ পৰিছিল আৰু ব্লকবাষ্টাৰ হিট হিচাপে পৰিগণিত হৈছিল ।

'Shershaah'

বিষ্ণুবৰাধনৰ পৰিচালনাত নিৰ্মিত ‘শ্বেৰশাহ’ ছবিখন 1999 চনত কাৰ্গিল যুদ্ধৰ সময়ত পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ পৰা ভাৰতীয় ভূখণ্ড পুনৰ দখল কৰাৰ সময়ত জাতিৰ সেৱাত নিজৰ প্ৰাণ আহুতি দিয়া পৰম বীৰ চক্ৰ বঁটা বিজয়ী বিক্ৰম বাত্ৰাৰ জীৱনৰ ওপৰত আধাৰিত ৷ 2021 চনৰ 12 আগষ্টত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ছবিখনক সকলোৱে প্ৰশংসা কৰিছিল । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ।

জাতিটোক যথাযথ শ্ৰদ্ধা দি দৰ্শকৰ মাজত দেশপ্ৰেমমূলক অনুভৱ জাগ্ৰত কৰি তোলাত চলচ্চিত্ৰ উদ্যোগ কেতিয়াও পিছ পৰি থকা নাই (Bollywod patriotic movies) আৰু এই চিনেমাবোৰ তাৰেই প্ৰমাণ ।

লগতে পঢ়ক : Pathaan shows increased: পাঠান মেনিয়াই বেৰি ধৰিছে দেশ, চাহিদা দেখি 300 টা শ্ব' বৃদ্ধি কৰিলে নিৰ্মাতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.