ETV Bharat / entertainment

69th National Film Awards: ৰাষ্ট্ৰপতি মূৰ্মুৰ সৈতে পোজ দিলে 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলে

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:23 AM IST

69th National Film Awards Winners Alia bhatt, Kriti sanon, Allu Arjun and other celebs pose with President Droupadi Murmu, see photos
ৰাষ্ট্ৰপতি মূৰ্মুৰ সৈতে পোজ বঁটাৰ বিজয়ীসকলৰ

মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলক সন্মানীয় বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে । ইয়াৰ পিচত চেলিব্ৰিটিসকলে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফটো চেচন কৰে, ইয়াৰে কিছুমান ফটো পোহৰলৈ আহিছে । চাও আহক ফটোসমূহ...

চিটাৰা ডেস্ক, 18 অক্টোবৰ: মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈ যায় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণী অনুষ্ঠান । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বঁটা বিজয়ীসকলক এই সন্মানীয় বঁটাৰে সন্মানিত কৰে । এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ । ইফালে বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰপতিৰ সৈতে সকলো তাৰকাৰ ফটো চেচন অনুষ্ঠিত হয় ।

69th National Film Awards Winners Alia bhatt, Kriti sanon, Allu Arjun and other celebs pose with President Droupadi Murmu, see photos
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে

উল্লেখ্য যে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয় । ইয়াৰ বিপৰীতে আলিয়া ভাটক ‘গংগুবাই কাঠিয়াৱাড়ী’ আৰু কৃতি সেননক ‘মিমি’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয় ৷ বলীউডৰ অভিনেতা আৰ মাধৱনৰ পৰিচালনাত নিৰ্মিত ‘ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক’ ২০২১ চনৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে সন্মানিত কৰা হয় ৷ পোন প্ৰথমবাৰৰ বাবে দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয় । এই অনুষ্ঠানটোত এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ ছবিখনে ৬ টাকৈ বঁটা আজৰি আনিবলৈ সক্ষম হয় ।

69th National Film Awards Winners Alia bhatt, Kriti sanon, Allu Arjun and other celebs pose with President Droupadi Murmu, see photos
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সৈতে বলীউডৰ অভিনেত্ৰী তথা গায়িকা শ্ৰেয়া ঘোষাল

এই অনুষ্ঠানত ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু সদস্য উপস্থিত থাকে । বিজয়ীসকলে কেৱল ৰাষ্ট্ৰপতি মূৰ্মুৰ পৰা বঁটা লাভ কৰাই নহয়, তেওঁৰ সৈতে মত বিনিময়ো কৰা দেখা যায় আৰু তেওঁৰ সৈতে ফটো তোলাৰো সুযোগ লাভ কৰে ৷ দাদাচাহেব ফাল্কে জীৱনজোৰা সাফল্য বঁটাৰ সৈতে সকলো বিজয়ীৰ গ্ৰুপ ফটো তোলা হয় । আলিয়াৰ স্বামী তথা অভিনেতা ৰণবীৰ কাপুৰকো ছবিখনত পোজ দিয়া দেখা গৈছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হৈছে আটাইতকৈ সন্মানীয় বঁটাবোৰৰ ভিতৰত অন্যতম, যিটো প্ৰতি বছৰে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিভাক সন্মান জনোৱাৰ বাবে ঘোষণা কৰা হয় । কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ মতে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উদ্দেশ্য হৈছে ‘নান্দনিক আৰু কাৰিকৰী উৎকৰ্ষতা আৰু সামাজিক প্ৰাসংগিকতাৰ ছবি নিৰ্মাণক উৎসাহিত কৰা ।

লগতে পঢ়ক: Waheeda Rehman: দাদা চাহেব ফাল্কে বঁটা লাভ কৰি আৱেগিক হৈ পৰিল ৱাহিদা ৰেহমান, লাভ কৰিলে ষ্টেণ্ডিং অভেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.