ETV Bharat / entertainment

সন্দেহজনক অৱস্থাত উদ্ধাৰ অস্কাৰ বিজয়ী ছবি পেৰাচাইট খ্যাত অভিনেতা লি ছান-কিউনৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 1:59 PM IST

South Korean Actor Lee Sun-Kyun Death: দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউনৰ দেহাৱসান । বাহনত সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় লিৰ মৃতদেহ ।

Parasite star Lee Sun-kyun found dead after distressing note
লি ছান-কিউনৰ দেহাৱসান

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: অস্কাৰ বিজয়ী ছবি ‘পেৰাচাইট’ খ্যাত দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউন আৰু নাই । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৪৮ বছৰ । বুধবাৰে য়নহাপ নিউজ এজেন্সীয়ে তেওঁৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে । অবৈধ ড্ৰাগছৰ বিৰুদ্ধে চলি থকা চৰকাৰী পদক্ষেপৰ মাজতে এই চাঞ্চল্যকৰ খবৰ আহিছে । দৰাচলতে লি ছান-কিউনৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ অভিযোগত তদন্ত চলি আছিল ।

মৃত্যুৰ পূৰ্বে লিখিছিল চুইচাইড নোট

য়নহাপ নিউজ এজেন্সীৰ মতে, বুধবাৰে পুৱা ছিউলৰ এখন পাৰ্কৰ ওচৰত ৰখাই থোৱা বাহনৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতাগৰাকীক । লীৰ পত্নীয়ে অভিনেতাজনৰ নিৰুদ্দেশৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল আৰু কৈছিল যে অভিনেতাজনে ঘৰত এখন ছুইচাইড নোট এৰি থৈ গৈছিল ৷ তাৰ পিচতে লিক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান ৷ অভিযানত আৰক্ষীয়ে অচেতন অৱস্থাত বাহনৰ পৰা উদ্ধাৰ কৰে অভিনেতাগৰাকীক ৷ পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁৰ মৃত্যু নিশ্চিত কৰে ৷ অৰ্থাৎ বাহনৰ ভিতৰতেই মৃত্যু হৈছিল অভিনেতাগৰাকীৰ ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ড্ৰাগছৰ কঠোৰ আইনৰ বাবে পৰিচিত দক্ষিণ কোৰিয়াই ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰে । অপৰাধীক নূন্যতম ছমাহৰ কাৰাদণ্ড বিহা হয়, পুনৰাবৃত্তি কৰা অপৰাধীক আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বাবে ১৪ বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়া হয় ।

‘পেৰাচাইট’ৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল

১৯৭৫ চনত জন্মগ্ৰহণ কৰা লি ছান-কিউনে "পেৰাচাইট" ছবিখনত এটা ধনী পৰিয়ালৰ পিতৃ হিচাপে অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা লাভ কৰিছে । দক্ষিণ কোৰিয়াৰ চিনেমাত উৎকৃষ্ট অভিনয়ৰে তেওঁ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে । ২০১২ চনৰ থ্ৰিলাৰ "হেলপলেছ" আৰু ২০১৪ চনৰ হিট ছবি "অল এবাউট মাই ৱাইফ"ৰ দৰে ছবিত তেওঁৰ জোৰদাৰ ভূমিকাৰে অনুৰাগীৰ হৃদয় কৰিবলৈ সক্ষম হৈছিল ।

লীয়ে "ডাঃ ব্ৰেইন" ছিৰিজত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল

উল্লেখ্য যে, Apple TV+ প্ৰাৰম্ভিক কোৰিয়ান ভাষাৰ মূল ছিৰিজ "ডাঃ ব্ৰেইন"ত লীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । এই ৱেব শ্ব’টোৰ প্ৰিমিয়াৰ হৈছিল ২০২১ চনত । ছয় খণ্ডৰ এই বিজ্ঞান-কল্পকাহিনী থ্ৰিলাৰখন ৰহস্যৰ সন্ধান কৰা এজন ধৰ্মান্ধ স্নায়ু বিশেষজ্ঞ কোহ চে-ৱনৰ ওপৰত নিৰ্মিত ।

ইফালে লীৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ পৰিছে দক্ষিণ কোৰিয়াৰ উদ্যোগত ৷ অনুৰাগীয়ে বিশ্বাস কৰিব পৰা নাই যে লি আৰু তেওঁলোকৰ মাজত নাই ।

লগতে পঢ়ক: ৩২ বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানৰ দেহাৱসান, কিছুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.