ETV Bharat / crime

Cattle Preservation Act : 24 ঘণ্টাত কলিয়াবৰত জব্দ ২০৭ টা গৰুসহ ৮ খন বাহন

author img

By

Published : Jul 25, 2022, 6:56 PM IST

assam-police-operation-against-cattle-smuggling-in-kaliabor
কলিয়াবৰত ২০৭টা গৰুসহ বাহন জব্দ

গো-সুৰক্ষা আইনৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত দৈনিক সৰৰবৰাহ হৈ আছে ট্ৰাকে-ট্ৰাকে গৰু (Cattle smuggling in Assam) ৷ বিগত 24 ঘণ্টাত কলিয়াবৰতে জব্দ কৰা হৈছে ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন ৷

কলিয়াবৰ, 25 জুলাই: ‘গো সুৰক্ষা আইন’ৰ(Cattle Preservation Act) ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম স্থিতিত আছে চৰকাৰ-প্ৰশাসন ৷ গৰুৰ চোৰাং বেহা বিৰুদ্ধে দৈনিক আৰক্ষীয়ে অভিযান চলোৱাৰ লগতে শেহতীয়াকৈ ঈদৰ কুৰ্বানিৰ ক্ষেত্ৰতো জাৰি কৰা হৈছিল কেতবোৰ নীতি-নিৰ্দেশনা (Sacrifice animals on Eid)৷ যাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷

গো-ৰক্ষাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই থকাৰ পাছতো দৈনিক সৰবৰাহ হৈ আছে গৰু (Cattle smuggling in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংভাৱে সৰবৰাহ কৰা এনে গৰুভৰ্তি বাহন প্ৰায় প্ৰতিদিনেই জব্দ কৰি আহিছে আৰক্ষীয়ে ৷ কলিয়াবৰত আৰক্ষীৰ ধাৰাবাহিক অভিযানত জব্দ হৈছে ইখনৰ পিচত আনখন গৰুভৰ্তি বাহন । দুটা দিনত কলিয়াবৰত জব্দ কৰা হৈছে 8 খনকৈ গৰুভৰ্তি বাহন ৷

কলিয়াবৰত ২০৭টা গৰুসহ বাহন জব্দ

দেওবাৰে নিশা কলিয়াবৰৰ কুঠৰীত আৰক্ষীয়ে তিনিখন আৰু সোমবাৰে পুৱা দুখন অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ কৰে । বাগৰি আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে বাহনকেইখন । নিশা জব্দ কৰা বাহনৰ নম্বৰ AS 03 CC 2541, AS 12 BC 8192, AS 02 CC 9025 ৷ আনহাতে সোমবাৰে পুৱা জব্দ কৰা বাহন দুখনৰ নম্বৰ AS 02 BC 7318 আৰু AS 02 BC 5715 ৷ জব্দকৃত পাঁচখন বাহনৰ পৰা 85 টা গৰু উদ্ধাৰ কৰা হয় (Cattle seized at Kaliabor) ৷ আনহাতে দেওবাৰে পুৱাও AS 01 BC 9943 নম্বৰৰ এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ।

ইফালে, সোমবাৰে পুৱাও কলিয়াবৰ আৰক্ষীয় জব্দ কৰে দুখন গৰুভৰ্তি ট্ৰাক । ইয়াৰে এখন কণ্টেইনাৰ আৰু এখন ট্ৰাক । জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ AS 01 CC 8269 আৰু ট্ৰাকখনৰ নম্বৰ AS 02 CC 8834 ৷ দুয়োখন ট্ৰাকৰ পৰা মুঠ 85 টা গৰু জব্দ কৰা হয় ।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত চালক-হেণ্ডিমেনসহ 8 সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰে চুৰেন মুণ্ডা, জুলফিকুৰ আলি, মফিজুদ্দিন, বিনোদ বাউড়ী, জীয়াবুৰ ৰহমান, মুক্তাৰ হুছেইন, হাৰুন ৰছিদ আৰু আৰিফুল ইচলাম (Cattle smuggler at Kaliabor) ৷ উল্লেখ্য যে, বিগত 24 ঘণ্টাত 207 টা গৰুসহ 8 খন গৰুভৰ্তি বাহন জব্দ কৰা হয় কলিয়াবৰত ।

লগতে পঢ়ক: Population Control Bill : বুমেৰাং হ'ব নেকি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.