ETV Bharat / crime

অস্ত্ৰ-শস্ত্ৰসহ জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী

author img

By

Published : Jan 18, 2021, 10:44 PM IST

J&K: 2 terror operatives nabbed
জম্বু-কাশ্মীৰত অস্ত্ৰ-শস্ত্ৰৰ সৈতে সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ ৰামবন জিলাত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে, আটকাধীন লোক দুজনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

নিউজ ডেস্ক, 18 জানুৱাৰী : জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ ৰামবন জিলাত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে, আটকাধীন লোক দুজনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

আটক কৰা লোক দুজন নাম চোহেইল আহমেদ আৰু ওমৰ আহমেদ মলিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ দুয়োজন লোক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সেমথানৰ বাসিন্দা ৷ দুয়োজন লোক পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে বুজাপৰা থকা বুলিও আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, আৰক্ষীয়ে লোক দুজনৰ পৰা এটা ৰাইফল, এটা পিষ্টল, 16 টা গ্ৰেনেড, মেগজিন, 269 জাঁই সজীৱ গুলীৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বোমা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.