ETV Bharat / crime

বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত গেলামালৰ দোকান ছীল

author img

By

Published : Jul 16, 2021, 10:36 AM IST

বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত এখন গেলামালৰ দোকান ছীল (Seal) কৰি দিয়ে প্ৰশাসনে (Administration) ৷ অনিদিষ্ট কাললৈ অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ৷
Grocery store Seal for violating 144 law At Biswanath District
বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত গেলামালৰ দোকান ছীল

বিশ্বনাথ, 16 জুলাই‌ : বিশ্বনাথ চাৰিআলিত সান্ধ্য আইনৰ সময়ত খোলা ৰখা এখন গেলামালৰ দোকান ছীল কৰি দিয়ে বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথ ঘাট পথত অৱস্থিত দেৱী ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ধীৰজ গুপ্তা আৰু ৰাজেশ গুপ্তাই চৰকাৰে জাৰি কৰা সান্ধ্য আইন উলংঘা কৰি দোকানখনৰ খোলা ৰাখিছিল ৷ দোকান খন খোলা থকা অৱস্থাতে প্ৰশাসনে হাতে লোটে ধৰা পেলায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীক ৷ অৱশেষত উপয়ুক্তৰ (Deputy Commissioner) নিৰ্দেশমৰ্মে দোকানখন ছীৰ কৰি দিয়া হয় ৷

বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত গেলামালৰ দোকান ছীল

উল্লেখ্য যে, ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে বিশ্বনাথ জিলাৰ লগতে 7 খনকৈ জিলাক সম্পূৰ্ণ লকডাউন তথা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে চৰকাৰে ৷ ইয়াৰ সমান্তৰালকৈ বিশ্বনাথ জিলাখনো সম্পূৰ্ণ কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ এই নিৰ্দেশনা মৰ্মে জিলা কেইখনত সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সকলো দোকান পোহাৰ বন্ধৰ ৰখাৰ বাবে কঠোৰ নিৰ্দশনা প্ৰদান কৰা হৈছে । কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰী আৰু ফাৰ্মাচীহে খোলা থাকিব ৷

কিন্তু ইয়াৰ বিপৰীতে জিলা প্ৰশাসনৰ এই নিৰ্দেশ অমান্য কৰি বিশ্বনাথ নগৰত থকা 'দেবী ষ্টৰ' গেলামাল দোকানখন খুলি ব্যৱসায় অব্যাহত ৰাখে স্বত্বাধিকাৰী ধীৰজ গুপ্তা আৰু ৰাজেশ গুপ্তাই । ইফালে জিলা প্ৰশাসন লোকসকলে তহল দি থকাৰ সময়তে সম্পূৰ্ণ ঘটনাটো পোহৰলৈ আহে ৷

অৱশেষত প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অমান্য কৰাৰ অপৰাধত বৃহস্পতিবাৰে দোকানখন ছীল কৰি দিয়াৰ লগতে দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয় । আইন অনুসৰি দোকানখনৰ স্বত্তাধিকাৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ আইন অনুসৰি যি শাস্তি পাবলগীয়া হয়, সেইটা পাব বুলি সাংবাদিকৰ আগত সদৰি কৰে বিশ্বনাথৰ যোগান বিষয়া গৰাকীয়ে ৷ কোনো কাৰণতে যাতে প্ৰশাসনে জাৰি কৰা ক'ভিড নীতি নিয়ম উলংঘা নকৰে, তাৰ প্ৰতি সকলো ৰাইজক আহ্বান জনাইছে যোগান বিষয়া গৰাকীয়ে ৷ যিসকল লোকে এই আইন উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে প্ৰশাসনৰ লোক সকলে ৷

লগতে পঢ়ক-ক'ভিড সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰহাটৰ ৰাজপথত মহিলাৰ ফুট মাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.