ETV Bharat / crime

ধুবুৰী বি এন কলেজৰ ছাত্ৰীক gang rape ৰ অপচেষ্টা চাৰি যুৱকৰ

author img

By

Published : Nov 13, 2021, 10:35 PM IST

ধুবুৰী বি এন কলেজৰ ছাত্ৰীক gang rape ৰ অপচেষ্টা চাৰি যুৱকৰ
ধুবুৰী বি এন কলেজৰ ছাত্ৰীক gang rape ৰ অপচেষ্টা চাৰি যুৱকৰ

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰীক চাৰি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা । আৰক্ষী থানাত গোচৰ নিৰ্যাতিত ছাত্ৰীৰ ৷

ধুবুৰী, 13 নবেম্বৰ : ধুবুৰীৰ ৰাজপথত এগৰাকী কলেজীয়া ছাত্ৰীক চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই দলবদ্ধ ভাৱে আক্ৰমণ কৰা এক ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । দলবদ্ধভাৱে আক্ৰমণ কৰি ধৰ্ষণৰ অপচেষ্টা চাৰি দুৰ্বৃত্তৰ । এনে এক ঘটনাত আতংকিত হৈ পৰিছে কলেজীয়া ছাত্ৰী সকল । দৰাচলতে শুকুৰবাৰে ধুবুৰীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বি এন কলেজত স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰত এগৰাকী ছাত্ৰী কলেজৰ সন্মুখৰ পৰা এখন অ'টোত উঠি ঘৰলৈ যাত্ৰা কৰে ।

অটোখনৰ পিছ ফালৰ আসনত বহি আছিল আৰু চাৰিজনকৈ লোক । ঘৰ পোৱাৰ পূৰ্বে খালি ঠাইত অটো খনৰ পৰা ছাত্ৰী গৰাকীক প্ৰথমে নমাই লৈ লোক চাৰিজনে অটো চালক জনক যাবলৈ কয় । তাৰ পিছতেই চাৰি দুৰ্বৃত্তই ছাত্ৰী গৰাকীক টানি চোঁচৰাই অন্য ঠাইলৈ লৈ যোৱাৰ চেষ্টা কৰে । ব্লেড জাতীয় চোকা অস্ত্ৰৰ আঘাতত ৰক্তাক্ত হয় ছাত্ৰী গৰাকীৰ দুয়োখন হাত । অৱশ্যে ছাত্ৰী গৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰাত দুৰ্বৃত্তৰ দলটো পলাই সাৰে । অৱশ্যে নিৰ্যাতিত ছাত্ৰী গৰাকীয়ে ইতিমধ্যে চিনাক্ত কৰিছে চাৰি দুৰ্বৃত্তক । আক্ৰমণকাৰী চাৰি দুৰ্বৃত্তৰ দলত আছিল জয়নাল, কাবিল, মহোব্বত আৰু আমিৰ হুছেইন ।

ধুবুৰী বি এন কলেজৰ ছাত্ৰীক gang rape ৰ অপচেষ্টা চাৰি যুৱকৰ

ঘটনা সংক্ৰান্তত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে শুকুৰবাৰে নিশা ধুবুৰী সদৰ আৰক্ষী থানাত চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ইপিনে এই খবৰ বিয়পি পৰাৰ লগে লগে মহাবিদ্যালয় খনৰ আন ছাত্ৰী সকলৰ মাজত এক আতংকময় পৰিৱেশৰ সূচনা হৈছে । এই জঘন্য ঘটনাক গৰিহণা দি উচিত তদন্ত বিচাৰি ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে ধুবুৰী বি এন কলেজৰ অধ্যক্ষ ডo ধ্ৰুৱ চক্ৰৱৰ্তীয়ে।
লগতে পঢ়ক : উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.