ETV Bharat / city

তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি!

author img

By

Published : Nov 15, 2019, 12:27 PM IST

তিনিচুকীয়াৰ ডুমডুমা সমষ্টিৰ বাদলাভেটা-দুৱাৰমৰাত পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ । বি.বি.এন্টাৰপ্ৰাইজ নামৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ডুমডুমা, 15 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমিষ্টিৰ অন্তৰ্গত বাদলাভেটাৰ-দুৱাৰমৰা সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বি.বি.এন্টাৰপ্ৰাইজ নামৰ নিৰ্মাণৰ দায়িত্হ লাভ কৰা প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৭,২৫,৫৫,৭২৬ টকা ব্যয় সাপেক্ষে বাদলাভেটাৰ-দুৱাৰমৰালৈ প্ৰায় ১০ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মাটিৰ ওপৰতেই ব্লেকটেপিং দিয়াৰ বাবেই পথছোৱা চকলা চকলকৈ এৰাই যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ পৰিপেক্ষিতত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে স্থানীয় ৰাইজে পথটোৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে অভিযন্তা উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ তদাৰক নকৰা পৰ্যন্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত চলা এই দুৰ্নীতিৰ তদন্ত কৰিব কোনে ? গড়কাপ্তানী বিভাগক শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷

তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

আৰু পঢ়ক : চিৰাঙৰ বিজনীত পথ নিৰ্মাণত দুৰ্নীতি

Intro:Date: 15-11-2019

Slug: বাদলাভেটা-দুৱাৰমৰা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ।

: পথ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে কাকজানৰ ৰাইজে ।

V/O: এইবাৰ বাদলাভেটা-দুৱাৰমৰা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমিষ্টিৰ অন্তৰ্গত বাদলাভেটাৰ পৰা দুৱাৰমৰা সংযোগী পথ নিৰ্মানত ঠিকাদাৰী প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৭,২৫,৫৫,৭২৬ টকা ব্যয় সাপেক্ষে বাদলাভেটাৰ পৰা দুৱাৰমৰালৈ প্ৰায় ১০ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য চলি আছে । এই পথছোৱা নিৰ্মানৰ ঠিকা বি. বি. এন্টাৰপ্ৰাইজ নামৰ এটা পথ নিৰ্মাণকাৰী ঠিকাদাৰী সন্থাই লাভ কৰিছে । কিন্তু পথ নিৰ্মাণৰ কিছুদিন পাছতেই নিৰ্মাণ কৰা পথৰ ঠায়ে-ঠায়ে বখলা বখলে এৰি আহিছে । পথছোৱা নিৰ্মাণ কৰোতে মাটিৰ ওপৰতেই ব্লেকটেপিং দিয়াৰ বাবেই এনেদৰে পথছোৱা বখলা বখলে এৰি অহা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । যাৰ পৰিপেক্ষিতত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে স্থানীয় ৰাইজে পথছোৱাৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে অভিযন্তা উপস্থিত হৈ নিৰ্মাণকাৰ্যৰ তদাৰক নকৰা পৰ্যন্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিছে । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যত একাংশ পথ নিৰ্মাণকাৰী সংস্থা তথা মহৰী-ঠিকাদাৰে এনেদৰে নিম্নমানৰ কাম কৰি অহাৰ পাছতো চৰকাৰ তথা ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ গা-লৰা পৰিলক্ষিত হোৱা নাই ।

Byte: আমছু নেতা ।
Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 15-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.