ETV Bharat / city

লাইকা-দধীয়াবাসীৰ বাবে কি ক’লে অখিল গগৈয়ে

author img

By

Published : Apr 8, 2022, 3:11 PM IST

MLA Akhil Gogoi Comment on Laika Dodhia problem
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলালৈ ভ্ৰমণ কৰিলে অখিল গগৈয়ে । তিনিচুকীয়াত উপস্থিত হৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু লাইকা-দধীয়াবাসীৰ সমস্যাৰ ওপৰত আগবঢ়ায় কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য (Akhil Gogoi Comments on Laika Dodhia) ।

তিনিচুকীয়া, 8 এপ্ৰিল : তিনিচুকীয়াৰ বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ৰাইজৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মীসভা অনুষ্ঠিত হৈ যায় । উক্ত কৰ্মীসভাত ৰাইজৰ দলৰ সভাপতি তথা ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উপস্থিত থাকি ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰে(Sivasagar MLA Akhil Gogoi Visits Tinsukia) ।

উল্লেখযোগ্য যে, অখিল গগৈয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি পোন প্ৰথমবাৰৰ বাবে উজনি অসমৰ তিনিচুকীয়া জিলালৈ ভ্ৰমণ কৰে । তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ আগত তেওঁ বৰ্তমান নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, লাইকা-দধীয়াৰ সমস্যা আদি বিষয়ৰ ওপৰত কেতবোৰ মন্তব্য আগবঢ়ায় (Akhil Gogoi Comments on Laika Dodhia ) ।

যি সময়ত অখিল গগৈ কাৰাগাৰৰ বন্দী হৈ আছিল, সেইসময়তে তেওঁৰ মুক্তিৰ দাবীত ডিগবৈ পানবাৰী যুৱক তৰুণ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল 'আই বুকুতে ৰাষ্ট্ৰদ্ৰোহী' নামৰ এটি কবিতা । যিটো কবিতা উদীয়মান যুৱক তৰুণ গগৈয়ে এখন সাত ফুট দৈৰ্ঘৰ গামোচাত ফুল বাছি সাত দিনত বৈ উলিয়াইছিল । ৰাইজৰ দলৰ কৰ্মীসভাত যুৱকজনে তেওঁৰ প্ৰিয় নেতাজনক কাষতে পাই উপহাৰ হিচাপে যাঁচে গামোচাখন ।

লগতে পঢ়ক : লীলাবাৰী বিমান বন্দৰত মুকলি হ’ব উত্তৰ-পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.