ETV Bharat / city

হালোৱাটিঙত কেতিয়া স্থাপন হ'ব সীমান্ত প্ৰহৰী চকী ?

author img

By

Published : Aug 7, 2021, 10:53 AM IST

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত স্থাপন নহ'ল সীমান্ত প্ৰহৰী চকী(BOP) । ফলত চৰম নিৰাপত্তাহীনতাত ভূগিছে সীমান্তৱৰ্তী হালোৱাটিঙবাসী । অসম চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবে অঞ্চলটোত সীমান্ত প্ৰহৰী চকী স্থাপন নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ।

Halwating Border issu
হালোৱাটিঙত নাই BOP

আমগুৰি, 7 আগষ্ট : শংকিত অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজ ৷ লাইলাপুৰ কাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতেই অন্য এক লাইলাপুৰ কাণ্ড হোৱাৰ আশংকাত ভূগিছে অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙবাসীয়ে ৷ কিয়নো শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত নাই সীমান্ত প্ৰহৰী চকী(বি অ' পি) । অসম চৰকাৰৰ সোপাঢিলা নীতি তথা দুৰ্বল ভূমিকাৰ বাবে সীমান্তত ‘সীমান্ত প্ৰহৰী চকী’ স্থাপন নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ লোকে ।

উল্লেখ্য যে, ২০১৮ চনতে হালোৱাটিঙত সীমান্ত প্ৰহৰী চকী স্থাপন কৰিবলৈ ভূমি গ্ৰহণ কৰিছিল ৷ কিন্তু সেই সময়ত নাগালেণ্ড প্ৰশাসনে যুদ্ধংদেহী মনোভাৱেৰে সীমান্ত প্ৰহৰী চকী অৰ্থাৎ BOP স্থাপনত বাধা আৰোপ কৰিলে ৷ অসমৰ ভূমিত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা BOP ৰ ক্ষেত্ৰত নাগালেণ্ডে বাধা দিয়াৰ পিছতে অসম চৰকাৰ পিছ হুঁহকি আহে । যাৰ ফলত বৰ্তমানেও অসমৰ ভূমিতে অসম চৰকাৰে BOP স্থাপন কৰিবলৈ সমৰ্থ নহ’ল ৷

হালোৱাটিঙত নাই BOP

অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত বি অ' পি স্থাপন নোহোৱাত বৰ্তমানেও নিৰাপত্তাহীনতাত ভুগিছে হালোৱাটিঙবাসী ৷ কিয়নো লাইলাপুৰ কাণ্ডৰ নিচিনাকৈ কোন মুহুৰ্তত অসমৰ ভূমিত নগাই আগ্ৰাসন চলাব তাৰ কোনো নিশ্চয়তা নাই ৷ যাক লৈ শংকিত হৈ পৰিছে সীমান্তৱৰ্তী হালোৱাটিঙবাসী ৷ সীমান্তৱৰ্তী হালোৱাটিঙবাসীৰ অভিযোগ অনুসৰি, সীমান্তৱৰ্তী অঞ্চলটোত বিঅ'পি স্থাপন কৰাক লৈ চৰকাৰৰ নাই কোনো সদিচ্ছা ৷

লগতে পঢ়ক: পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱতে বিগত তিনিবছৰে বিঅ'পি স্থাপন নহ’ল সীমান্তৱৰ্তী হালোৱাটিঙত ৷ যি সময়ত অৰুণাচল, মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ লগতে নাগালেণ্ডে অসমৰ ভূমি অধিগ্ৰহণ কৰিছে, তেনে সময়ত অসমৰ ভূমিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । এইক্ষেত্ৰত হালোৱাটিঙতো নগাই চলাইছে আগ্ৰাসী মনোভাৱ । এই অভিযোগ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ ৷ কেন্দ্ৰ-ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে এইক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব ।

লগতে পঢ়ক: চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.