ETV Bharat / city

বাংলা ভাষা নজনাৰ বাবেই প্ৰহাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক

author img

By

Published : Dec 6, 2019, 11:49 PM IST

Updated : Dec 7, 2019, 5:32 AM IST

বাংলা ভাষা নজনাই কাল : শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক দুষ্কৃতিকাৰীৰ প্ৰহাৰ
বাংলা ভাষা নজনাই কাল : শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক দুষ্কৃতিকাৰীৰ প্ৰহাৰ

ক্ষেত্ৰ অধ্যয়ণৰ পৰা ওভতি অহাৰ পথতেই আক্ৰমণৰ বলি হ'ল জোনাশ্ৰী নাইডিং নামৰ এগৰাকী ডিমাছা যুৱতী ৷ যুৱতীগৰাকীৰ বন্ধুবৰ্গকো দুষ্কৃতিকাৰীৰ প্ৰহাৰ ৷

শিলচৰ, 6 ডিচেম্বৰ: ৰাজ্যজুৰি কেবক লৈ জুই জ্বলি থকাৰ সময়তে কাছাৰৰ শিলচৰত বঙালী ভাষা ক'ব নোৱাৰাৰ বাবেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ'ল অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ডিমাছা যুৱতী ৷

ঘটনা অনুসৰি শুক্ৰবাৰে আবেলি নিজ প্ৰকল্প নিৰ্মানৰ বাবে ক্ষেত্ৰ অধ্যায়ণৰ পৰা নিজ বন্ধুবৰ্গৰ সৈতে বিশ্ববিদ্যালয় অভিমুখে আহি থকা অৱস্থাতে সংঘটিত হ'ল এই দুখলগা কাণ্ড ৷ যুৱতী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আক্ৰমণকাৰী সকলে যুৱতীগৰাকীৰ লগতে তেওঁৰ বন্ধুকো আক্ৰমণ কৰি আহত কৰাৰ লগতে যুৱতী গৰাকীক উদ্দেশ্যি অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰে ৷ দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ সন্মুখতে সংঘটিত কৰিলে এই ঘটনা ৷ কেৱল মাৰ-পিট কৰাই নহয় দুষ্কৃতিকাৰীসকলে যুৱতী গৰাকীৰ হাতৰ ম'বাইলো ভাঙি চুৰ-মাৰ কৰে ৷

বাংলা ভাষা নজনাই কাল : শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক দুষ্কৃতিকাৰীৰ প্ৰহাৰ

আৰু পঢ়ক: 'কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ

Intro:শিলচৰ ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰী। বঙালী ভাষা নজনাই যাৰ কাল হল । ডিমাহাচাৰ এই গৰাকী যুৱতীক আক্ৰমণ দুষ্কৃতিকাৰীৰ। শিলচৰত আৰক্ষীৰ সন্মুখতে আক্ৰমণ হল বঙালী ভাষা নজনা ছাত্ৰ ছাত্ৰীক। Body:যুৱতী গৰাকীৰ নাম জোনাশ্ৰী নাগিন। ডিমাহাছাওৰ এই গৰাকী যুৱতীসহ বন্ধু বৰ্গক আক্ৰমণ কৰে কেৱল বঙালী ভাষা নজনাৰ বাবেই। কেৱল মাৰপিট নহয় হাতৰ মোবাইল কাঢ়ি লৈ ভাঙি পেলাই দুস্কৃতিকাৰীয়ে । শুনক ছাতযুৱতী গৰাকীৰ মুখেৰে সমগ্ৰ ঘটনা। Conclusion:
Last Updated :Dec 7, 2019, 5:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.