ETV Bharat / city

নলবাৰীৰ উলাবড়ীত ৭৯ সংখ্যক নাওখেল প্ৰতিযোগিতা

author img

By

Published : Aug 20, 2022, 11:04 AM IST

নলবাৰীৰ বৰভাগৰ উলাবড়ীত হিতসাধিনী পুথিভঁৰালৰ সৌজন্যত পাগলাদিয়াৰ বুকুত পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতা(Traditional boat race held at Ulabari) । শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই নাওখেল প্ৰতিযোগিতা ।
Traditional boat race held at Ulabari
নলবাৰীৰ উলাবড়ীত ৭৯ সংখ্যক নাওখেল প্ৰতিযোগিতা

নলবাৰী, ২০ আগষ্ট : সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই নলবাৰী বৰভাগৰ উলাবড়ীত শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী(Krishna Janmastami 2022) উপলক্ষে শুকুৰবাৰে অনুষ্ঠিত হ'ল নাওখেল প্ৰতিযোগিতা । নাওখেল প্ৰত্যক্ষ কৰিবলৈ অহা লোকে লোকাৰণ্য হৈ পৰে পাগলাদিয়া নদীৰ উলাবড়ী পাৰঘাট । আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পৰম্পৰাগত এই খেলবিধক জীয়াই ৰখাৰ প্ৰয়াসেৰে বছৰ বছৰ ধৰি নলবাৰী বৰভাগৰ উলাবড়ী পাৰঘাটত অনুষ্ঠিত কৰি অহা হৈছে নাওখেল প্ৰতিযোগিতা ।

নলবাৰীৰ উলাবড়ীত ৭৯ সংখ্যক নাওখেল প্ৰতিযোগিতা

নদী সভ্যতাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই পৰম্পৰাগত নাওখেল প্ৰতিযোগিতাৰ বাবে উলাবড়ী পাৰঘাট হৈ পৰিছে একতাৰ মিলনভূমি । হিতসাধিনী পুথিভৰালৰ সৌজন্যত অনুষ্ঠিত হৈ অহা এই নাওখেল প্ৰতিযোগিতাই এইবাৰ গৰকিলে ৭৯ টা বৰ্ষ(Ulabari boat race competition completes 79 years) । প্ৰতিযোগিতাত অংশ লয় খেল নাওৰ দহটাকৈ দলে । ৰাইজৰ হৰ্ষধ্বনি উল্লাসৰ মাজেৰে অনুষ্ঠিত এই নাওখেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মুকালমুৱাৰ "মৌচুমী" খেল নাওৰ দলে আৰু দ্বিতীয় স্থান লাভ কৰে হাজো বৰ্নিৰ "ৰাইজৰ আশীৰ্বাদ" খেল নাওৰ দলে ।

নাওখেল প্ৰতিযোগিতাখন উদ্বোধন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলীয়ে । আনহাতে এই নাওখেল প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত খেল নাওৰ দল "মৌচুমী"ক এটা পিতলৰ কলহৰ লগতে নগদ ৭,০০১ টকা আৰু দ্বিতীয় স্থান প্ৰাপ্ত খেল নাওৰ দল "ৰাইজৰ আশীৰ্বাদ"ক পিতলৰ কলহৰ লগতে নগদ ৫,০০১ টকাৰে পুৰস্কৃত কৰা হয় ।

লগতে পঢ়ক : কৃষ্ণ বন্দনাৰে মুখৰিত ঐতিহ্যমণ্ডিত জোনাই সাৰ্বজনীন নামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.