ETV Bharat / city

একাংশ সংবাদ গোষ্ঠীয়ে চৰকাৰৰ হকে কথা কয়ঃ নন্দিতা দাস

author img

By

Published : Jul 19, 2020, 8:24 PM IST

MLA  Nandita Das Visited Flood Effected area At Nalbari
একাংশ সংবাদ গোষ্ঠীয়ে চৰকাৰৰ হকে কথা কয়ঃ নন্দিতা দাস

সাধাৰণ জনতাক ঘৰত থাকিবলৈ দি বিজেপিয়ে ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰিছে কিয় বুলি চৰকাৰক কটাক্ষ কৰে বিধায়িকা নন্দিতা দাসে ৷ লগতে চৰকাৰে বানাক্ৰান্ত লোকক পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য নিদিয়া বুলি অভিযোগ কৰে বিধায়িকা গৰাকীয়ে ৷

নলবাৰী, 19 জুলাইঃ বানপীড়িতৰ বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে নলবাৰীৰ বৰভাগত উপস্থিত হয় কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাস ৷ জিলাখনৰ কেবাঠাইত বান পৰিস্থিতিৰ বুজ লৈ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷

সমগ্ৰ ৰাজ্যতেই দীৰ্ঘদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে নলবাৰী জিলাতো বিভিন্ন ঠাই ইতিমধ্যে নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ৷ বানত ঘৰ-দুৱাৰ,কৃষিভূমিৰ লগতে লাখ লাখ পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷

জিলাখনৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে নলবাৰীৰ বৰভাগত উপস্থিত হয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ৷ বান পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত বিধায়িকা নন্দিতা দাসে মন্তব্য কৰে যে,কৰ'ণাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে । সাধাৰণ মানুহক ভিতৰত সোমাই থাকিবলৈ দি বিজেপিয়ে ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰিছে । এইয়া তেওঁলোকে কেনেকৈ কৰিব পাৰে বুলি চৰকাৰক তীব্ৰ কটাক্ষ কৰে ।

একাংশ সংবাদ গোষ্ঠীয়ে চৰকাৰৰ হকে কথা কয়ঃ নন্দিতা দাস

আনহাতে,বিজেপি তথা স্থানীয় বিধায়ক নাৰায়ণ ডেকাক সমালোচনা কৰি কয় যে,বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য নিদিয়া বুলি অভিযোগ কৰাৰ লগতে যিখিনি দিছে সেয়াও নিম্ন মানৰ বুলি অভিযোগ উত্থাপন কৰে । ইপিনে কংগ্ৰেছৰ পৰা কোনো বিধায়ক বিজেপি লৈ যাব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমক সমালোচনা কৰি নন্দিতা দাসে কয় যে বহু কেইটা সংবাদ গোষ্ঠীয়ে এতিয়া বিজেপি দল আৰু চৰকাৰৰ হকে কথা কয় । কংগ্ৰেছৰ কোনো বিধায়ক বিজেপি লৈ নাযায় বুলি কোৱাৰ লগতে বিজেপিৰ মিত্ৰজোঁট চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়িকা গৰাকীয়ে ।

লগতে পঢ়ক- ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত বানাক্ৰান্ত সাহাৰ্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.