ETV Bharat / city

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এনএছইউআইৰ প্ৰতিবাদ

author img

By

Published : Sep 24, 2020, 12:56 AM IST

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলক লৈ জ্বলিয়েই আছে ক্ষোভৰ জুই । নগাঁৱত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা । এনএছইউআইয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এনএছইউআইৰ প্ৰতিবাদ
এনএছইউআইৰ প্ৰতিবাদ

নগাঁও, 23 ছেপ্টেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিও প্ৰশ্নকাকত ফাদিল হোৱা বাবেই পৰীক্ষা বাতিল কৰাক লৈ আজিও জ্বলি আছে ক্ষোভৰ জুই । নিবনুৱাক সংস্থাপনৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআইৰ নগাঁও জিলা সমিতিয়ে । নগাঁও কলেজ পইণ্টত প্ৰতিবাদকাৰী এনএছইউআই নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে ৰাজপথতেই দাহ কৰে গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৷

নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে এতিয়া নিবনুৱা যুৱক যুৱতীৰ জীৱনক লৈ হেতালী খেলাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । লগতে চৰকাৰে পুঠি, খলিহনাক কৰায়ত্ত কৰিয়েই দায়িত্ব সামৰা বুলিও অভিযোগ উত্থাপন কৰে ।

নগাঁৱত উত্তাল প্ৰতিবাদ এনএছইউআইৰ

উল্লেখ্য যে, যোৱা দেওবাৰে অসম আৰক্ষীৰ 597 টা উপ-পৰিদৰ্শক পদৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ৷ ইতিমধ্যেই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ ৷ গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক ৷ অভিযুক্ত সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে উপ-পৰিদৰ্শক পৰীক্ষাৰ বহু সংখ্যক প্ৰশ্ন কাকত জব্দ কৰে ৷ ধৃত সঞ্জয় শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ প্ৰশ্ন কাকতো জব্দ কৰে ৷ ধৃত সঞ্জীৱ শৰ্মা প্ৰশ্ন কাকত ফাদিলৰ কৰা মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ থেংকিউ লজৰ কম্পিউটাৰ হাৰ্ড ডিক্সৰ লগতে কিছু সামগ্ৰীও জব্দ কৰে আৰক্ষীৰ অপৰাধ শাখাই ৷ ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত নগাঁৱৰ পৰা হিৰক জ্যোতি বৰুৱা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে ৷ জীৱন ডেকা নামৰ আন এজন ব্যক্তিক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.