ETV Bharat / city

কেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ, অসমৰ সম্পদহে অসমৰ নহয় : AJYCP

author img

By

Published : Jul 1, 2022, 7:37 PM IST

AASU protest in Assam
AJYCP protestকেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ

বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest in Assam)৷ তাৰ পিচদিনাই অৰ্থাৎ আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে একে বিষয় লৈ ৷ অসমৰ সম্পদক নিজৰ বুলি ভাবি আহৰণ কৰা কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাকো নিজৰ বুলি গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠন সমূহে ৷

নগাঁও, 1 জুলাই : শুকুৰবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP protest in Nagao) ৷ কেইবাটাও দাবী তুলি ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰী সকলে । অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা (Demand for declare Assam flood as national disaster), বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মীয়মান সকলো নদীবান্ধৰ কাম বন্ধ কৰা এই তিনিটা দাবীৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট ।

কেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ, কিন্তু অসমৰ সম্পদ অসমৰ নহয়

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় । আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি দ্বীপমনি বৰাই কয় যে, কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদ সমূহক নিজৰ সম্পদ বুলি ভাবে কিন্তু অসমৰ সমস্যা সমূহক নিজৰ বুলি নাভাবে । অসমৰ সমস্যা হ’লে আওকাণ কৰে । মাত্ৰ এটা ফোন কৰিয়ে দায়িত্ব সামৰে ।

তেওঁ লগতে কয়, বৰ্তমান অসমৰ ৰাইজক বানপানীয়ে জুৰুলা কৰিছে (Flood in Assam)। শিবিৰে শিবিৰে বানাক্ৰান্ত ৰাইজৰ মাজত এমুঠি অন্নৰ বাবে হাহাকাৰ লাগিছে । সেইসকল বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় কৰাৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনত ঘোঁৰা কিনা বেচাত ব্যস্তহে পৰিছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰ পিচদিনাই অৰ্থাৎ আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে একে বিষয় লৈ ৷ অসমৰ সম্পদক নিজৰ বুলি ভাবি আহৰন কৰা কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাকো নিজৰ বুলি গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠন সমূহে ৷

লগতে পঢ়ক : নলবাৰীত বিজেপি কৰ্মীৰ দ্বাৰা অপদস্থ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.