ETV Bharat / city

টীয়ক আৰু কলিয়াবৰত সংঘটিত দুটা ডকাইটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে

author img

By

Published : Aug 21, 2021, 10:20 PM IST

টীয়ক আৰু কলিয়াবৰত সংঘটিত দুটা ডকাইটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে
টীয়ক আৰু কলিয়াবৰত সংঘটিত দুটা ডকাইটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেং মেটেলিত সংঘটিত ডকাইটি ঘটনাৰ সৈতে সমীৰণ বৰা নামৰ ডকাইতটোৰ পিতৃ, ভাতৃ আৰু ঘটনাৰে জড়িত ইণ্ডিগ'খনৰ ড্ৰাইভাৰ জনক আটক কৰিছে আৰক্ষীয়ে আটক কৰিছে । আনহাতে কলিয়াবৰতো আন এক চুৰি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

টীয়ক, কলিয়াবৰ, 21 আগষ্ট: বিগত কিছু দিনৰ আগতে টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেং মেটেলিত এক ডকাইটিৰ কাণ্ড সংঘটিত হৈছিল ৷ তাৰপাচতে ডকাইটি ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে শনিবাৰে সমীৰণ বৰা নামৰ ডকাইতটোৰ পিতৃ, ভাতৃ আৰু ঘটনাৰে জড়িত ইণ্ডিগ'খনৰ ড্ৰাইভাৰ জনক আটক কৰিছে ।

আৰক্ষীয়ে ইতিমধ্যে লুট কৰা দুই লাখ টকাৰ একলাখ আঠ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইপিনে অভিযুক্ত সমীকৰণৰ পিতৃৰ বিষ্ফোৰক ভাষ্য, ডকাইত সমীৰণক জামিনত মুকলাই দিবলৈ অবিনাশ শইকীয়া নামৰ যুৱক জনে সমীৰণৰ পিতৃক ষাঠি হাজাৰ টকা দাবী কৰিছিল ।

কিন্তু দাবী কৰা সম্পূৰ্ণ ধন আদায় দিবলৈ অসমৰ্থ সমীৰনৰ পিতৃয়ে যেনে তেনে ত্ৰিশ হাজাৰ টকা আদায় দিছিল । কিন্তু অপৰাধীৰ পৰিয়ালৰ পৰা লোৱা ধনৰে জামিন কৰাব নোৱাৰি সেই ধন ঘুৰাই দিয়াৰ সময়ত যুৱকজনে আৰক্ষীক খবৰ দি তেওঁলোকক আটক কৰে ।

টীয়ক আৰু কলিয়াবৰত সংঘটিত দুটা ডকাইটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে

লগতে পঢ়কঃ নীলা ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেজপুৰৰ যুৱকৰ ব্যৱসায় !

আনহাতে কলিয়াবৰতো সংঘটিত হৈছে এক চুৰি কাণ্ড ৷ চুইফট বাহনত অহা সাত দুৰ্বৃত্তই কেলিডেন ৰেকাপাহাৰ মাজৰ হাবিতলীয়াৰ পৰা এএচ- ০২-চিচি-৬৩২৩ নম্বৰৰ বলেৰ' পিক-আপ বাহন লৈ উধাও হয় । জানিবপৰা মতে, ডিজুভেলীৰ আলালুদ্দিনৰ বাহনখনে বোকাখাটত কেঁচা চাহপাত দি উভতি অহাৰ পথত নিশা প্ৰায় এক বজাত পূৰ্বৰে পৰা খাপ পিটি আছিল মাৰুতি চুইফট বাহনৰ সাত দুৰ্বৃত্ত ।

ইপিনে পিক-আপ বাহনখনক সমুখত হাতী থকাৰ অজুহাতত ৰখাবলৈ কৈ চালকসহ চাৰিও আৰোহীক চোকা অস্ত্ৰ আৰু পিস্তল দেখুৱাই মাৰ-পিট কৰি পাহৰৰ মাজলৈ নি বেলেগে-বেলেগে বান্ধি পেলাই । তাৰপাচতেই পিক-আপ বাহনখন সৈই ঠাইৰ পৰা লৈ দুৰ্বৃত্তৰ দলটো উধাও হয় ৷ তাৰপাচতে বান্ধি থোৱা আৰোহীকেইজন বান্ধৰ পৰা মুক্ত হৈ আৰক্ষীক খবৰ দিয়ে ।

টীয়ক আৰু কলিয়াবৰত সংঘটিত দুটা ডকাইটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে

আনহাতে শালনা আৰক্ষী নিশাই ঘটনাস্থলীত উপস্থিত হৈ চাৰিও আৰোহীকে উদ্ধাৰ কৰে । ইতিমধ্যে ভূক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিতে শালনা আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ জলপ্ৰপাত চাবলৈ গৈ ৰহস্যজনক ভাৱে নিখোজ লখিমপুৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.