ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 23, 2022, 3:00 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

অমিত শ্বাহৰ জোতা মচি বিতৰ্কত বিজেপি নেতা

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেলেংগানা বিজেপিৰ ৰাজ্যকি সভাপতি বান্দি সঞ্জয় কুমাৰে অমিত শ্বাহৰ জোতা আনি মচি থকাৰ দৃশ্য (Telengana BJP chief receives flak over fetching shoes for Amit Shah)৷ বান্দি সঞ্জয় কুমাৰে কয় যে বহুতো ভক্তই উপাসনাস্থলীত জোতা পৰিষ্কাৰ কৰি সেৱা আগবঢ়ায় ৷

Google TV ৰ লেহেমীয়া প্ৰদৰ্শনৰ বিষয়ে ব্যৱহাৰকাৰীৰ মতামত ল'লে গুগলে

গুগলে তেওঁলোকৰ টিভি ছফ্টৱেৰৰ লেহেমীয়া প্ৰদৰ্শনৰ বাবে ব্যৱহাৰকাৰীসকলৰ পৰা মতামত সংগ্ৰহ কৰাৰ পিছতে কোম্পানীটোৱে কিছুমান ডাঙৰ আপডেট আৰম্ভ কৰিছে(Google admits its TV experience is slow) । সবিশেষ পঢ়ক

সমাজে এঘৰীয়া কৰা লোকক পূজালৈ মাতি বিপদত ব্ৰাহ্মণ পৰিয়াল

সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে দৰঙত । ব্ৰাহ্মণ সমাজৰ আন এক কলংকিত অধ্যায় পোহৰলৈ আহিছে ছিপাঝাৰৰ এখন গাঁৱত (Racism in Brahmin society)। এঘৰীয়া কৰি থোৱা এজন লোকক পূজাৰ প্ৰসাদ খাবলৈ মাতি এতিয়া ব্ৰাহ্মণ সমাজৰ ৰোষত পৰিছে এটা পৰিয়াল । পৰিয়ালটোৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে সমাজে ।

বেংকত লাখ লাখ টকা লেনদেন কৰি আৰক্ষীৰ জালত যুৱক

ৰাজ্যজুৰি অপৰাধৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন অপৰাধীয়ে গা কৰি উঠিছে ৷ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে আটক কৰে নুৰ হাফিজ নামৰ এজন যুৱকক (Youth arrested in Darrang) ৷

চিলনী চোৰে থপিয়ালে 20 লাখ টকাৰ সোণ ভৰ্তি বেগ

গোৰেশ্বৰত চোৰৰ লাগিল জেকপ’ট ৷ তামুলপুৰ জিলাৰ গোৰেশ্বৰত চিলনী চোৰে লুটিলে 20 লাখ টকাৰ সোণ (Gold bag snatched)৷ সোমবাৰে বিয়লি গোৰেশ্বৰৰ পুৰণি বজাৰৰ নিবাসী মাতৃ জুয়েলাৰীৰ স্বত্বাধিকাৰী কাৰ্তিক সাহাৰ সোণ ভৰ্তি বেগ লৈ উধাও হয় চোৰ(Gold bag snatched at goreswar)৷

বিদ্যালয় অসমৰ ভূমিত, পৰিচালনা কৰে অৰুণাচলে

অৰুণাচল সীমান্তৰ জোনাইত থকা এখন বিশেষ বিদ্যালয় । অৰুণাচল চৰকাৰে পৰিচালনা কৰে বিদ্যালয়খন (Arunachal government school located in Assam)। কিন্তু বৰ্তমান অসমৰ ভূমিত আছে অৰুণাচলৰ চৰকাৰী বিদ্যালয়খন । বিদ্যালয়খনৰ ৮০ শতাংশ শিক্ষাৰ্থী অসমৰ আৰু বাকীখিনি অৰুণাচল প্ৰদেশৰ ।

ৰঙিয়াৰ ধেপাৰগাঁৱত বান সাহায্যৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰঙিয়াৰ ধেপাৰগাঁৱত এককালীন বান সাহায্য প্ৰদানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে (allegations of corruption in flood relief in Rangia)। যাৰ বাবে বান সাহায্য লাভৰ পৰা বঞ্চিত প্ৰকৃত বানাক্ৰান্তই ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিয়ে (flood victims dharna against government) ।

কৃত্ৰিম বানৰ কবলত ডবকাৰ কেইবাখনো গাঁও

কৃত্ৰিম বান আৰু ভূমিস্খলনৰ কবলত ডবকাৰ কেইবাখনো গাঁও (Artificial flood and Landslide )৷ যোৱা দুদিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ডবকা পাহাৰৰ পৰা নামি অহা ঢলে প্লাবিত কৰিলে ভগীৰামগাঁও, হাবিগাঁও, নাহৰহগাঁও, মাটিখলা, গুটিগাঁও, বুঢ়িগাঁও, শ্লুইচগেট এলেকা (Artificial flood in Doboka)৷

হাউলীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

হাউলীত ড্ৰাগছ সেৱন কৰাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷ মঙলবাৰে পুৱা হাউলী চহৰৰ মূল বজাৰৰ পৌৰসভাৰ অট্টালিকাত এজন যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ কৰা হয় (Body recovered at Howly)৷

টিজাৰ মুকলি হ’ল ছলমান চিৰঞ্জীৱী অভিনীত গডফাডাৰৰ

দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱী আৰু বলীউডৰ ভাইজান ছলমান খানৰ নতুন ছবি গডফাডাৰ ছবিখনৰ টিজাৰ মুকলি হৈছে (Godfather teaser release) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.