ETV Bharat / state

বিদ্যালয় অসমৰ ভূমিত, পৰিচালনা কৰে অৰুণাচলে

author img

By

Published : Aug 23, 2022, 12:39 PM IST

অৰুণাচল সীমান্তৰ জোনাইত থকা এখন বিশেষ বিদ্যালয় । অৰুণাচল চৰকাৰে পৰিচালনা কৰে বিদ্যালয়খন (Arunachal government school located in Assam)। কিন্তু বৰ্তমান অসমৰ ভূমিত আছে অৰুণাচলৰ চৰকাৰী বিদ্যালয়খন । বিদ্যালয়খনৰ ৮০ শতাংশ শিক্ষাৰ্থী অসমৰ আৰু বাকীখিনি অৰুণাচল প্ৰদেশৰ ।

Jonai
অসমৰ ভূমিত আছে বিদ্যালয়খন কিন্তু পৰিচালনা কৰিছে অৰুণাচলে

জোনাই,২৩ আগষ্ট : অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সীমা বিবাদ অব্যাহত আছে (Border conflict between North Eastern states)। উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত এনে বিবাদ অব্যাহত থকাৰ মাজতে এখন বিদ্যালয়ে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে । অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদক মষিমূৰ কৰি ভাতৃত্ববোধৰ নিৰ্দশন দাঙি ধৰিছে বিদ্যালয়খনে (School symbolising coordination of Assam and Arunachal)। যাৰ বাবে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চৰকাৰী বিদ্যালয়খন ।

অসমৰ ভূমিত আছে বিদ্যালয়খন কিন্তু পৰিচালনা কৰিছে অৰুণাচলে

বিদ্যালয়খন আছে ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত লাইমেকুৰী অঞ্চলত । অসমৰ ভূমিত আছে যদিও বিদ্যালয়খন অৰুণাচল চৰকাৰে পৰিচালনা কৰি আছে (Arunachal government school located in Assam)। ১৯৭৯ চনতে অৰুণাচল চৰকাৰে চৰকাৰী প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰি অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল । কিন্তু যিটো অঞ্চলত অৰুণাচল চৰকাৰে বিদ্যালয়খন স্থাপন কৰিছিল সেই অঞ্চলতো যোৱা দুটা দশকৰ পৰা অসমৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে ৷

তথাপিও ২০ টা বছৰে অসমৰ ভূমিতে থাকি গ'ল অৰুণাচল চৰকাৰে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন ৷ জোনাইৰ লাইমেকুৰীত থকা প্ৰাথমিক বিদ্যালয়খন আজিও সম্পূৰ্ণৰূপে অৰুণাচল চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ আছে ৷ উক্ত বিদ্যালয়খনত কৰ্মৰত সকলো শিক্ষকৰ দৰমহা, বিদ্যালয়খনৰ আন্তঃগাঁথনি সকলো বহন কৰে অৰুণাচল চৰকাৰে ৷

ইফালে এই বিদ্যালয়খনত অধ্যয়নৰত বেছিখিনি ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ৷ অৰুণাচল চৰকাৰৰ দ্বাৰা নিয়োজিত শিক্ষকে শিক্ষাদান কৰে অসমৰ ছাত্ৰ-ছাত্ৰীক ৷ গতিকে এই বিদ্যালয়খনে দুয়োখন ৰাজ্যৰ বাবে এক সম্বন্বয়ৰ বাৰ্তা কঢ়িয়াইছে ৷ লক্ষণীয়ভাৱে অঞ্চলটো দুয়োখন ৰাজ্যৰ সীমান্তত যদিও তাৰ জনসাধাৰণৰ মাজত কেতিয়া কাজিয়াৰ সৃষ্টি নহয় । সদায়ে সেই অঞ্চলৰ জনসাধাৰণে মিলা-প্ৰীতিৰে বাস কৰি আহিছে বুলিও স্থানীয় লোকসকলে উল্লেখ কৰিছে ।

লগতে পঢ়ক :সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত অনা অসমীয়া লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.