ETV Bharat / city

দলঙৰ খুঁটাৰ ফাঁট; ঘটনাৰ ওৰ বিচাৰি মাজুলীত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ দল

author img

By

Published : May 5, 2022, 7:43 PM IST

মাজুলীত উপস্থিত নেচনেল হাইউৱেৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ দল
মাজুলীত উপস্থিত নেচনেল হাইউৱেৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ দল

মাজুলী-যোৰহাট দলঙৰ (Jorhat Majuli connecting Bridge) খুঁটাৰ বিসংগতিৰ (Jorhat Majuli Bridge has cracke) অনুসন্ধানৰ বাবে উপস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ দল ৷ এই দলঙৰ নিৰ্মাণত অসমৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে AJYCP মাজুলী জিলা সমিতিয়ে ।

মাজুলী, 5 মে’: মাজুলীৰ দুই লক্ষ জনতাৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) । 925.47 কোটি টকা ব্যয়ৰে হ’বলগীয়া 8.25 কিলোমিটাৰ দৈঘ্যৰ এই দলঙখনৰ ইতিমধ্যে খুঁটা নিৰ্মাণৰ কাম আৰম্ভ হৈছে (Construction of Jorhat Majuli Bridge is going on) ‌।

কিন্তু নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে দলঙৰ খুঁটাত মেলিছে বৃহৎ ফাঁট (Jorhat Majuli Bridge has cracke) । খুঁটাৰ এই বিসংগতিৰ অনুসন্ধান কৰিবলৈ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ দল । আশ্চৰ্যজনকভাৱে আজি পৰ্যন্ত এই দলং নিৰ্মাণৰ বাবে নিযুক্তি দিয়া হোৱা নাই অভিযন্তা ৷

মাজুলীত উপস্থিত নেচনেল হাইউৱেৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ দল

ঠিকাদাৰ পক্ষই নিজে প্ৰস্তুত কৰা ড্ৰয়িং, ডিজাইনৰে চলিছে মাজুলী-যোৰহাট দলং নিৰ্মাণকাৰ্য । বিভাগীয় বিষয়া-কৰ্মচাৰী নথকাৰ সুযোগ লৈ ঠিকাদাৰৰ নিজৰ মতে চলাই গৈছে নিৰ্মাণকাৰ্য ৷

ইফালে মাজুলীবাসী ৰাইজৰ সপোনৰ এই মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়াকৈ হস্তক্ষেপ বিচাৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে ।

লগতে পঢ়ক: ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.