ETV Bharat / city

জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক ফটো সাংবাদিকতা বঁটা প্ৰদান

author img

By

Published : Aug 19, 2022, 8:00 PM IST

আজি বিশ্ব আলোকচিত্ৰ দিৱস (World Photography Day 2022) ৷ প্ৰতিবছৰৰ দৰে এইবেলিও গুৱাহাটী প্ৰেছ ক্লাৱত পালন কৰা হৈছে বিশ্ব আলোকচিত্ৰ দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উক্ত সভাতে জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক সন্থাৰ তৰফৰ পৰা ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ৷

World Photography Day celebrates at Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোক চিত্ৰ দিৱস পালন

গুৱাহাটী, ১৯ আগষ্ট : আজি বিশ্ব আলোকচিত্ৰ দিৱস (World Photography Day) ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰা হয় । গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰতিবছৰৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত ‘‘বিশ্ব আলোক চিত্ৰদিৱস’’ পালন কৰা হয় (World Photography Day celebrates at Guwahati Press Club) ।

এই উপলক্ষে আয়োজিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ ভাষণ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, ‘‘বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰথমে সকলোকে শুভেচ্ছা জনালো ।

এই ক্ষেত্ৰখনত বহুত প্ৰত্যাহবান আছে যদিও নৱপ্ৰজন্ম ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হোৱাটো শুভ লক্ষণ । আলোকচিত্ৰ শিল্পীসকল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি । প্ৰকৃতিৰ মাজৰ পৰা মণি মুকুতা সংগ্ৰহ কৰি আনি সৃষ্টিশীলতাৰ পৰিচয় দিয়া আলোকচিত্ৰ শিল্পী সকলক শুভেচ্ছা জনালো’’ ।

জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক ফটো সাংবাদিকতা বঁটা প্ৰদান

লগতে এই সভাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ফটো সাংবাদিকতা বঁটা প্ৰাপক এছ লাল সিঙক শুভেচ্ছা জনায় । আনহাতে, উক্ত সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰী ৷ ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘ছবিয়ে ইতিহাস ধৰি ৰাখে । ছবিয়ে জীৱনৰ মুহূৰ্তবোৰ অংকন কৰে ।

লগতে পঢ়ক : ফটোগ্ৰাফী দিৱসত নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ বীৰেন দা

ছবিয়ে সভ্যতাৰ ইতিহাস সংৰক্ষণ কৰে । মানুহৰ জীৱনৰ সকলো সৌন্দৰ্য, প্ৰকৃতিৰ যন্ত্ৰণা, এচটা শীলৰ ৰূপ , মানুহৰ জীৱনৰ বিভিন্ন যন্ত্ৰণা তুলি ধৰিব পাৰে আলোকচিত্ৰ শিল্পীসকলে’’ । লগতে তেওঁ আৰু কয়, ‘‘ফটো সাংবাদিকসকলে ইতিহাসক ক্ষুদ্ৰতাৰ পৰা বিশালতাৰ ৰূপত ধৰি ৰাখিব পাৰে । এখন ফটোৱে এজন লোকৰ জীৱনৰ কাহিনী ক’ব পাৰে ।

সৃষ্টিশীল মানুহৰ জীৱনৰ ধাৰণা সুকীয়া । ভোগবাদী মানুহৰ সৈতে এই সন্তুতি তুলনা নহয় । এই ফটো সাংবাদিকসকলে একোটা ইতিহাসৰ স্ৰষ্টা হ’বলৈ গৈ আছে । পোহৰৰ পৃথিৱীৰ লগত সংযোগ থকা সকলক আজিৰ দিনটোত শুভেচ্ছা জনালো’’ । এই সভাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট ফটো সাংবাদিক তপন দাসে কয়, ‘‘ফটোগ্ৰাফী দুঃসাহসিক কাম । ফটোগ্ৰাফী ইমান সহজতে আবিষ্কাৰ হোৱা নাছিল ।

ফটোগ্ৰাফী এটা কলা ৷ এই কলাক সকলোৱে সহজভাৱে ল’ব নোৱাৰে । ইয়াৰ বাবে অধ্যয়ন, অনুশীলনৰ প্ৰয়োজন’’ । সভাত উপস্থিত জ্যেষ্ঠ সাংবাদিক অচুৎ পাটোৱাৰীয়ে কয়, ‘‘ফটোৱে সদায় মানুহৰ কথা কৈ থাকক । আলোকচিত্ৰ শিল্পীসকল সংবেদনশীল, শক্তিশালী হ’ব লাগে । যিসকল ফটো সাংবাদিকে ইতিমধ্যে প্ৰাণ হেৰুৱালে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনালো ৷ লগতে বঁটা প্ৰাপককো শুভেচ্ছা জনালো’’ ।

লগতে পঢ়ক : বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনা ফটোগ্ৰাফীৰ ইতিহাসৰ বিষয়ে জানক

আনহাতে, এই সভাতে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথে কয়, ‘‘ফটো সাংবাদিকসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সু-নাম অর্জন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে এতিয়াও প্ৰাপ্য স্বীকৃতি লাভ কৰিছে বুলি ক’ব নোৱাৰি । আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগক অনুৰোধ জনালো ৷ যাতে ৰাজ্যৰ ফটো সাংবাদিকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বীমাৰ ব্যৱস্থা কৰে’’ ।

এই অনুষ্ঠানতে ‘‘অসমীয়া খবৰ’’ কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক সন্থাৰ তৰফৰ পৰা ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এথোপা ফুল আৰু নগদ ১০ হাজাৰ টকা । বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙে সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰে ।

উল্লেখ্য যে, অসম ফটো সাংবাদিক সন্থাৰ সভাপতি, জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্থাৰ সাধাৰণ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰণি ভাষণ দিয়ে । সভাখন আঁত ধৰে জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথে । সভাত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, সমাজকৰ্মী ৰাজীৱ দাস, অনিল পাৰিকৰ লগতে অসম ফটো সাংবাদিক সন্থাৰ সকলো সদস্য উপস্থিত থাকে ।

এই কাৰ্যসূচীত মাৰোৱাৰী সন্মিলন আৰু লায়ঞ্চ ক্লাৱ অৱ গ্ৰেটাৰ গুৱাহাটীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক : শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত বিশ্ব ফাটোগ্ৰাফী দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.