ETV Bharat / state

ফটোগ্ৰাফী দিৱসত নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ বীৰেন দা

author img

By

Published : Aug 19, 2022, 10:20 AM IST

আজি বিশ্ব ফটোগ্ৰাফী দিৱস (World photography day)৷ প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো ‘বিশ্ব ফটোগ্ৰাফী দিৱস’ হিচাপে উদযাপন কৰা হয় । বিশেষ দিনটোত কেমেৰাৰ ভিউ ফাইণ্ডাৰত চকু ৰাখি অতীজৰ স্মৃতি মনত পেলাই পুলকিত হৈ পৰিল কলিয়াবৰৰ 'বীৰেন দা' ৷

World photography day
ফটোগ্ৰাফী দিৱসত নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ বীৰেন দা

কলিয়াবৰ, 19 আগষ্ট: আজি বিশ্ব ফটোগ্ৰাফী দিৱস ৷ ফটোগ্ৰাফীৰ বিশেষ দিনটোত কলিয়াবৰৰ প্ৰথমগৰাকী ফটো সাংবাদিক বীৰেন শইকীয়াই ক'লে মনৰ কথা (First photo journalist of Kaliabor)। ১৯৮০ চনৰ পৰা ফটোগ্ৰাফীৰ লগত জড়িত হৈ ২০০৭ চনত ফটোগ্ৰাফী সামৰে বীৰেন শইকীয়াই ।

ফটোগ্ৰাফী দিৱসত নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ বীৰেন দা

অসম আন্দোলনৰ বহু স্মৃতি কেমেৰাত বন্দী কৰাৰ লগতে বহু ঘটনা-পৰিঘটনা(Photos of Assam movement), সমাজ জীৱনৰ বহু বিষয় কেমেৰাৰে আৱদ্ধ কৰি এগৰাকী প্ৰসিদ্ধ ফটোগ্ৰাফাৰ হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কলিয়াবৰৰ বীৰেন শইকীয়াই । অসম আন্দোলনৰ লগত জড়িত হৈ বীৰেন শইকীয়াই তুলিছিল ভালেমান ঐতিহাসিক ফটো যিসমূহ সন্নিবিষ্ট হৈছে অসম আন্দোলনৰ ঐতিহাসিক ফটো এলবামত । কলিয়াবৰৰ সৰ্বপ্ৰথম ফটো সাংবাদিকৰূপে সাদিনীয় সংবাদ, দৈনিক অসম, দৈনিক জনমভূমি কাকতত সেৱা আগবঢ়াইছিল শইকীয়াই (Photo journalist Biren Saikia)।

চিত্ৰশিল্পী হিচাবেও কলিয়াবৰত পৰিচিত বীৰেন দা । সম্বৰ্দ্ধনা পত্ৰ, শ্ৰদ্ধাঞ্জলি বা শোক প্ৰস্তাৱ তুলিকাৰেই অংকন কৰিছিল যেতিয়া আজিৰ দৰে কম্পিউটাৰ সহজসাধ্য নাছিল । ফটোগ্ৰাফীৰে তেতিয়াই এক চচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল বীৰেন শইকীয়াই । পিচে সময়ৰ গতিত সকলো সলনি হৈ পৰাৰ দৰে বীৰেন দাৰ বৃত্তিটোও সলনি হৈ গ'ল । সময় সলনি হোৱাৰ লগে লগে ৰীল কেমেৰাৰ ঠাই ল’লে এতিয়া মোবাইল কেমেৰা, DSLRএ । লাহে-লাহে যেন ফটোগ্ৰাফী কৰা স্তব্ধ হৈ পৰিল ফটোৰ সৈতে ছাঁ-পোহৰৰ সংগ্ৰাম কৰি ভালপোৱা বীৰেন শইকীয়াৰ ।

এই পৰ্যন্ত চৰকাৰীভাৱে কোনোধৰনৰ স্বীকৃতি নোপোৱাত আক্ষেপ প্ৰকাশ কৰে ফটোগ্ৰাফাৰ তথা কলিয়াবৰৰ প্ৰথমগৰাকী ফটো সাংবাদিক বীৰেন শইকীয়াই । কলিয়াবৰ মহকুমাৰ জাৱনি গাঁৱৰ বাসিন্দা এসময়ৰ কুঁৱৰীটোলৰ বিখ্যাৎ ‘ষ্টুডিঅ' বৰ্ণালী’ৰ গৰাকী সকলোৰে পৰিচিত বীৰেন দাই এতিয়া কেমেৰাৰ ভিউ ফাইণ্ডাৰত চকু ৰাখি অতীজৰ স্মৃতি মনত পেলাই পুলকিত হৈ পৰে ।

উল্লেখ্য যে, ফ্ৰান্স দেশ ফটোগ্ৰাফীৰ অগ্ৰণী দেশ আছিল ৷ বিশ্বৰ প্ৰথম ফটোগ্ৰাফিক প্ৰক্ৰিয়া ফ্ৰান্স দেশতেই আৰম্ভ হৈছিল (Photographic heritage of France)৷ ১৮৩৭ চনত যোচেফ নাইচফোৰ নিপচেৰ সহযোগত ফৰাচী ব্যক্তি লুইছ ডাগুয়েৰে বিকশিত কৰিছিল এটি ফটোগ্ৰাফিক প্ৰক্ৰিয়া । দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক ‘বিশ্বৰ বাবে এক উপহাৰ’ বুলি অভিহিত কৰে । ১৮৩৯ চনৰ ১৯ আগষ্টত এই বিষয়ে ঘোষণা কৰা হৈছিল আৰু ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী পদ্ধতি পেটেন্ট ক্ৰয় কৰিছিল ৷ তেতিয়াৰ পৰাই প্ৰতি বছৰে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয় ৷

অৱশ্যে ২০১০ চনৰ ১৯ আগষ্টৰ পৰাহে এই দিৱস আনুষ্ঠানিকভাৱে পালন কৰা হয় ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফটোগ্ৰাফাৰসকলে আলোচনা চক্ৰ, প্ৰদৰ্শনী আদিত অংশগ্ৰহণ কৰে ৷ এই দিৱস উদ্‌যাপন কৰা হয় যাতে বিশ্বজুৰি সকলো মানুহে নিজৰ অনুভূতি ফটোগ্ৰাফী শিল্পৰ দ্বাৰা প্ৰকাশ কৰিব পাৰে ৷ বিভিন্ন ঠাইৰ মানুহৰ বিভিন্ন ভাষা ৷ কিন্তু ফটোৰ কোনো ভাষা নাই ৷ সহজেই বুজি পোৱা মাধ্যম ফটোগ্ৰাফী ।

লগতে পঢ়ক: ৰামোজী ফিল্ম চিটি পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.