ETV Bharat / city

দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

author img

By

Published : Sep 17, 2020, 10:51 AM IST

upamanyu hazarika reaction on 6 schedule committee report
দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

কেৱল এটা বাক্যত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে উত্তৰ দিলে যে, প্ৰতিবেদন অসম চৰকাৰে পয্যবেক্ষন কৰি আছে । অৰ্থাৎ প্ৰতিবেদন এতিয়াও দিছপুৰতে পৰি আছে । দিল্লী পোৱাগৈয়ে নাই ।

গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ অসম আৰু খিলঞ্জীয়াৰ কাৰণে ইয়াত কৈ এটা লজ্জাজনক পৰিস্থিতি হ'ব নোৱাৰে যে যিখনখন ৰাজ্যই ২১ জন কৈ সংসদ নির্বাচিত কৰে ( ৰাজ্য সভা আৰু লোকসভা) তেওঁলোকৰ কোনো এজনে সংসদত ৬নং দফা কমিটি লৈ প্রশ্ন উত্থাপন কৰিব নোৱাৰিলে । প্ৰশ্ন উত্থাপন কৰিলে সুদূৰ মহাৰাষ্ট্ৰৰ এজন ৰাজ্য সভাৰ সংসদ চাম্বৰী ছত্ৰপতিয়ে ।

দিছপুৰতে পৰি আছে ৬ নং দফা কমিটিৰ প্ৰতিবেদন

যিজনে চাৰিটা প্ৰাসংগিক প্ৰশ্ন কৰিলে । ৬ নং দফা কমিটিয়ে কি প্ৰস্তাৱ দিলে চৰকাৰক ? প্ৰস্তাৱ সমীক্ষা কৰিবলৈ কিমান সময় লাগিব, আৰু কিমান সময়ৰ ভিতৰত প্ৰস্তাৱ সমূহ কাৰ্যকৰি কৰিব, কেৱল এটা বাক্যত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে উত্তৰ দিলে যে, প্ৰতিবেদন অসম চৰকাৰে পয্যবেক্ষন কৰি আছে । অৰ্থাৎ প্ৰতিবেদন এতিয়াও দিছপুৰতে পৰি আছে । দিল্লী পোৱাগৈয়ে নাই ।

লগতে পঢ়কঃ মোচন হোৱা নাই বাঘজান বাসীৰ চকুলো

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, প্ৰথমতে কমিটি গঠন কৰিছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় আৰু সেই বাবে প্ৰতিবেদনত পয্যবেক্ষণ কৰা অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ । যদি কেন্দ্ৰীয় চৰকাৰে এই দায়িত্বৰ পৰা সাৰি ,ৰাজ্য চকাৰলৈ ঠেলি দিছে এইয়া স্পষ্ট প্ৰমাণ এই কমিটি গঠনত অসমৰ ৰাইজৰ আভুৱা ভৰাবলৈ হে কৰা হৈছিলে। তেওঁলোকৰ কোনো সদিচ্ছা নাই। দ্বিতীয়তে কমিটি গঠনৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই কমিটিৰ প্ৰতিবেদন সকলো সন্দৰ্ভত কাৰ্যকৰি কৰা হব। কিন্তু আজিৰ দিনত গুৰুত্ত্বহীন কৰি দিলে। তৃতীয়তে সাংসদ ছত্ৰপতি বিজেপি দলৰ লগত মুকলি ভাৱে জৰিয়ত। এজন মহাৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অসম বিজেপিৰ নেতা সকলৰ
মিথ্যাচাৰ কিয় ফাদিল কৰিলে ।

অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাত আটাইতকৈ ডাঙৰ বাধা অসম বিজেপিৰ খিলঞ্জীয়া নেতা সকলেই নেকি ? Conclusion:CAA প্ৰণয়ন কৰা সময়ত কমিটি গঠন নকৰা কৈ পোনপটীয়াকৈ আইন প্ৰণয়ন কৰিলে কিন্তু যেতিয়া খিলঞ্জীয়া সুৰক্ষা প্ৰদান কৰা কথা উঠে তেতিয়া কমিটি গঠন কৰিব চৰকাৰৰ কাৰ্যকাল শেষ হোৱা সময়ত ! আৰু প্ৰতিবেদন অহা সময়ত বহি থাকিব তাৰ পাছত কব যে, অহা নিৰ্বাচনৰ পাছত হে কাৰ্যকৰী কৰিব । যদি খিলঞ্জীয়া নাগৰিকক সমানেই অগ্ৰাধিকাৰ দিলে হেতেন তেতিয়া হলে খিলঞ্জীয়াক সুৰক্ষাৰ বাবে আইনে প্ৰণয়ন কৰিলে হয়,কমিটি গঠন কৰাৰ কোনো প্ৰয়োজন নাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.