ETV Bharat / city

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 27, 2022, 1:01 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

news@1
1 বজাৰ শীৰ্ষ দহটা বাতৰি

ভূপেন বৰা পানী নথকা ফায়াৰ ব্ৰীগেড : পীযুষ হাজৰিকা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ (Pijush Hazarika criticizes Bhupen Borah) ৷ বুধবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈছিল কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ খবৰ লাভ কৰি সংবাদ মাধ্যমে তেওঁৰ সৈতে মত বিনিময় কৰে ৷ সাংবাদিকে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে বিশেষকৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰে ৷

Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ (Covid 19 cases increase in Assam) ৷ বুধবাৰৰ দিনটোত অসমত ক’ৰণাত আক্ৰান্তৰ হাৰ আছিল 9.85% ৷ আনহাতে মৃত্যু হয় 21 জনকৈ লোকৰ ৷ ইফালে কামৰূপ মহানগৰীত বৃদ্ধি হৈয়ে আছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷

IITG Scholar found dead: আই আই টি গুৱাহাটীত ৰহস্যজনক মৃত্যু ওড়িশাৰ ছাত্ৰৰ

আই আই টি গুৱাহাটীত গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু(IIT Guwahati student found dead in hostel room) ৷ IIT গুৱাহাটীৰ হোষ্টেলৰ বিচনাত মূমূৰ্ষু অৱস্থাত উদ্ধাৰ ছাত্ৰজনক ৷

Padma Award to Dhaneswar Engti: জানো আহক বালিমাহীৰ কবিৰ মনৰ কথা

৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে অসমৰ দুগৰাকীকৈ বিশেষ ব্যক্তিলৈ আগবঢ়ালে ‘পদ্মশ্ৰী’ সন্মান ৷ কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সাহিত্যক আৰু গীতিকাৰ ধনেশ্বৰ ইংতি (Padma Shri award to Dhaneswar Engti)য়ে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত নিজৰ মত ব্যক্ত কৰিলে এইদৰে...

খটখটীত পিষ্টল সহ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক

বুধবাৰে নিশা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটীত পিষ্টল সহ এজন যুৱকক আটক কৰে (One person arrested with pistol at Khatkhati) আৰক্ষীয়ে ৷ ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ অজানা গাঁৱৰ ছাবিলা প্ৰসাদৰ পুত্ৰ মণ্টু প্ৰসাদ (৩০) ৷

Brahmaputra River Erosion: ধলা-ছৈখোৱাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

৮ কোটি পঞ্চাছ লাখ টকাৰে তিনিদিনৰ ভিতৰত গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ হ’ব ঢলা-ছৈখোৱাত ৷ ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ প্ৰতিশ্ৰুতি দিলে জলসম্পদমন্ত্ৰী পীযুষ হাজৰিকাই ৷ জামুগুৰিহাটতো আৰম্ভ হৈছে জীয়া ভৰলী নদীৰ বক্ষ খননৰ কাম ৷

গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদত বহিল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা

নামৰূপ ৰাসায়নিক সাৰৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোট শীঘ্ৰে মেৰামতি কৰাৰ দাবী আছুৰ ৷

Bandh-Free Republic Day: কূটাঘাত অবিহনে ৰাজ্যত পাৰ হ’ল গণতন্ত্ৰ দিৱস

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হয় গণৰাজ্য দিৱস (Republic Day celebration in Guwahati)। পুৱাই পত্নী পুত্ৰসহ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ দিনটো অসমৰ বাবে ইতিবাচক দিন । দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে । বিগত ১৫ আগষ্টতৰ দিনটোতো কোনো সংগঠনে বন্ধ ঘোষণা কৰা নাছিল । একেধৰনে আজি ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনটোতো কোনো দল সংগঠনে বন্ধ ঘোষণা কৰা নাই (No party call Assam Bandh on Republic Day)। এক প্ৰকাৰে সকলোৱে প্ৰতিশ্ৰুতি দিছে যে, গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে পালন হ’ব ।

Platinum Jubilee Celebration of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চসপ্ততিতম্‌ প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ৰাইজে সৃষ্টি কৰা উচ্চ শিক্ষাৰ এক পৱিত্ৰ মন্দিৰ (CM attends Gauhati University foundation day celebration programme) ৷

গঁড় দেখি বাঁহ গছত উঠিল কোন ?

মাজুলীত বৃহস্পতিবাৰৰ পুৱাই পুনৰ ওলাল গঁড় (Rhino roaming freely in Majuli) ৷ গঁড়টোৱে পোহনীয়া ম’হৰ সৈতে যুঁজ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.