ETV Bharat / city

Signing of Namsai Declaration: সীমা বিবাদ নিস্পত্তিৰ চেষ্টা: নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

author img

By

Published : Jul 15, 2022, 5:22 PM IST

অৰুণাচল প্ৰদেশৰ নামচাইত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ বৈঠক । অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্রীয়ে স্বাক্ষৰ কৰিলে ঘোষণাপত্ৰত(Signing of Namsai Declaration) । দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ৰ পৰা ৮৬খনলৈ সীমিত । ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিক সংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

গুৱাহাটী, ১৫ জুলাই: অসম-মেঘালয়ৰ মাজত থকা সীমা বিবাদক(Assam arunachal border conflict) লৈ দুয়োখন ৰাজ্যৰ মাজত চুক্তি সম্পাদিত হোৱাৰ পাছত এইবাৰ অসম আৰু অৰুণাচলৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়িছে দুয়োখন ৰাজ্য । আজি অৰ্থাৎ শুকুৰবাৰে অৰুণাচলৰ নামচাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত সীমা বিবাদক লৈ এখন বৈঠক অনুষ্ঠিত হয়(Meeting of CM of Assam and Arunachal at Namsai) । ইয়াৰ পূৰ্বে গুৱাহাটীত মুখ্যমন্ত্রী পৰ্যায়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল(CM-level meeting between Assam and Arunachal Pradesh) ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

আজিৰ বৈঠকত দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ খনৰ পৰা ৮৬খনলৈ সীমাবদ্ধ কৰাৰ পাৰস্পৰিক বুজাবুজিত উপনীত হোৱা হয় । লগতে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত বাকী থকা ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিক সংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ঘোষণাপত্ৰত স্বাক্ষৰ কৰে । এই ঘোষণাপত্ৰই দুয়োখন ৰাজ্যৰে বন্ধুত্ব আৰু ভাতৃত্ববোধৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, ‘আন্তঃৰাজ্যিক সীমা’ কেন্দ্ৰীয় চৰকাৰৰ বিষয় যদিও আজিৰ বৈঠকত অসমে মেঘালয়ৰ সৈতে বুজাবুজিত উপনীত হোৱাৰ আৰ্হিৰে অৰুণাচলৰ লগত বিবাদ নিষ্পত্তিৰ বাবে চলোৱা প্ৰচেষ্টাই এটা গতি লাভ কৰে । বৈঠকত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাক লৈ এখন বৈঠক অনুষ্ঠিত হৈছিল । লক্ষণীয় বিষয় যে, অসম আৰু মেঘালয়ৰ মাজত মুঠ ১২টা স্থান বিবদমান আছিল যদিও দুয়োখন ৰাজ্যই মন্ত্ৰী পৰ্যায়ত পৃথকে পৃথকে গঠন কৰা আঞ্চলিক কমিটীয়ে বিবদমান স্থানসমূহ পৰিদৰ্শন কৰি ৬টা স্থানৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হৈছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত ২৯ মাৰ্চত নতুন দিল্লীত চুক্তি সম্পাদিত হৈছে ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

একেই আৰ্হিত অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবাদমান এলেকাক লৈ সহমতত উপনীত হৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি চুক্তিত স্বাক্ষৰ কৰে । উল্লেখযোগ্য যে অসম-অৰুণাচলৰ সীমা বিবাদ দীৰ্ঘদিনীয়া হোৱাত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে । সেয়েহে দুয়োখন ৰাজ্যই ন্যায়ালয়ৰ বাহিৰত থাকি সীমা সমস্যা সমাধানৰ বাবে নীতিগত সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

অসম-মেঘালয়ৰ সীমা বিবাদ মীমাংসা কৰাৰ দৰে অসম-অৰুণাচলেও ১২খন আঞ্চলিক কমিটী গঠন কৰিছে । এই আঞ্চলিক কমিটীয়ে দুয়োখন ৰাজ্যই দাবী কৰাৰ ফলত বিবদমান বুলি চিহ্নিত হৈ থকা ১২৩খন গাঁও যৌথভাৱে পৰিদৰ্শন কৰিব । অৱশ্যে আজিৰ বৈঠকত বিবাদমান গাঁৱৰ সংখ্যা ৮৬ লৈ সীমিত কৰা হয় । বৈঠকত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইৰ লগতে কেইবাজনো মন্ত্রীয়ে অংশগ্ৰহণ কৰে । আনহাতে বৈঠকত অসমৰ মন্ত্রী অতুল বৰা, অশোক সিংহাল, পীযুষ হাজৰিকা, বিমল বৰা, সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক তৰংগ গগৈ আৰু বলীন চেতিয়া উপস্থিত আছিল ।

Signing of Namsai Declaration
নামচাইত মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

উল্লেখ্য যে, দুয়োখন ৰাজ্যই পৰস্পৰৰ বিৰুদ্ধে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে । অসমৰ সীমা অতিক্ৰম কৰি গাঁও স্থাপন কৰাৰ অভিযোগ অসমৰ সীমামূৰীয়া ৰাইজে অৰুণাচলৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে । অসম চৰকাৰৰ ৰাজহ বিভাগৰ হাতত অৰুণাচলৰ সীমান্তত থকা অসমৰ ৮খন জিলাৰ ভিতৰত ৬খন জিলাৰ মাটি দখল কৰাৰ তথ্য আছে । ওদালগুৰি আৰু তিনিচুকীয়া জিলাৰ মাটিত অৰুণাচলৰ দখল নাই । কিন্তু ইয়াৰ বিপৰীতে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১.০০ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড় জিলাত ১০ হেক্টৰ আৰু চৰাইদেউ জিলাত ৬০২.০১ হেক্টৰ অসমৰ মাটি অৰুণাচলে দখল কৰাৰ তথ্য ৰাজহ বিভাগৰ হাতত আছে ।

লগতে পঢ়ক : Mahua Moitra controversy: গগৈৰ নাম লৈ বিতৰ্কত সাংসদ মহুৱা মৈত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.