ETV Bharat / city

গুৱাহাটীত অসম সংগ্ৰামী যুৱ মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2020, 10:38 PM IST

অতি শীঘ্ৰে নগাঁও আৰু কাছাৰ কাগছ কল দুটাৰ উৎপাদন আৰম্ভ কৰিবলৈ দাবী জনায় সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম সংগ্ৰামী যুৱ মঞ্চ অসম নামৰ সংগঠনটোৱে ৷

Protest of Assam Sangrami Yuva Mancha
গুৱাহাটীত অসম সংগ্ৰামী যুৱ মঞ্চৰ প্ৰতিবাদ

গুৱাহাটী,14ছেপ্টেম্বৰ : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে অসম সংগ্ৰামী যুৱ মঞ্চ অসম নামৰ সংগঠনটোৱে ৷ নেচনেল কোম্পানী ল' টিবিউনেলে যাতে নগাঁও আৰু কাছাৰ কাগছ কল দুটা দেউলীয়া ঘোষণা কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷

গুৱাহাটীত অসম সংগ্ৰামী যুৱ মঞ্চৰ প্ৰতিবাদ

অন্য এক খবৰৰ বাবে: হামৰেণত উদ্ধোধন বহু চৰকাৰী গৃহ

সংগঠনটোৰ সদস্যসকলে জনোৱা অনুসৰি,৪৫ মাহে দৰমহা পোৱা নাই কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ৷ যাৰ বাবে আৰ্থিক অনাটনত পৰিছে বহু পৰিয়াল ৷ বৰ্তমানলৈকে ৮০ জনতকৈ অধিক লোকে চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিছে,বহুজনেও আত্মহত্যাও কৰিছে ৷ সেয়েহে অতি শীঘ্ৰে কাগজ কল দুটাৰ উৎপাদন আৰম্ভ কৰিবলৈ দাবী জনায় সংগঠনটোৰ সদস্যসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.