ETV Bharat / city

গুৱাহাটীত উপস্থিত GMCH ৰ শিশু সন্ধানহীন ঘটনাৰে নাম সাঙোৰ খোৱা বিভাৰাণী ঠাকুৰীয়া

author img

By

Published : Apr 27, 2022, 10:31 PM IST

১৩ এপ্ৰিলৰ কাহিলিপুৱা জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ অপহৰণৰ (Baby goes missing from GMCH) ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল বিভাৰাণী ঠাকুৰীয়াৰ ৷ বিভাৰাণী ঠাকুৰীয়া শুৱালকুচি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এএনএমৰ নাৰ্চ ৷ পাঁচদিনৰ ছুটি লৈ পুনৰ কামত যোগদান নকৰাত তেওঁৰ ওপৰত উঠিছিল সন্দেহৰ আঙুলি ।

child-kidnapper-in-gmch-vibharani-thakuria-arrived-in-guwahati
বিভাৰাণী ঠাকুৰীয়া গুৱাহাটীত উপস্থিত

গুৱাহাটী, ২৭ এপ্ৰিল : গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ(Gauhati Medical College Hospital) পৰা ৭মহীয়া শিশু সন্ধানহীন(Baby goes missing from GMCH) হোৱা ঘটনাৰে নাম সাঙোৰ খোৱা নাৰ্ছ বিভাৰাণী ঠাকুৰীয়া বুধবাৰে গুৱাহাটীত উপস্থিত হয় । চেন্নাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈয়ে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হয় শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এএনএম হিচাপে কৰ্মৰত নাৰ্চগৰাকী ৷ বিভাৰাণী ঠাকুৰীয়াই ২১ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ ছুটি লৈ পুনৰ কামত যোগদান নকৰাত সমগ্ৰ ঘটনাৰে তেওঁৰ নাম সাঙুৰ খাই পৰিছিল ।

ইফালে গুৱাহাটীত উপস্থিত হৈ বিভাৰাণী ঠাকুৰীয়া কয় যে, মই নিজেই জনা নাই আচলতে কি হৈছে । দুই-তিনিটা বছৰ জিএমচিএইচলৈ যোৱা নাই । কি শিশু হেৰাইছে একো জনাও নাই । পাঁচদিন চুটি লৈছিলোঁ, হঠাৎ যাব লগা হ’ল চেন্নাইলৈ । মোৰ নামটো কোনে আনিছে সেইয়া তদন্ত হ’ব লাগে । চেন্নাইলৈ মোৰ ভাইটিৰ কিডনী চিকিৎসা বাবে গৈছিলো’’ ।

গুৱাহাটীত উপস্থিত GMCH ৰ শিশু সন্ধানহীন ঘটনাৰে নাম সাঙোৰ খোৱা বিভাৰাণী ঠাকুৰীয়া

এএনএমৰ নাৰ্চগৰাকীয়ে এপল’ হাস্পতালৰ জৰুৰীকালীন বিভাগত থকাৰ কথা উল্লেখ কৰি, প্ৰমানো দাখিল কৰাৰ কথা জানিবলৈ দিয়ে ৷ তাৎপৰ্যপূৰ্ণ যে, জিএমচিএইচত চিকিৎসাধীন হৈ থকা এটি ৭মহীয়া শিশু ৰঙালী বিহুৰ পূৰ্বে এগৰাকী মহিলাই লৈ উধাও হৈছিল । হাস্পতালৰ চিচিটিভিৰ ফুটেজত শিশুটিক এগৰাকী মহিলাই লৈ যোৱাৰ ফুটেজ ধৰা পৰিছিল ৷

ইয়াৰ পাছতেই মহিলাগৰাকী সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও বর্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীক । ইফালে নিৰুদ্দেশ হৈ থকা শিশুটিও বৰ্তমান সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক : GMCH ৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.