ETV Bharat / city

New SOP in Assam: ভোগালীৰ আনন্দত ক’ভিডৰ অগা-ভেটা

author img

By

Published : Jan 7, 2022, 9:00 PM IST

New SOP in Assam
ভোগালীৰ আনন্দত ক’ভিডৰ অগা-ভেটা ভোগালীৰ আনন্দত ক’ভিডৰ অগা-ভেটা

দুৱাৰডলিত ৰৈ থকা ভোগালী বিহুক প্ৰত্যাহ্বান জনাবলৈ পুনৰ গা কৰি উঠিছে কাল কৰ’ণা ৷ তাৰ মাজতে ক’ৰণাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণে কেউফালে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ ফলত ৰাজ্য চৰকাৰে শুকুৰবাৰে ঘোষণা কৰিলে নতুন SOP (New SOP in Assam) ৷ এই নতুন এছ অ’ পিয়ে ভোগালীৰ আনন্দত পেলাব নিশ্চিত প্ৰভাৱ ৷

নিউজ ডেস্ক, 7 জানুৱাৰী : ভোগৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ সমগ্ৰ অসমীয়া জাতিয়ে হেঁপাহেৰে বাট চাই ৰোৱা ভোগালী বিহুক দুৱাৰডলিতে যেন আগভেটি ধৰিলে কাল কৰ’ণাই ৷ বিহুলৈ মাত্ৰ এটা সপ্তাহ বাকী থকাৰ সময়তে শুকুৰবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP (New SOP in Assam) ৷ এই এছ অ’ পিয়ে বিহু উদযাপনৰ ক্ষেত্ৰত আনিলে বহু বাধ্যবাধকতা (New sop on covid restricts uruka celebration) ৷

ভোগালী বিহুৰ উৰুকা নিশাৰ আনন্দ সমাপ্ত কৰিব লাগিব 10 বজাৰ পূৰ্বে ৷ সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-19এ পুনৰ গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নতুন SOPৰ জড়িয়তে দিলে এই নিৰ্দেশনা ৷ অৰ্থাৎ উৰুকাৰ নিশা 10 বজাৰ পূৰ্বেই ভোজ-ভাত খাই ত্যাগ কৰিব লাগিব ভেলাঘৰ ৷ পূৰ্বৰ দৰে ওৰে নিশা কটাব নোৱাৰিব ভেলাঘৰত ৷

আনহাতে, এই নতুন SOP-ৰ জড়িয়তে সলনি কৰা হৈছে সান্ধ্য-আইনৰ সময় ৷ 11 বজাৰ পৰিৱৰ্তে এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ থাকিব হ’ব সান্ধ্য-আইন ৷ ফলত পুৱা 6 বজাৰ পিছতহে এইবাৰ প্ৰজ্বলন কৰিব পাৰিব মেজি ৷

ভোগালী বুলিলেই বজাৰত ভিৰ ৷ কিন্তু এইবেলি বিহুৰ ভোগৰ বাবে বজাৰ-সমাৰ কৰাৰ ক্ষেত্ৰত পালন কৰিব লাগিব ক’ভিড নীতি ৷ বিহুৰ বজাৰত হোৱা সমাগমৰ প্ৰতি চোকা দৃষ্টি নিক্ষেপ কৰি থাকিব প্ৰশাসনে ৷ অন্যান্য খাদ্য-সামগ্ৰীৰ বজাৰৰ লগতে বিশেষকৈ মাছ-মাংসৰ দোকানৰ জনাসমাগম নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে ৷

প্ৰয়োজন সাপেক্ষে স্বেচ্ছাসেৱক নিয়োগ কৰাৰো নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷ ফলত উৰুকাৰ বজাৰৰ বাবে হাট-বজাৰত উপযুক্ত শাৰীৰিক দূৰত্ব মানি চলিব লাগিব ৷ ইয়াৰ লগতে ঘৰৰ বাহিত ওলালেই পৰিধান কৰিব লাগিব মাস্ক ৷ ক’ভিডক ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ তৎপৰ হোৱা ৰাজ্য চৰকাৰে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা ৷

গ্ৰহণ কৰিব লাগিব দুয়োপালি ক’ভিড প্ৰতিষেধক ৷ অন্যথা বিহুৰ বতৰত ঘৰৰ ভিতৰতে হৈ থাকিব লাগিব আৱদ্ধ ৷ কৃষিজীৱি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ আনন্দ ম্লান কৰিবলৈ ভূতৰ দানহ পৰা দি পৰিলহি ক’ৰণাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণ ৷ যাৰ সংক্ৰমণৰ ক্ষমতা পূৰ্বতকৈ অধিক বেছি ৷ তেনেস্থলত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া হোৱা কঠোৰ নীতি-নিৰ্দেশনাই যে, এইবেলিৰ ভোগালী বিহুক কেৱল নিয়ম মাফিক কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক: New SOP in Assam: কি কি আছে নতুন SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.