ETV Bharat / city

National Games 2022: লনবলত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে

author img

By

Published : Oct 5, 2022, 2:05 PM IST

Mridul Borgohain wins medal at National Game in Gujarat
লনবলত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে

গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য । এই সাফল্যৰ মাজতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা পুনৰ অসমলৈ আহিল আন এটা ভাল খবৰ ৷ লনবলত ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে (Mridul Borgohain wins medal at National Game) ।

গুৱাহাটী, ৫ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য । এই সাফল্যৰ মাজতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা পুনৰ অসমলৈ আহিল আন এটা ভাল খবৰ ৷ লনবলত দ্বিতীয়তো পদক অসমৰ মৃদুল বৰগোঁহাইৰ (Mridul Borgohain wins medal at National Game) । ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে ।

পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে লন বলত অসমক দ্বিতীয়টো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে । ইফালে, তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ফাইনেলত ঝাৰখণ্ডৰ মুখামুখি হয় যদিও ১১-২৩ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইয়া লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয়ী অসম কন্যা নয়নমণি শইকীয়াই ছেমি ফাইনেলত ঝাৰখণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জ পদক লাভ কৰে (Nayanmani Saikia wins bronze medal in lawn ball) । উল্লেখ্য যে, মঙলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিছিল অম্লান বৰগোহাঁইয়ে (Amlan Borgohain wins gold medal at National Game) । ২০০ মিটাৰ দৌৰ ২০.৫৫ ছেকেণ্ডত সম্পূৰ্ণ কৰি স্বৰ্ণ জয় কৰে অসমৰ অম্লান বৰগোহাঁইয়ে (Amlan Borgohain Sets New 100m National Record) । আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসে মঙলবাৰে ২০০ মিটাৰ দৌৰত লাভ কৰে ৰূপৰ পদক । তেওঁ এই দৌৰ ২৩.৬১ ছেকেণ্ডত সম্পূৰ্ণ কৰে ।

তদুপৰি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ জলক্ৰীড়াত অসমৰ আস্থা চৌধুৰীয়ে সোণ আৰু বিক্ৰম চাংমাইয়ে ৰূপৰ পদক লাভ কৰিছে । ভাৰোত্তোলনত অসমৰ তাৰকা খেলুৱৈ পপী হাজৰিকাই লাভ কৰিছে ৰূপৰ পদক । ইফালে অসমক ৰূপৰ পদক দিছে নৱাগত চাইক্লিষ্ট চয়নিকা গগৈয়ে । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । আন বহুকেইটা ইভেণ্টত অসমে আৰু কেইবাটাও পদক লাভৰ সম্ভাৱনা আছে (National Games in Gujarat) ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত সন্ধানহীন অসমৰ দীপশিখা হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.