ETV Bharat / city

জলসম্পদ বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Aug 26, 2021, 9:38 AM IST

জলসম্পদ বিভাগৰ সকলো কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কৰিব বিভাগে । বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ।

Minister Piyush Hazarika launches sapling plantation programme of water resources department
মন্ত্ৰী পীযুষ হাজৰিকা

গুৱাহাটী, 26 আগষ্ট : স্বাধীনতাৰ হীৰক জয়ন্তী (অমৃত মহোৎসৱ) উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানমৰ্মে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বৰ্তমান বৰ্ধিত গোলকীয় উষ্ণতা আৰু ভূমি সংৰক্ষণৰ বাবে গছ ৰোপণ খুবেই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক সমগ্ৰ অসমজুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ।

Minister Piyush Hazarika launches sapling plantation programme of water resources department
গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ

মন্ত্ৰীগৰাকীয়ে কয় যে, আমি যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে সচেতন নহও, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব । গছপুলি ৰোপণৰ আগমুহুৰ্তত অনুষ্ঠিত বিভাগীয় সভাত মন্ত্ৰীগৰাকীয়ে কয়- বিগত দুটা বছৰত তেওঁ নিজৰ পৰিয়াল আৰু সমষ্টিৰ অনুগতসকলৰ সৈতে জাগীৰোড সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 6 হাজাৰ গছপুলি ৰোপণ কৰিছিল ৷ তাৰে এজাহাৰ নষ্ট হোৱাত এইবাৰ পুনৰ ৰোপণ কৰা হৈছে ।

Minister Piyush Hazarika launches sapling plantation programme of water resources department
গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

আনহাতে জলসম্পদ বিভাগৰ হাতত অসমৰ এক ডাঙৰ সমস্যা বান-খহনীয়াৰ সমাধানৰ দায়িত্ব ন্যস্ত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় । গছপুলি ৰোপণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.