অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

author img

By

Published : Aug 25, 2021, 8:39 PM IST

assam-meghalaya-inter-state-border-conflict

অসমৰ প্ৰতিটো সীমান্ততে এতিয়া উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ অসম-নাগালেণ্ড, অসম-মিজোৰাম, অসম-মেঘালয়, অসম-অৰুণাচল সীমান্তত এতিয়াও অব্যাহত আছে অসমৰ ভূমি বেদখল ৷ শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত যি হিংসাত্মক ঘটনা সংঘটিত হ’ল তাৰপাচতো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ডিফু, ২৫ আগষ্ট : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলত বুধবাৰে পুনৰ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ । শতাধিক খাচী লোকে উমলাফেৰ অঞ্চলত প্ৰৱেশ কৰাৰ অপচেষ্টা চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে উত্তেজনাই ।

অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

জানিবপৰা মতে, আকস্মিকভাৱে খাচী লোকৰ বৃহৎ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়ত সীমান্তত থকা অসমৰ লোকে দলটোৰ প্ৰৱেশত বাধা আৰোপ কৰাক লৈ উত্তেজনা সৃষ্টি হয় । ইপিনে সীমান্তত উপস্থিত হোৱা খাচী লোক সকল শান্তি আলোচনাৰ উদ্দেশ্যৰে অহা বুলি তেওঁলোকে প্ৰকাশ কৰিছে যদিও সেয়া ৰহস্যময় হৈ আছে ।

আনহাতে, সীমান্তৰ অসমৰ ভূমিত খাচী লোকৰ প্ৰৱেশক লৈ সীমান্তবাসী নিৰাপত্তা হীনতাত ভুগি থকা বুলিও জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ এটা দলে খাচী লোকৰ দলটোক উভতাই পঠাইছে ।

লগতে পঢ়কঃ মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

লক্ষণীয় যে, উমলাফেৰত অসম আৰক্ষীৰ দলটোৰ লগত মেঘালয় আৰক্ষীৰ মাজতো কথাৰ কটাকটি হোৱা দেখা যায় । অৱশ্যে অসম আৰক্ষীৰ তৎপৰতাত খাচী লোক সকল উভতি যোৱাত সীমান্তবাসী অসমীয়াই অসম আৰক্ষী জিন্দাবাদ, মেঘালয় আৰক্ষী মুর্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে, সোমবাৰে দুগৰাকী খাচী লোকক উমলাফেৰ পহৰা চকীৰ আৰক্ষীয়ে তালাচী চলোৱাৰ ঘটনাৰ পিছৰ পৰা সীমান্তত আৰম্ভ হৈছিল উত্তেজনাময় পৰিস্থিতিৰ । আনহাতে সীমান্তত অব্যাহত থকা উত্তেজনাক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন তেৰনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

মনকৰিবলগীয়া যে, কেৱল অসম-মেঘালয় সীমান্তই নহয় কিছু দিন পূৰ্বে অসম-মিজোৰাম সীমান্ততো এক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ তাৰপাচতো সীমান্ত সমস্যা সামধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বিষয়টোৰ গম্ভীৰতা উপল্লব্ধি নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷


লগতে পঢ়কঃ অসমীয়াৰ স্বাভিমান গামোচাক অপমান; ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.